অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয়

নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয় (Natural History Museum of Nepal) বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বয়ম্ভুনাথৰ ওচৰত অৱস্থিত। সংগ্ৰহালয়ট‍ি ১৯৭৫ চনত স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰা সংগ্ৰহালয়টিয়ে‍ নেপালৰ উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰৰ ৫০,০০০ নমুনা সংগ্ৰহ কৰিছে।

হালনাগাদ: ১ আগষ্ট ২০২৫ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয় (Natural History Museum of Nepal) বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বয়ম্ভুনাথৰ ওচৰত অৱস্থিত। সংগ্ৰহালয়ট‍ি ১৯৭৫ চনত স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰা সংগ্ৰহালয়টিয়ে‍ নেপালৰ উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰৰ ৫০,০০০ নমুনা সংগ্ৰহ কৰিছে।১

প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ পত্ৰিকা

নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয়‍ে ১৯৭৭ চনৰ পৰা প্ৰতি বছৰে এখন পত্ৰিকা প্ৰকাশ কৰি আহিছে। জাৰ্ণেল অৱ নেচাৰেল হিষ্ট্ৰী মিউজিয়াম নামৰ এই পত্ৰিকাখন হৈছে নেপালৰ প্ৰকৃতি সম্পৰ্কীয় আটাইতকৈ পুৰণি পত্ৰিকা। সংগ্ৰহালয়টিয়ে‍ নেপালৰ বন্যপ্ৰাণী বিষয়ক অসংখ্য কিতাপ আৰু ফিল্ড গাইড প্ৰকাশ কৰিছে।

এন.এইচ.এম. আৰু চি.আই.টি.ই.এছ.

এই সংগ্ৰহালয়টি হৈছে চাইটছ (বিপন্ন প্ৰজাতিৰ বন্যপ্ৰাণী আৰু উদ্ভিদৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সন্মিলন)ৰ বাবে নেপালৰ প্ৰাণীৰ বৈজ্ঞানিক কৰ্তৃপক্ষ। ই শিক্ষক, শিক্ষাৰ্থী আৰু নেপালৰ সংৰক্ষণ ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে চাইটছ সম্পৰ্কীয় বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে।২

নমুনা

প্ৰদৰ্শনীত পখিলাৰ সংগ্ৰহ
প্ৰদৰ্শনীত পখিলাৰ সংগ্ৰহছবি: Public domain

সংগ্ৰহালয়টিৰ বিশাল সংগৃহীত নমুনাসমূহ হৈছে নেপালৰ জীৱ বৈচিত্ৰ্যৰ এক ভাণ্ডাৰ। ইয়াত পখিলা আৰু মথৰ ১৪,৮৪৩টা নমুনা, ভেঁকুৰৰ ৪.১৪২টা নমুনা, ড্ৰেগনফ্লাইৰ ১,৪৬৪টা নমুনা আৰু অন্যান্য পোক-পতংগ ১,৬০৪টা নমুনা আছে‍। ইয়াত নিম্ন কৰ্ডেটৰ ছয়টা নমুনা, মাছৰ ৮৯০টা নমুনা, উভচৰ প্ৰাণীৰ ১০৭টা নমুনা, সৰীসৃপৰ ৩৯০টা নমুনা আৰু চৰাইৰ ১,১৯৪টা নমুনা আছে। সংগ্ৰহালয়টিত স্তন্যপায়ী প্ৰাণীৰ সংগৃহীত নমুনাৰ সংখ্যা মুঠ ২২৫টা। ইয়াত ৯৬৪টা জীৱাশ্ম আৰু জীৱ-জন্তুৰ শৰীৰৰ অংশৰ উপৰিও ২২টা কংকালৰ নমুনাও আছে। সংগ্ৰহালয়টতি‍ প্লাষ্টিক-মাটিৰ ১০৭টা আৰু শিল আৰু খনিজ পদাৰ্থৰ ৭৪টা মডেল আছে। সংগ্ৰহালয়ৰ উদ্ভিদ আৰু মাইকোলজিকেল সংগ্ৰহসমূহ সমানেই আকৰ্ষণীয়। ইয়াত শৈবাল (১২৪টা), ভেঁকুৰ আৰু কাঠফুলা (২,৩২০টা), লাইকেন (৬১টা), ব্ৰায়'ফাইটে (১,১২৪টা) টেৰিডোফাইট (৫০৭টা), জিমনোস্পাৰ্ম (১৬৩টা) আৰু এঞ্জিঅ'স্পাৰ্ম (৫,০৩৪টা) নমুনা আছে‍।

সংগ্ৰহালয়টোত নেপালৰ একমাত্ৰ স্থানীয় চৰাই প্ৰজাতি কাঁইটযুক্ত বেবলৰৰ নমুনাও আছে। চীনৰ পৰা অহা বিদেশী চৰাই গোল্ডেন ফেজেণ্টৰ এটা নমুনাও প্ৰদৰ্শিত কৰা হৈছে।২ ইয়াৰ লগতে প্ৰদৰ্শন কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ মথ প্ৰজাতি এটলাছ মথৰ এটা নমুনা।২

বিলুপ্ত প্ৰজাতিৰ নমুনা

এটা টেক্সিডাৰ্মাইড মাউছ হৰিণ
এটা টেক্সিডাৰ্মাইড মাউছ হৰিণছবি: Biswarup Ganguly · CC BY-SA 3.0

এই সংগ্ৰহালয়টোৱেই হৈছে মাউছ হৰিণৰ (ভাৰতীয় চেভৰোটেন) নমুনা দেখাৰ একমাত্ৰ স্থান, যিটো নেপালৰ পৰা ইতিমধ্য‍ে বিলুপ্ত হোৱা বুলি ধাৰণা কৰা হয়।

অদ্ভুত নমুনা

সংগ্ৰহালয়টোত কিছুমান বিচিত্ৰ নমুনা আছে, তাৰ ভিতৰত এটা ছাগলীৰ আঠখন ঠেংযুক্ত ভ্ৰূণ, এটা চাৰিখন ঠেং থকা কুকুৰা আৰু এটা দুই মূৰৰ সাপ আছে।

জীৱাশ্ম

''আৰ্কিডিস্কডন'' এক ঊলি ম্যামথৰ আত্মীয়
আৰ্কিডিস্কডন এক ঊলি ম্যামথৰ আত্মীয়ছবি: Benjamin Waterhouse Hawkins · Public domain

সংগ্ৰহালয়টোত দেশখনৰ প্ৰাক-ঐতিহাসিক সময়ৰ কিছুমান অৱশেষও আছে। নেপালৰ শিৱালিক পাহাৰত ঘূৰি ফুৰা হাতীৰ এটা প্ৰজাতি আৰ্কিডিস্কডন ৰ এটা জীৱাশ্মযুক্ত জঁকা আছে। আন এক প্ৰাচীন নমুনা হৈছে শিৱাপিথেকাছ, এক হোমিনয়েডৰ পোষক দাঁত। এটা জঁকা আৰু দাঁতবোৰ ক্ৰমে প্ৰায় ৩ নিযুত বছৰ আৰু ৮-১০ নিযুত বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়।

বিৰল আৰু বিপদাপন্ন প্ৰজাতি

সংগ্ৰহালয়টিত বিৰল আৰু বিপদাপন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ নমুনাও আছে। তাৰ ভিতৰত আছে‍ বৰ ধনেশ, সেউজীয়া বুকুৰ পিট্টা, পেলিকান, ফ্লেমিংগো, পেইণ্টেড ষ্ট্ৰোক, ব্লেক-ক্ৰাউনড নাইট হেৰন, ব্ৰাউন-উড পেঁচা, ক্ৰেষ্টেড চাৰ্পেণ্ট ঈগল আদি চৰাইবোৰৰ কিছু নমুনা। পেন্থেৰা টাইগ্ৰিনা আৰু মনিছ পেণ্টাডেক্টিলা (চীনা পেঙ্গোলিন)ৰ দৰে বিলুপ্তপ্ৰায় প্ৰজাতিবোৰো ইয়াত ৰখা হৈছে।

মতা সোণালী ময়ূৰ
মতা সোণালী ময়ূৰছবি: en:User:Sselbor at en.wikipedia · Public domain
এটলাছ মথ
এটলাছ মথছবি: Martin · CC BY-SA 2.0

তথ্যসূত্ৰ

  1. ↑ Shrestha. (2010). In conversation with Kapil Bisht
  2. ↑ Bisht, Kapil. In Flesh and Feathers. ECS Nepal

সম্পৰ্কিত শ্ৰেণী

নেপালৰ পৰ্যটনস্থলীসংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৫২৯২৯১ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।