১৯৫৫ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় গ্ৰামীণ মহিলা সংঘ বা বিজিএমএছ (National Association of Rural Women India) হৈছে সমগ্ৰ ভাৰতত, ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শাখা থকা এটা অৰাজনৈতিক আৰু অসাম্প্ৰদায়িক জাতীয় সংগঠন।১২৩ ই গ্ৰাম্য মহিলাৰ বাবে বিশ্বৰ সৰ্ববৃহৎ সংস্থা এছ’চিয়েটেড কাণ্ট্ৰী উইমেন অৱ দ্য ৱৰ্ল্ড (ACWW)ৰ সৈতে জড়িত, যিটো পাছলৈ ইউএনঅ’, ইউনেস্কো, ডব্লিউএইচঅ’, আৰু আইএলঅ’ৰ পৰামৰ্শদাতা সংস্থা হয়গৈ।
বিজিএমএছৰ লক্ষ্য হৈছে মহিলা, শিশু, বৃদ্ধ আৰু আংশিকভাৱে অক্ষম লোকৰ কল্যাণ, উত্থান আৰু সবলীকৰণ। ই ইউএনঅ'ডিচিৰ সৈতে মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ সেৱনৰ সজাগতা কাৰ্যসূচী চলোৱাত কাম কৰে,৪ আৰু ইয়াৰ অঞ্চলসমূহৰ গাঁৱে-ভূঞে মহিলা মণ্ডল (মহিলা আত্মসহায়ক গোট) সৃষ্টিৰ বাবে পৰিচিত, মহিলা সবলীকৰণ আৰু শিক্ষাৰ বাবে।৫৬
বিজিএমএছৰ সুবিধা
শিশু
শিশুসকলক চিকিৎসা আৰু দন্ত চিকিৎসা, খাদ্য, কাপোৰ, পাঠ্যক্ৰমৰ বাহিৰৰ কাম, আৰু শিক্ষাৰ ব্যৱস্থা কৰা হয়। স্নানাগাৰ আৰু শৌচাগাৰ থকা ছাত্ৰাবাসত ৰখাৰ লগতে তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে চিচিটিভি কেমেৰাৰে নিৰীক্ষণ কৰা হয়। ২০০৯ চনত বিজিএমএছৰ বাংগালুৰু শাখাই শিশুসকলৰ বাবে ইংৰাজী মাধ্যমৰ বিদ্যালয় (কৰ্ণাটক ৰাজ্যিক ব’ৰ্ড) আৰম্ভ কৰে। বিজিএমএছ শিশুকুঞ্জ বিদ্যালয় নামেৰে পৰিচিত এই বিদ্যালয়খনত আঠাইশজনৰো অধিক শিক্ষকৰ লগতে এগৰাকী প্ৰধান শিক্ষয়িত্ৰীও আছে। ল'ৰা-ছোৱালীবোৰক ১ম শ্ৰেণীৰপৰা দশম শ্ৰেণীত ভাগ কৰা হয়। প্ৰতি সপ্তাহত সোমবাৰৰপৰা শনিবাৰলৈকে সকলো ছাত্ৰ-ছাত্ৰীয়ে গণিত, ইংৰাজী, বিজ্ঞান, সমাজ অধ্যয়ন, কানাড়া আৰু হিন্দী আৰু অধিক বিষয়ত শিক্ষিত হয়।৭
বিজিএমএছৰ কাহিনী
বিদ্যালয়ত পঢ়া বিজিএমএছৰ বেছিভাগ শিশুৱে আৰ্থিক সমস্যা, উপযুক্ত শিক্ষাৰ অভাৱ, বা পৰিয়ালৰ সমস্যাৰ বাবে পৰিয়ালৰপৰা আঁতৰি থাকে। ল’ৰা-ছোৱালীৰ বহুতেই পূৰ্বে বৃহৎ পৰিয়াল থকা গাঁৱত বাস কৰিছিল, যাৰ হাতত গোটেই পৰিয়ালটো পোহপাল দিব পৰাকৈ ধন নাছিল। গাঁওসমূহত উপলব্ধ শিক্ষা পৰ্যাপ্ত নহ’ল আৰু উন্নত শিক্ষা লাভৰ স্বাৰ্থত অভিভাৱকে নিজৰ সন্তানক বিজিএমএছলৈ পঠিয়াই দিলে।
নিঃস্ব নাৰী
নিঃস্ব মহিলাসকলৰ বাবে ঘৰত থকাৰ সময়খিনি সেইসকল মহিলাৰ বাবে যিসকলে স্বামী, শহুৰেক বা আন কোনো লোকৰদ্বাৰা বলি আৰু আঘাতপ্ৰাপ্ত হৈ নিজকে ঘৰহীন কৰি পেলায়। বিজিএমএছত তেওঁলোকক বৃত্তিমূলক প্ৰশিক্ষণ আৰু চাকৰিৰ ব্যৱস্থা কৰা হয় যাতে তেওঁলোকে নিজৰ জীৱন-নিৰ্বাহ কৰিব পাৰে।
বৃদ্ধ মহিলা
চোৱা-চিতা কৰিবলৈ কোনো নথকা বৃদ্ধা মহিলাসকলে বিজিএমএছত ঘৰ বিচাৰি পাব পাৰে। ইয়াত খাদ্য, মেডিকেয়াৰ আৰু বিনোদনৰ সুবিধা প্ৰদান কৰা হয়।
তথ্যসূত্ৰ
- ↑ Bhartiya Grameen Mahila Sangh, Madhya Pradesh, Indore
- ↑ Encyclopedia of social work in India, by Ministry of Welfare India. Publications Division, Ministry of Information and Broadcasting, 1987. Page 120
- ↑ Gramin mahila chetna sammelan, organised by the haryana branch of bhartiya gramin mahila sangh (bgms) Times of India, September 13, 2001
- ↑ Haryana secondary school principals take the lead with the awareness programme on drug abuse amongst young people. UNODC report, Chandigarh, October 07
- ↑ Economic bulletin for Asia and the Pacific, by United Nations Economic and Social Commission for Asia and the Pacific (UNESCAP). ৰাষ্ট্ৰসংঘ, 1978. Page 100
- ↑ Women Education in Twenty First Century, by B. D. Usmani. Anmol Publications, 2004. . Page 59
- ↑ Shishukunj International Projects
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় গ্ৰামীণ মহিলা সংঘ” প্ৰবন্ধৰ সংশোধন ৫৯৬১৪০ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।