হাজ্জা চাকিনুৰ-আইন মুগং ডেলাছাছ১ (জন্ম: ২ ছেপ্টেম্বৰ ১৯৫৪) এগৰাকী ফিলিপিনো লোক নৃত্যশিল্পী, যি ‘ইগাল’ নামৰ ছামা নৃত্যত বিশেষজ্ঞ।
পটভূমি
ডেলাছাছ টাৱি-টাৱিৰ বংগাওৰ এগৰাকী ছামা সম্প্ৰদায়ৰ মহিলা।২ তেওঁৰ জন্ম ১৯৫৪ চনৰ ২ ছেপ্টেম্বৰত চিমুনুলত হৈছিল, যি সময়ত টাৱি-টাৱি চুলু প্ৰদেশৰ অংশ আছিল।৩৪ তেওঁৰ সম্প্ৰদায়ে তেওঁক কিংবদন্তি নৃত্যশিল্পী নাপছা লাগায়নৰ বংশধৰ বুলি গণ্য কৰে। নাপছা লাগায়ন ছামা লোককথা আৰু টাউছুগ ‘কিচ্ছা’ৰ সৈতে জড়িত।৩
তেওঁ প্ৰথমে মাকৰ পৰাই ছামাৰ পৰম্পৰাগত নৃত্য ‘ইগাল’ শিকিছিল। এই নৃত্যৰ ভংগীমাসমূহ চৰাই, মাছ, সাগৰৰ ঢৌ আৰু মৃদু বতাহৰ পৰা অনুপ্ৰাণিত।২ মনোৰঞ্জনৰ পৰা আৰম্ভ কৰি ধৰ্মীয় অনুষ্ঠানলৈকে বিভিন্ন উদ্দেশ্যত এই নৃত্য ব্যৱহাৰ কৰা হয়। ইগাল দক্ষিণ-পূব এছিয়াৰ বিভিন্ন সংস্কৃতিত এক উমৈহতীয়া ঐতিহ্য আৰু ইয়াক টাউছুগ ভাষাত ‘পাংগালে’ আৰু ইয়াকান ভাষাত ‘পামানছাক’ বুলি জনা যায়। পৰম্পৰাগতভাৱে এই নৃত্যত বৰকাঁহ আৰু ঢোলৰ সংগীত ব্যৱহাৰ কৰা হয়।৩
তেওঁৰ নৃত্য জীৱন বংগাওত অতি কম বয়সতে আৰম্ভ হৈছিল। ১৯৭৪ চনত তেওঁ ‘মিনদানাও ষ্টেট ইউনিভাৰ্চিটি–টাৱি-টাৱি কলেজ অৱ টেকন’লজি এণ্ড ওচেন’গ্ৰাফী’ৰ ‘তাম্বুলি কালচাৰেল ডান্স ট্ৰুপ’ত যোগদান কৰাৰ সুযোগ পায়। পৰৱৰ্তী সময়ত তেওঁ এই দলটোৰ পৰিচালিকা হয়। ডেলাছাছে অষ্ট্ৰেলিয়া, বেলজিয়াম, মালয়েছিয়া আৰু স্পেইনৰ দৰে বিদেশী দেশতো ইগাল পৰিৱেশন কৰিছে।২
২০২৩ চনৰ ডিচেম্বৰ মাহত ‘নেচনেল কমিচন ফৰ কালচাৰ এণ্ড দ্য আৰ্টছ’-এ ডেলাছাছক ‘গাওৱাড ছা মানলিলিখা নগ বায়ন’ (Gawad sa Manlilikha ng Bayan) বঁটা প্ৰদান কৰে।৫৬
তথ্যসূত্ৰ
- ↑ (22 December 2023). Parliament Resolution No. 490. 2nd Bangsamoro Parliament
- ↑ (4 January 2024). Preserving traditions: Tawi-Tawi native honored with national Manlilikha ng Bayan Award - BARMM Official Website. Bangsamoro Information Office
- ↑ Manipon, Roel Hoang. (1 January 2024). Hail the newly declared National Living Treasures. Daily Tribune Lifestyle
- ↑ Pagbati sa ika-70 na kaarawan ni Manlilikha ng Bayan Hadja Sakinur-ain Delasas. Instagram. National Commission for Culture and the Arts
- ↑ (22 December 2023). 9 ‘Manlilikha ng Bayan’ named. Philippine Daily Inquirer
- ↑ Parungao, Adrian. (23 December 2023). BARMM lawmakers file reso to recognize traditional dance artist Hadja Sakinur-Ain Mugong Delaslas’ contributions. Philippine Daily Inquirer
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাকিনুৰ-আইন ডেলাছাছ” প্ৰবন্ধৰ সংশোধন ৫৯৪৩৮৮ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।