যখাৰ পটাছিয়ামৰ এবিধ যৌগ। ইয়াৰ ৰাসায়নিক নাম পটাছিয়াম নাইট্ৰেট (KNO3)। ই পটাছিয়াম আয়ন K+ আৰু নাইট্ৰেট আয়ন NO3− ৰ আয়নিক লৱণ, আৰু সেইবাবে এটা ক্ষাৰকীয় ধাতু নাইট্ৰেট। প্ৰকৃতিত ইয়াক নাইটাৰ (niter) নামৰ এক খনিজ পদাৰ্থ হিচাপে পোৱা যায়। যখাৰ বুলিলে পটাছিয়াম নাইট্ৰেটৰ লগতে আন কিছুমান নাইট্ৰ'জেন যৌগকো বুজায়।
বৈশিষ্ট্য
যখাৰ এবিধ বগা স্ফটিকাকাৰ পদাৰ্থ। সৰহীয়াকৈ যখাৰ উৎপাদন কৰিবলৈ পটাছিয়াম ক্ল'ৰাইড আৰু ছ'ডিয়াম নাইট্ৰেটৰ দ্ৰৱ তপত অৱস্তহত মিহলি কৰিব লাগে। তেতিয়া ৰাসায়নিক বিক্ৰিয়া ঘটি যখাৰ উৎপন্ন হয়। যখাৰ পানীত মধ্যমীয়াকৈ দ্ৰৱণীয়, কিন্তু তাপমাত্ৰা বাঢ়িলে দ্ৰৱণীয়তাও বাঢ়ে। এই গুণটোৰ সহায়ত পানীৰ পৰা যখাৰ নিষ্কাষণ কৰা হয়। যখাৰৰ উৎপাদন হওঁতে পানী গৰম অৱস্থাত থাকে। পানী চেঁচা হৈ অহাৰ লগে লগে ই বেছি পৰিমাণে যখাৰ দ্ৰৱ অৱস্থত ৰাখিব নোৱাৰে আৰু যখাৰৰ অধঃক্ষেপণ হ'বলৈ ধৰে।১
ই এলকহলত দ্ৰৱণীয় নহয় আৰু বিষাক্তও নহয়। বিশেষ ৰাসায়নিক পদাৰ্থৰ লগত ই বিস্ফোৰক বিক্ৰিয়া কৰে কিন্তু অকলে বিস্ফোৰক নহয়।২
ব্যৱহাৰ
খাৰ-বাৰুদ আৰু আতচবাজী আদি তৈয়াৰ কৰিবৰ বাবে যখাৰ ব্যৱহাৰ কৰা হয়। মাংস সংৰক্ষণৰ কামতো ইয়াক প্ৰাচীন কালৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে।৩। পটাছিয়াম আৰু নাইট্ৰ'জেন উদ্ভিদৰ বাবে প্ৰয়োজনীয় বাবে ই এবিধ উৎকৃষ্ট সাৰ। সংবেদনশীল দাঁতৰ বাবে আজিকালি ইয়াক টুথপেষ্টৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।৪

বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ দাস, ভুবনমোহন (সম্পাদনা). (১৯৮৭). প্ৰাথমিক বিজ্ঞান কোষ- চতুৰ্থ খণ্ড. অসম বিজ্ঞান সমিতি. পৃ. ১২১
- ↑ B. J. Kosanke; B. Sturman; K. Kosanke. (2004). Pyrotechnic Chemistry. Journal of Pyrotechnics. পৃ. 5–6. ISBN 978-1-889526-15-7
- ↑ Binkerd, E. F; Kolari, O. E. (1975-01-01). The history and use of nitrate and nitrite in the curing of meat. Food and Cosmetics Toxicology. পৃ. 655–661
- ↑ (2008-08-03). Sensodyne Toothpaste for Sensitive Teeth
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যখাৰ” প্ৰবন্ধৰ সংশোধন ৫৬১৪৮৪ (৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।