অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চেণ্টাৰ ফৰ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইন্টিষ্টছ

চেণ্টাৰ ফৰ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইণ্টিষ্টছ (HWPS) হৈছে পাদেৰবৰ্ণ বিশ্ববিদ্যালয়ৰ এক আন্তঃশাখা গৱেষণা কেন্দ্ৰ, যি ঐতিহাসিক মহিলা দৰ্শনবিদ আৰু বিজ্ঞানীসকলৰ কামৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৪৭৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চেণ্টাৰ ফৰ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইণ্টিষ্টছ (HWPS) হৈছে পাদেৰবৰ্ণ বিশ্ববিদ্যালয়ৰ এক আন্তঃশাখা গৱেষণা কেন্দ্ৰ, যি ঐতিহাসিক মহিলা দৰ্শনবিদ আৰু বিজ্ঞানীসকলৰ কামৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই কেন্দ্ৰটোৱে 'জাৰ্নেল অৱ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইণ্টিষ্টছ' প্ৰকাশৰ দায়িত্ব পালন কৰে।১২ কেন্দ্ৰটোৱে বছৰি 'এলিজাবেথ অৱ বোহেমিয়া' বঁটা প্ৰদান কৰে, যিটো দৰ্শনবিদ মহিলাসকলক সন্মান জনোৱাৰ বাবে ইউৰোপৰ প্ৰথমটো বঁটা।৩৪৫ ইউক্ৰেইনৰ দৰ্শনবিদ মহিলাসকলৰ অধ্যয়নৰ বাবে এই কেন্দ্ৰটোৱে আলেকজেণ্ডাৰ ভন হামবল্ড ফাউণ্ডেশ্যনৰপৰা এক বৃহৎ অনুদান লাভ কৰিছে।৬ ইয়াৰ উপৰি ই মহিলা দৰ্শনবিদ আৰু বিজ্ঞানীসকলৰ ইতিহাসৰ ওপৰত কাম কৰি থকা গৱেষকসকলৰ বাবে এটা গৱেষণা নেটৱৰ্ক আৰু আলোচনা-চক্ৰ পৰিচালনা কৰে।৭৮

এনচাইক্লোপিডিয়া অৱ কনচাইজ কনচেপ্টছ বাই উইমেন ফিল’ছফাৰ্ছ

'এনচাইক্লোপিডিয়া অৱ কনচাইজ কনচেপ্টছ বাই উইমেন ফিল’ছফাৰ্ছ' (ECC) হৈছে এক অনলাইন বিশ্বকোষ য’ত কেৱল দৰ্শনবিদ মহিলাসকলৰ কামৰ ধাৰণাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

ECC হৈছে চেণ্টাৰ ফৰ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইণ্টিষ্টছৰদ্বাৰা বিকশিত এক মুক্ত প্ৰৱেশাধিকাৰ (open access) ডাটাবেছ, যিটো ২০১৮ চনৰ ১৫ জুনত অনলাইনযোগে মুকলি কৰা হৈছিল।৯

প্ৰতিটো প্ৰৱেশ (entry) আন্তৰ্জাতিকভাৱে স্বীকৃতিপ্ৰাপ্ত গৱেষকৰদ্বাৰা লিখা হয় আৰু প্ৰকাশৰ পূৰ্বে বিশেষজ্ঞৰদ্বাৰা পৰ্যালোচনা কৰা হয়।১০ ইয়াত কোনো এগৰাকী দৰ্শনবিদ মহিলাই বিকশিত কৰা বা উল্লেখনীয়ভাৱে আগবঢ়াই নিয়া কোনো এটা দাৰ্শনিক ধাৰণাৰ চমু ব্যাখ্যাৰ লগতে অধিক গৱেষণাৰ বাবে প্ৰাথমিক আৰু গৌণ উৎসৰ তালিকা থাকে। ইয়াৰ প্ৰাৰম্ভিক প্ৰবন্ধসমূহ ডায়োটিমা অৱ মেণ্টিনিয়া, মাৰ্চি ওটিছ ওৱাৰেন আৰু জেন এডামছৰ দৰে চিন্তাবিদসকলৰ ওপৰত কেন্দ্ৰিত আছিল।১১

এই বিশ্বকোষখন পাদেৰবৰ্ণ বিশ্ববিদ্যালয়ৰ ডিজিটেল সংগ্ৰহৰ অংশ আৰু ইয়াৰ প্ৰবন্ধসমূহ আনুষ্ঠানিক শৈক্ষিক উৎস হিচাপে উপলব্ধ।১২ ইয়াক জাৰ্মান দৰ্শনবিদ ৰুথ হাগেনগ্ৰুবাৰ আৰু ক্লিভলেণ্ড ষ্টেট ইউনিভাৰ্চিটিৰ মেৰী এলেন ৱেইথে সৃষ্টি কৰিছিল।১৩

ডিজিটেল হিউমানিটিজ বা ডিজিটেল মানৱীয়তাৰ ক্ষেত্ৰত ব্যতিক্ৰমী কামৰ বাবে এই বিশ্বকোষখনে ২০১৮ চনত দাৰিয়াহ-ডিই ডিএইচ-বঁটা (সঁজুলি আৰু প্ৰকল্প শাখা) লাভ কৰিছিল।১৪

এমিলী দু চাতেলেট: গৱেষণা আৰু পাণ্ডুলিপি সংস্কৰণ

এই কেন্দ্ৰটোৱে ওঠৰ শতিকাৰ দৰ্শনবিদ আৰু পদাৰ্থবিজ্ঞানী এমিলী দু চাতেলেটৰ কামৰ ওপৰত দীৰ্ঘদিন ধৰি গুৰুত্ব আৰোপ কৰি আহিছে। উদাহৰণস্বৰূপে, ২০০৬ চনত পটছডামত অনুষ্ঠিত এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ১৫ ফলস্বৰূপে এখন সম্পাদিত গ্ৰন্থ প্ৰকাশ পাইছিল য’ত দু চাতেলেটক লাইবনিজ আৰু নিউটনৰ সৈতে সংযোগ কৰা হৈছিল।১৬১৭ ২০২০ চনৰপৰা কেন্দ্ৰটোৱে ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ ৰাষ্ট্ৰীয় পুথিভঁৰালত সংৰক্ষিত দু চাতেলেটৰ পূৰ্বে অপ্ৰকাশিত পাণ্ডুলিপিসমূহৰ এটা মুক্ত ঐতিহাসিক-সমালোচনাত্মক অনলাইন সংস্কৰণ প্ৰকাশ কৰি আহিছে। দু চাতেলেটৰ পাণ্ডুলিপিৰ এয়া প্ৰথম সমালোচনাত্মক সংস্কৰণৰ লগতে প্ৰথম অনলাইন সংস্কৰণ।১৮ এই সংস্কৰণটো জাৰ্মান ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰদ্বাৰা পুঁজি যোগান ধৰা হৈছে আৰু এয়া ৰাছিয়াৰ ৰাষ্ট্ৰীয় পুথিভঁৰালৰ সৈতে এক সহযোগিতামূলক কাম।১৯

২০২১ চনৰপৰা কেন্দ্ৰটোৱে পেৰিছৰ বিবলিঅ’থেক নেচনেল ডি ফ্ৰান্সত সংৰক্ষিত দু চাতেলেটৰ আন এক পাণ্ডুলিপিৰ সংগ্ৰহৰ মুক্ত অনলাইন ঐতিহাসিক-সমালোচনাত্মক সংস্কৰণ প্ৰকাশ কৰিছে। এই পাণ্ডুলিপিসমূহৰ ভিতৰত তেওঁৰ মুখ্য দাৰ্শনিক গ্ৰন্থ 'ইনষ্টিটিউচন ডি ফিজিক'ৰ প্ৰাৰম্ভিক খচৰাসমূহ অন্তৰ্ভুক্ত হৈ আছে।১৯

এলিজাবেথ অৱ বোহেমিয়া বঁটা

এলিজাবেথ অৱ বোহেমিয়া (১৬১৮–১৬৮০) ৰ সন্মানত এই বঁটাৰ নামকৰণ কৰা হৈছে। দৰ্শনৰ ইতিহাসত নাৰী বিষয়ক গৱেষণাৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰতিষ্ঠা কৰা হৈছিল। এই বঁটাত ৩৫০০ ইউৰো প্ৰদান কৰা হয় আৰু ইয়াৰ বাবে অনুদান আগবঢ়ায় উলৰিকে ডেটমাৰ্ছে।২০২১ এই বঁটা বিজয়ীসকলৰ ভিতৰত আছে লৰা অৰোৰা বেনিটেজ গ্ৰবেট (২০২৩), ছাৰা হাটন (২০২২), মিটিলি চেইক্সাছ দা চিলভা (২০২১), মেৰী এলেন ৱেইথ (২০১৯) আৰু লিছা শ্বেপিৰো (২০১৮)।২২

ৰাজহুৱা শিক্ষা

২০১৭ চনৰপৰা ২০১৯ চনলৈকে চেণ্টাৰ ফৰ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইণ্টিষ্টছে জাৰ্মানীৰ পাদেৰবৰ্ণত লিবোৰী চামাৰ স্কুলৰ আয়োজন কৰিছিল।২৩ এই সন্মিলনসমূহ সৰ্বসাধাৰণৰ বাবে মুকলি আছিল আৰু ইয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষকসকলে ভাষণ তথা মাষ্টাৰ ক্লাছ আগবঢ়াইছিল।২৪ এই কেন্দ্ৰই অনলাইন শিক্ষণ ছেমিনাৰো পৰিচালনা কৰে। তেওঁলোকৰ মেছিভ অপেন অনলাইন কোৰ্ছ (MOOC) আগবঢ়োৱাৰ বাবে কেন্দ্ৰটোক 'ফেল’শ্বিপ ফৰ ইনোভেচন ইন ডিজিটেল ইউনিভাৰ্চিটি টিচিং' বঁটাৰে সন্মানিত কৰা হৈছিল।২৫

তথ্যসূত্ৰ

  1. ↑ Weinberg, Justin. (2023-01-20). New: Journal of the History of Women Philosophers and Scientists - Daily Nous. dailynous.com
  2. ↑ Journal of the History of Women Philosophers and Scientists. Brill
  3. ↑ Uni Paderborn verleiht Elisabeth-von-Böhmen-Preis. www.westfalen-blatt.de
  4. ↑ (2019). Other Awards and Honors. Proceedings and Addresses of the American Philosophical Association. পৃ. 233–239
  5. ↑ OWL Journal. Key Facts zum "Center for the History of Women Philosophers and Scientists". OWL Journal
  6. ↑ Uni Paderborn: Ukrainische Philosophin erforscht Umweltfolgen durch den Krieg in der Ukraine. www.westfalen-blatt.de
  7. ↑ Neue Stimmen der Frauen in der Philosophie. MyScience
  8. ↑ Weinberg, Justin. (2021-10-25). A Network for Scholars Researching Women Philosophers in the History of Philosophy - Daily Nous. dailynous.com
  9. ↑ Encyclopedia of Concise Concepts by Women Philosophers - History Of Women Philosophers. historyofwomenphilosophers.org
  10. ↑ (September 14, 2022). Call for Articles on Women Phenomenologists – BSP Online
  11. ↑ The Encyclopedia of Women Philosophers: A New Web Site Presents the Contributions of Women Philosophers, from Ancient to Modern
  12. ↑ Digitale Sammlungen / The Encyclopedia of Concise Concepts by Women Philosophers. digital.ub.uni-paderborn.de
  13. ↑ Encyclopedia of Concise Concepts by Women Philosophers. History Of Women Philosophers And Scientists
  14. ↑ PreisträgerInnen der DARIAH-DE DH-Award 2018 - DARIAH-DE. de.dariah.eu
  15. ↑ Homepage: Die Aufklärerin. Der Tagesspiegel Online
  16. ↑ Gaukroger, Stephen. (2012). Ruth Hagengruber, ed., "Emilie du Châtelet between Newton and Leibniz.". Philosophy in Review. পৃ. 273–274
  17. ↑ Arianrhod, Robyn. (2016-12-01). Émilie du Châtelet Between Leibniz and Newton edited by Ruth Hagengruber. The Mathematical Intelligencer. পৃ. 78–83
  18. ↑ First critical and digital edition of one of the most important female philosophers published. nachrichten.idw-online.de
  19. ↑ DFG - GEPRIS - Historisch-kritische digitale Edition der handschriftlichen Fassung von Émilie Du Châtelets Institutions de physique, Bibliothèque Nationale de France (BNF), Signatur: Français 12265. gepris.dfg.de
  20. ↑ Redaktion (JB). (2019-01-25). Paderborn: Erster Preis zu Ehren einer Philosophin • Westfalen erleben. Westfalen erleben
  21. ↑ (2019-11-08). Preis zu Ehren einer Philosophin. marktowl.de
  22. ↑ Erster Preis zu Ehren einer Philosophin: Prof. Dr. Ulrike Detmers stiftet Philosophinnen-Preis zum 400. Geburtstag von Elisabeth von Böhmen Herford an das Center for the History of Women Philosophers and Scientists der Universität Paderborn. www.dab-ev.org
  23. ↑ Female philosophers in focus. marktowl.de
  24. ↑ Libori Summer School commences second iteration. marktowl.de
  25. ↑ Philosophy goes MOOC. stifterverband.org

সম্পৰ্কিত শ্ৰেণী

নাৰী শিক্ষামহিলা সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেণ্টাৰ ফৰ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইন্টিষ্টছ” প্ৰবন্ধৰ সংশোধন ৬২৬৪৪৪ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।