অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বদ্ৰী টেইমোৰতাছ

বদ্ৰী টেইমোৰতাছ (১২৮৭-১৩৭৪ S.H) ইৰাণৰ প্ৰথম মহিলা দন্ত চিকিৎসক আৰু ইৰাণত তেওঁক "দন্ত চিকিৎসাৰ মাতৃ" বুলি কোৱা হয়। তেওঁ ইৰাণৰ চেমনান অঞ্চলৰ কালপুছ গাঁৱত জন্মগ্ৰহণ কৰিছিল

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

বদ্ৰী টেইমোৰতাছ (১২৮৭-১৩৭৪ S.H) ইৰাণৰ প্ৰথম মহিলা দন্ত চিকিৎসক১ আৰু ইৰাণত তেওঁক "দন্ত চিকিৎসাৰ মাতৃ" বুলি কোৱা হয়।

তেওঁ ইৰাণৰ চেমনান অঞ্চলৰ কালপুছ গাঁৱত জন্মগ্ৰহণ কৰিছিল

জীৱনী

১৯০৮ চনত মাছহাদত এটা প্ৰভাৱশালী ইৰাণী পৰিয়ালত জন্মগ্ৰহণ কৰা বদ্ৰী আছিল ইৰানৰ পহ্লৱী বংশৰ প্ৰাৰম্ভিক সময়ৰ দ্বিতীয় শক্তিশালী ৰাজনৈতিক ব্যক্তিত্ব আব্দলহোছেইন টেইমোৰতাছৰ ভগ্নী। ১৯২০ চনৰ শেষৰফালে তেওঁক বেলজিয়ামলৈ পঠিওৱা হয় আৰু দন্ত চিকিৎসা বিদ্যালয়ত নামভৰ্তি কৰে।

দন্ত চিকিৎসা বিদ্যালয়ৰপৰা স্নাতক হোৱাৰ পিছত মানৱীয় কাম হাতত ল’বলৈ বেলজিয়াম কংগোলৈ যোৱাৰ কথা ভাবিছিল বুলি অনুমান কৰা হৈছে। কিন্তু ১৯৩২ চনত তেওঁৰ ভাতৃ আব্দলহোছেইন টেইমোৰতাছৰ অনুগ্ৰহৰপৰা বঞ্চিত হোৱাৰ ফলত তেওঁ ইৰাণলৈ উভতি যায় য'ত টেইমোৰতাছৰ পত্নী আৰু সন্তানৰ সৈতে তেওঁ আঠ বছৰ ধৰি গৃহবন্দী আৰু খোৰাছানৰ পৰিয়ালটোক দূৰৈৰ ইষ্টেটলৈ দিয়া নিৰ্বাসন সহ্য কৰিবলগীয়া হয়। ১৯৪১ চনত ৰেজা শ্বাহে পদত্যাগ কৰাৰ লগে লগে সাধাৰণ ক্ষমা অনুসৰি সকলো ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়া হয় আৰু বদ্ৰী টেইমোৰতাছে মাছাদলৈ গুচি যায় আৰু তাতেই তেওঁ দন্ত চিকিৎসা আৰম্ভ কৰে।

১৯৬৫ চনত তেওঁ আৰু ইছমাইল ছণ্ডুজীয়ে মাছহাদ বিশ্ববিদ্যালয়ৰ স্কুল অৱ ডেণ্টিষ্ট্ৰি প্ৰতিষ্ঠা কৰে।২ ১৯৮৯ চনত অৱসৰ গ্ৰহণ কৰে (১৩৬৮ এছ.এইচ),৩ আৰু ১৯৯৫ চনত তেওঁৰ মৃত্যু হয়। দন্ত চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ পুথি প্ৰকাশ কৰিছিল, তাৰ ভিতৰত "দাহান পেজেস্কি" (Oral Medicine = Les Affections de la Cavite Buccale) পাঠ্যপুথিখন আছিল অতি গুৰুত্বপূৰ্ণ।৪

মছহাদৰ পৱিত্ৰ সমাধি (ছাহনে আজাদী)ত তেওঁক সমাধিস্থ কৰা হয়। মাছহাদ বিশ্ববিদ্যালয়ৰ স্কুল অৱ ডেণ্টিষ্ট্ৰিৰ পুথিভঁৰালটোৰ নাম তেওঁৰ সন্মানত তেওঁৰ নামলৈ সলনি কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ static1.squarespace.com/static/56cb5012c6fc08547 Exemplary Women from Iran, pg. 104, excerpted from Jewels of Allah: The Untold Story of Women in Iran, by Nina Ansary
  2. ↑ Mashhad University of Medical Sciences. dentistry.mums.ac.ir
  3. ↑ Personnel identification card
  4. ↑ Toutouni H, Taraz Jamshidi S, Emadzadeh A. Dr. Badri Teymourtash (1908-1995), and her Key Role in Foundation of Mashhad Dental School in Northeastern Iran. Arch Iran Med. 2025 Jul 1;28(7):416-420. doi: 10.34172/aim.34229. Epub 2025 Jul 1

সম্পৰ্কিত শ্ৰেণী

মহিলা দন্ত চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বদ্ৰী টেইমোৰতাছ” প্ৰবন্ধৰ সংশোধন ৫৯৫৮৩৯ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।