মহিলা সংগঠন
১৭ প্ৰবন্ধ
-
চিষ্টাৰ্চ
অনিতা বৰ্গে প্ৰতিষ্ঠা কৰা চিষ্টাৰ্চ হৈছে কম্পিউটিঙৰ কাৰিকৰী কাম কৰা মহিলাসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক মেইলিং লিষ্ট। চিষ্টাৰ্চ সম্প্ৰদায়ে কম্পিউটাৰ বিজ্ঞানত মহিলাৰ সংখ্যা বৃদ্ধি আৰু মহিলাসকলৰ কৰ্ম পৰিৱেশ উন্নত কৰাৰ বাবে চেষ্টা কৰে।
-
মহিলা ৰয়েল ইণ্ডিয়ান নেভেল চাৰ্ভিচ
মহিলা সহায়ক বাহিনী (ভাৰত) (WAC[I])ৰ ভাৰতীয় নৌসেনাৰ অংশ আছিল মহিলা ৰয়েল ইণ্ডিয়ান নেভেল চাৰ্ভিচ (WRINS)। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰয়েল ইণ্ডিয়ান নেভিৰ শাখা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।
-
অনিতা বি ডট অৰ্গ
অনিতা বি ডট অৰ্গ (পূৰ্বতে অনিতা বৰ্গ ইনষ্টিটিউট ফৰ উইমেন এণ্ড টেকন'লজি (এবিআই), আৰু ইনষ্টিটিউট ফৰ উইমেন ইন টেকন'লজি) হৈছে কেলিফৰ্ণিয়াৰ বেলমণ্টত অৱস্থিত এটা বিশ্বব্যাপী, কাৰিকৰী অলাভজনক সংস্থা।
-
ভাৰতীয় গ্ৰামীণ মহিলা সংঘ
১৯৫৫ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় গ্ৰামীণ মহিলা সংঘ বা বিজিএমএছ (National Association of Rural Women India) হৈছে সমগ্ৰ ভাৰতত, ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শাখা থকা এটা অৰাজনৈতিক আৰু অসাম্প্ৰদায়িক জাতীয় সংগঠন।
-
মহিলা সহায়ক বাহিনী,ভাৰত
মহিলা সহায়ক বাহিনী, ভাৰত চমুকৈ WAC(I) ১৯৪২ চনৰ মাৰ্চ মাহত মহিলা সহায়ক সেৱা (বাৰ্মা)ৰ বাহিৰত সৃষ্টি কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ শেষ সময়লৈকে ই সৰ্বমুঠ ১১,৫০০ মহিলাক নিযুক্তি দিছিল।
-
আন্তৰ্জাতিক মহিলা মঞ্চ
১৯৭৪ চনত নিউয়ৰ্কৰ মহিলা মঞ্চ হিচাপে প্ৰতিষ্ঠা হোৱা আন্তৰ্জাতিক মহিলা মঞ্চ (IWF) হৈছে প্ৰায় ৭,৮০০ আমন্ত্ৰণমূলক সদস্যৰে গঠিত মহিলা সংগঠন। ইয়াৰ মিছন হৈছে "আজি আৰু কাইলৈৰ মহিলা নেত্ৰীসকলক সমৰ্থন কৰা।" আই ডব্লিউ এফে মহিলাৰ সমস্যাসমূহৰ ওপৰত প্ৰতি বছৰে দুখন সন্মিলন আয়োজন কৰে আৰু ই মহিলাসকলৰ বাবে…
-
আমেৰিকাৰ বায়ুসেনাত মহিলা
আমেৰিকাৰ বায়ুসেনাত মহিলা ১৯৪৮ চনৰ পৰা আছে আৰু আজিও মহিলাসকলে ইয়াত সেৱা আগবঢ়াই আছে। ২০২০ চনলৈকে আমেৰিকাৰ বায়ুসেনাত সক্ৰিয় কৰ্তব্যৰত মুঠ ৬৯,৫৬৪ গৰাকী মহিলা আছিল, য’ত ১৪,৩২৫ গৰাকীয়ে বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ৫৫,২৩৯ গৰাকীয়ে তালিকাভুক্ত হৈছিল।
-
আৰব ফেমিনিষ্ট ইউনিয়ন
আৰব ফেমিনিষ্ট ইউনিয়ন (AFU) আছিল আৰব দেশত ১৯৪৫ চনত প্ৰতিষ্ঠা হোৱা নাৰীবাদী সংঘৰ এটা মূল সংগঠন। ইয়াৰ উদ্দেশ্য আছিল আৰব জাতীয়তাবাদক প্ৰসাৰিত কৰাৰ লগতে সামাজিক আৰু ৰাজনৈতিক লিংগ সমতা লাভ কৰা। ১৯৩৮ চনত ই এফ ইউয়ে কাইৰোত পেলেষ্টাইনৰ প্ৰতিৰক্ষাৰ বাবে পূব মহিলা সন্মিলনৰ আয়োজন কৰে।
-
ইণ্ডোনেছিয়ান সেনাবাহিনীৰ মহিলা কৰ্পছ
ইণ্ডোনেছিয়াৰ সেনাবাহিনীৰ যুদ্ধ, যুদ্ধ সমৰ্থন আৰু সেৱা সমৰ্থন গঠনত সক্ৰিয় সেৱাত থকা মহিলাসকলৰ আনুষ্ঠানিক প্ৰশাসনিক সংগঠন হৈছে সেনা মহিলা কৰ্পছ (Kowad)।
-
চেণ্টাৰ ফৰ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইন্টিষ্টছ
চেণ্টাৰ ফৰ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইণ্টিষ্টছ (HWPS) হৈছে পাদেৰবৰ্ণ বিশ্ববিদ্যালয়ৰ এক আন্তঃশাখা গৱেষণা কেন্দ্ৰ, যি ঐতিহাসিক মহিলা দৰ্শনবিদ আৰু বিজ্ঞানীসকলৰ কামৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
নগা মাতৃ সন্থা
নগা মাতৃ সন্থা (NMA) হৈছে নাগালেণ্ডৰ মহিলাসকলে গঠন কৰা এক নাগৰিক সমাজৰ সংগঠন। সংস্থাটোৱে ধাৰাবাহিকভাৱে সংঘাত, শান্তি নিৰ্মাণ আৰু দ্ৰব্যৰ অপব্যৱহাৰৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰি আহিছে, আলোচনাৰ বাবে এক মঞ্চ সৃষ্টি কৰি যিয়ে পৃথক পৃথক কণ্ঠক একত্ৰিত কৰে।
-
নু কং হক হুই
নু কং হক হুই (ভিয়েটনামীজ: Nữ công Học hội; অৰ্থ: "মহিলা শ্ৰম অধ্যয়ন গোট") আছিল ১৯২৬ চনত প্ৰতিষ্ঠিত ভিয়েটনামৰ এটা মহিলা সংগঠন। এইটো ভিয়েটনামৰ প্ৰথমটো মহিলা সংগঠন আছিল।
-
ফিজি মহিলা অধিকাৰ আন্দোলন
ফিজি মহিলা অধিকাৰ আন্দোলন (ইংৰাজী: Fiji Women's Rights Movement; চমুকৈ FWRM) হৈছে ফিজিত অৱস্থিত এক বহু-জাতীয় আৰু বহু-সাংস্কৃতিক সংগঠন। ইয়াৰ মুখ্য কাৰ্যালয় চুভাত অৱস্থিত। এই প্ৰতিষ্ঠানটোৱে মানসিক পৰিৱৰ্তন আৰু প্ৰতিষ্ঠানিক সংস্কাৰৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে হোৱা বৈষম্য দূৰ কৰাৰ বাবে কাম কৰে।
-
ফিলিপাইনছৰ সামৰিক বাহিনীত মহিলা
১৯৯৩ চনৰ পৰা যুদ্ধক্ষেত্ৰকে ধৰি ফিলিপাইনছৰ সামৰিক বাহিনীৰ মহিলাসকলে বিভিন্ন সেৱা আগবঢ়াই আহিছে।
-
বেডচাইডাৰ ডট অৰ্গ
বেডচাইডাৰ ডট অৰ্গ (Bedsider.org) হৈছে ১৮–২৯ বছৰ বয়সৰ মহিলাসকলৰ বাবে এটা বিনামূলীয়া জন্ম নিয়ন্ত্ৰণ সমৰ্থন নেটৱৰ্ক। নেটৱৰ্কটো পৰিচালনা কৰে দ্য নেচনেল কেম্পেইন টু প্ৰিভেণ্ট টিন এণ্ড আনপ্লেনড প্ৰেগনেন্সি; ৱাশ্বিংটন ডি চিত অৱস্থিত এটা গৱেষণা ভিত্তিক অলাভজনক, অদলীয় সংস্থা ২০১১ চনৰ নৱেম্বৰ মাহত আৰম্ভ…
-
মহিলা গণমাধ্যম কেন্দ্ৰ
মহিলা গণমাধ্যম কেন্দ্ৰ (ইংৰাজী: Women's Media Center, সংক্ষেপে WMC) হৈছে ২০০৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত লেখিকা আৰু সমাজকৰ্মী জেন ফণ্ডা, ৰবিন মৰ্গান আৰু গ্ল'ৰিয়া ষ্টেইনমে প্ৰতিষ্ঠা কৰা এটা আমেৰিকান ৫০১(গ)(৩) শ্ৰেণীৰ অলাভজনক মহিলা সংস্থা।
-
শ্ৰীলংকাৰ সেনাবাহিনীৰ মহিলা বাহিনী
শ্ৰীলংকা সেনাবাহিনীৰ মহিলা বাহিনী (SLAWC) শ্ৰীলংকা সেনাবাহিনীৰ এটা কৰ্পছ। ১৯৭৯ চনৰ ১ ছেপ্টেম্বৰত এই কৰ্পছটো গঠন কৰা হয়। এই কৰ্পছৰ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয় কলম্বোৰ ব'ৰেলাত আছে।