অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সাগৰ সংগমে

সাগৰ সংগমে ( Sagar Sangamey ) ১৯৫৯ চনত মুক্তি পোৱা আৰু দেৱকী বসু পৰিচালিত এখন বঙালী চলচ্চিত্ৰ। ছবিখনে ১৯৫৯ চনত সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি, শ্ৰেষ্ঠ শিশুশিল্পী আৰু শ্ৰেষ্ঠ বঙালী ভাষাৰ ছবি শিতানত তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

হালনাগাদ: ১৪ এপ্ৰিল ২০২৫ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সাগৰ সংগমে ( Sagar Sangamey ) ১৯৫৯ চনত মুক্তি পোৱা আৰু দেৱকী বসু পৰিচালিত এখন বঙালী চলচ্চিত্ৰ। ছবিখনে ১৯৫৯ চনত সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি, শ্ৰেষ্ঠ শিশুশিল্পী আৰু শ্ৰেষ্ঠ বঙালী ভাষাৰ ছবি শিতানত তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ৯ম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱতো ছবিখন প্ৰদৰ্শিত হৈছিল।১

কাহিনীৰ সাৰাংশ

দাক্ষায়নী ব্ৰাহ্মণ জমিদাৰ ঈশ্বৰ দুৰ্গেশ্চন্দ্ৰ মুখোপাধ্যায়ৰ বিধবা পত্নী। গংগা সাগৰত তীৰ্থ কৰাৰ উদ্দেশ্যে তেওঁ কলকাতালৈ আহে আৰু নাৱেৰে গংগা সাগৰ দ্বীপলৈ যাত্ৰাৰম্ভ কৰে। নাৱখন যাত্ৰীৰে ঠাহখোৱা আৰু পৰিবেশো তেনেই অস্বাস্থ্যকৰ। একেখন নাৱেৰেই গংগা সাগৰলৈ মাকৰ সৈতে যাত্ৰা কৰিছিল বাতাসী নামৰ এজনী সৰু ছোৱালীয়ে। বাতাসীৰ আচাৰ-আচৰণত দাক্ষায়নী তীক্ত-বিৰক্ত হৈ উঠে। বাতাসীক দেখিলেই বুজিব পাৰি তাই এখন পিছপৰা সমাজৰ পৰা আহিছে।

গৈ থাকোঁতে সামুদ্ৰিক ধমুহাত নাৱখন বিধ্বস্ত হৈ পৰে। দাক্ষায়নীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি, সকলো খং-ক্ষোভ পাহৰি সোঁতত উটি যোৱা বাতাসীক উদ্ধাৰ কৰে। তাইক সাগৰ দ্বীপৰ শিবিৰৰ হাস্পাতালত ভৰ্তি কৰোঁৱা হয়। ইতিমধ্যে দুৰ্ঘটনাত তাইৰ মাকৰ মৃত্যু হৈছিল। ইফালে দাক্ষায়নীয়ে আধাৰুৱা তীৰ্থযাত্ৰা সম্পূৰ্ণ কৰিবলৈ নাও এখন ভাৰা কৰে। এনেতে শিবিৰৰ ডাক্তৰে তেতিয়াও জ্ঞান ঘূৰি নহা বাতাসীৰ সম্পূৰ্ণ নাম-ঠিকনা লিখি দিবলৈ দাক্ষায়নীলৈ প্ৰপত্ৰ এখন আগবঢ়াই দিয়ে। প্ৰপত্ৰখন লৈ তেওঁ বাতাসীৰ মাক আৰু দেউতাকৰ নামৰ ঠাইত লিখে ক্ৰমে ‘শ্ৰীমতী দাক্ষায়নী দেৱী’ আৰু ‘ঈশ্বৰ দুৰ্গেশচন্দ্ৰ মুখোপধ্যায়’।২

অভিনয়শিল্পী

  • ভাৰতী দেৱী
  • মঞ্জু অধিকাৰী
  • জহৰ ৰায়
  • নিতিশ মুখোপধ্যায়
  • শৈলেন গংগোপধ্যায়
  • তুলসী লাহিৰী
  • মনোৰমা দেৱী
  • নিভাৰাণী দেৱী
  • মাষ্টাৰ বিভু
  • অমৰ পাল
  • মহম্মদ ইজৰায়েল

বঁটা

১৯৫৯- ৬ষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা২

  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক
  • শ্ৰেষ্ঠ বঙালী ছবিৰ ৰাষ্ট্ৰপতিৰ ৰৌপ্যপদক
  • শ্ৰেষ্ঠ শিশুশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা- মঞ্জু অধিকাৰী

১৯৫৯- বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

  • শ্ৰেষ্ঠ ছবিৰ গোল্ডেন বিয়েৰৰ বাবে মনোনীত

তথ্যসূত্ৰ

  1. ↑ IMDB.com: Awards for The Holy Island. imdb.com
  2. ↑ (২৮-৪-১৯৫৯). ৬ষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

সম্পৰ্কিত শ্ৰেণী

১৯৫৯ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাগৰ সংগমে” প্ৰবন্ধৰ সংশোধন ৫০৩৬০১ (১৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।