মহিলা দন্ত চিকিৎসক
১১ প্ৰবন্ধ
-
লুচি হবছ টেইলৰ
লুচি হবছ টেইলৰ (১৪ মাৰ্চ, ১৮৩৩ – ৩ অক্টোবৰ, ১৯১০) এগৰাকী আমেৰিকান দন্ত চিকিৎসক আছিল, ডেণ্টেল স্কুলৰপৰা স্নাতক হোৱা প্ৰথম মহিলা হিচাপে পৰিচিত আছিল (১৮৬৬ চনত অহিঅ' কলেজ অৱ ডেণ্টেল চাৰ্জাৰী)। প্ৰথমে লিংগৰ বাবে অহিঅ’ৰ চিনচিনাটিৰ ইক্লেক্টিক মেডিকেল কলেজত নামভৰ্তিৰপৰা বঞ্চিত হৈছিল।
-
ইডা গ্ৰে
ইডা গ্ৰে (ইডা গ্ৰে নেলছন আৰু ইডা ৰলিন্স বুলিও জনা যায়; জন্ম: ৪ মাৰ্চ, ১৮৬৭ – মৃত্যু: ৩ মে', ১৯৫৩) আমেৰিকাত দন্ত চিকিৎসক হোৱা প্ৰথম আফ্ৰিকান-আমেৰিকান মহিলা। অতি কম বয়সতে মাক-দেউতাকৰ মৃত্যুত তেওঁ অনাথ হৈ পৰিছিল।
-
কেৰ’লিন লুইজ জোচেফিন ওৱেলছ
কেৰ’লিন লুইজ জোচেফিন ওৱেলছ (১৮৫৬ চনৰ আগষ্ট – ১৯৩৯ চনৰ ১৭ মাৰ্চ) কানাডাৰ অণ্টাৰিঅ’ৰ প্ৰথমগৰাকী পেছাদাৰী যোগ্যতাসম্পন্ন মহিলা দন্ত চিকিৎসক। অণ্টাৰিঅ’ৰ মানসিক চিকিৎসালয়ত দন্ত চিকিৎসা সেৱা আগবঢ়োৱা প্ৰথমগৰাকী ব্যক্তিও আছিল আৰু কেৰিয়াৰৰ শেষৰফালে এই প্ৰতিষ্ঠানসমূহত একান্তভাৱে কাম কৰিছিল।
-
জিকো লুভেনি
জিকো ফাটাফেহি লুভেনি (প্ৰায় ১৯৪৬ – ২২ ডিচেম্বৰ ২০১৮) ফিজিৰ এজন ৰাজনীতিবিদ আৰু ফিজিৰ সংসদৰ অধ্যক্ষ আছিল। অধ্যক্ষৰ পদ গ্ৰহণৰ বাবে দলৰ সদস্যপদৰপৰা পদত্যাগ কৰাৰ পূৰ্বে ফিজিফাৰ্ষ্ট দলৰ সদস্য আছিল।
-
জিন চিংকফৰ্ড
জিন ক্ৰেগ চিংকফৰ্ড (জন্ম ১৯৩৩) এগৰাকী আমেৰিকান দন্ত চিকিৎসক আৰু একাডেমিক প্ৰশাসক। তেওঁ আমেৰিকাৰ দন্ত চিকিৎসা বিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা ডীন আছিল। আমেৰিকান ডেণ্টেল এডুকেচন এছ’চিয়েশ্যনৰ ৰেচিডেন্সত জ্যেষ্ঠ পণ্ডিত আৰু হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ ডেণ্টেল স্কুলৰ অধ্যাপিকা আৰু ডীন এমেৰিটাছ।
-
জিলেট হেডেন
জিলেট হেডেন (১৮৮০-১৯২৯) ২০ শতিকাৰ আৰম্ভণিতে কৰ্মৰত এগৰাকী অগ্ৰণী দন্ত চিকিৎসক আৰু পিৰিয়ডণ্টিষ্ট আছিল। তেওঁ আমেৰিকান একাডেমী অৱ পিৰিয়াডণ্ট'লজীৰ প্ৰতিষ্ঠাপক আছিল আৰু ১৯১৬ চনত সংস্থাটোৰ প্ৰথম মহিলা সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জেচিকা ৰিকাৰ্ট
জেচিকা এন ৰিকাৰ্ট (জন্ম ১৯৫০) এগৰাকী আমেৰিকান দন্ত চিকিৎসক। ১৯৭৫ চনত ইউনিভাৰ্চিটি অৱ মিছিগান স্কুল অৱ ডেণ্টিষ্ট্ৰিৰপৰা ডিডিএছ ডিগ্ৰী লাভ কৰি তেওঁ আমেৰিকাৰ প্ৰথমগৰাকী মহিলা আমেৰিকান ইণ্ডিয়ান দন্ত চিকিৎসক হিচাপে পৰিগণিত হয়।
-
বদ্ৰী টেইমোৰতাছ
বদ্ৰী টেইমোৰতাছ (১২৮৭-১৩৭৪ S.H) ইৰাণৰ প্ৰথম মহিলা দন্ত চিকিৎসক আৰু ইৰাণত তেওঁক "দন্ত চিকিৎসাৰ মাতৃ" বুলি কোৱা হয়। তেওঁ ইৰাণৰ চেমনান অঞ্চলৰ কালপুছ গাঁৱত জন্মগ্ৰহণ কৰিছিল
-
বিমলা সুদ
বিমলা সুদ(উচ্চাৰণ: ছুদ) (১৯২২ – ১ আগষ্ট ২০২১) অবিভক্ত ভাৰতত দন্ত চিকিৎসক হোৱা তৃতীয়গৰাকী মহিলা। ১৯৪৪ চনত ডিমণ্টম’ৰেন্সি কলেজ অৱ ডেণ্টিষ্ট্ৰিৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
-
মিনি ইভানজেলিন জৰ্ডন
মিনি ইভানজেলিন জৰ্ডন (জন্ম: ২২ জুন, ১৮৬৫ – মৃত্যু: ১০ অক্টোবৰ, ১৯৫২) আছিল এগৰাকী আমেৰিকান দন্ত চিকিৎসক আৰু আমেৰিকাৰ প্ৰথমজন দন্ত চিকিৎসক যিয়ে শিশু দন্ত চিকিৎসা ক্ষেত্ৰত বিশেষজ্ঞ আছিল।
-
হেনৰিট হিৰ্চফেল্ড-টিবাৰ্টিয়াছ
হেনৰিট হিৰ্চফেল্ড-টিবাৰ্টিয়াছ জন্ম: ১৪ ফেব্ৰুৱাৰী ১৮৩৪ চন – মৃত্যু ২৫ আগষ্ট ১৯১১ চন; জাৰ্মানীৰ প্ৰথম মহিলা দন্ত চিকিৎসক আছিল। জাৰ্মেনীৰ শ্বলেছবিগ-হলষ্টেইনৰ পশ্চিম উপকূলৰ এটা সৰু দ্বীপ শ্বিল্টত হেনৰিটৰ জন্ম হৈছিল।