অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

জিন চিংকফৰ্ড

জিন ক্ৰেগ চিংকফৰ্ড (জন্ম ১৯৩৩) এগৰাকী আমেৰিকান দন্ত চিকিৎসক আৰু একাডেমিক প্ৰশাসক। তেওঁ আমেৰিকাৰ দন্ত চিকিৎসা বিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা ডীন আছিল। আমেৰিকান ডেণ্টেল এডুকেচন এছ’চিয়েশ্যনৰ ৰেচিডেন্সত জ্যেষ্ঠ পণ্ডিত আৰু হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ ডেণ্টেল স্কুলৰ অধ্যাপিকা আৰু ডীন এমেৰিটাছ।

হালনাগাদ: ২ জুলাই ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

জিন ক্ৰেগ চিংকফৰ্ড (জন্ম ১৯৩৩) এগৰাকী আমেৰিকান দন্ত চিকিৎসক আৰু একাডেমিক প্ৰশাসক। তেওঁ আমেৰিকাৰ দন্ত চিকিৎসা বিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা ডীন আছিল। আমেৰিকান ডেণ্টেল এডুকেচন এছ’চিয়েশ্যনৰ ৰেচিডেন্সত জ্যেষ্ঠ পণ্ডিত আৰু হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ ডেণ্টেল স্কুলৰ অধ্যাপিকা আৰু ডীন এমেৰিটাছ।

জীৱনী

১৯৩৩ চনত জন্মগ্ৰহণ কৰা চিংকফৰ্ডৰ চাৰিগৰাকী ভগ্নীৰ কেউগৰাকীয়ে উচ্চশিক্ষা ল’ব বিচাৰিছিল আৰু তাৰে ভিতৰত এগৰাকী আছিল জিন। তেওঁ কয় যে তেওঁৰ পিতৃ-মাতৃ, এজন দাদা আৰু কেথলিক মধ্যবিদ্যালয়ত পোৱা অভিজ্ঞতাই তেওঁৰ অনুশাসিত লালন-পালনত অৰিহণা যোগাইছিল। তেওঁ ৱাশ্বিংটন ডি চিৰ ডানবাৰ হাইস্কুলত পঢ়িছিল, যিখন বিদ্যালয় আছিল উচ্চ কৃতিত্বসম্পন্ন আফ্ৰিকান আমেৰিকানসকলৰ বাবে, য'ত তেওঁ কেডেট কৰ্পৰ সদস্য আছিল।১

১৬ বছৰ বয়সত চিংকফৰ্ডে হাৱাৰ্ড বিশ্ববিদ্যালয়ত কলেজত নামভৰ্তি কৰে, তাত দন্ত চিকিৎসা বিদ্যালয়ত অধ্যয়ন কৰাৰ আগতে মনোবিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে। ডেণ্টেল স্কুলৰপৰা স্নাতক হোৱাৰ পিছত চিংকফৰ্ড প্ৰষ্ট’ডণ্টিকছৰ অধ্যাপক আছিল, অংশকালীন ডেণ্টাল প্ৰেকটিছ কৰিছিল আৰু পি.এইচ.ডি. নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ত শৰীৰবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ ফলত তেওঁ পি এইচ ডি ডিগ্ৰীধাৰী প্ৰথমগৰাকী মহিলা প্ৰষ্ট'ডণ্টিষ্ট হিচাপে পৰিগণিত হয়।২

পিছলৈ তেওঁ হাৱাৰ্ডৰ প্ৰষ্ট'ডণ্টিকছ বিভাগৰ অধ্যক্ষতা কৰে,১ আৰু ১৯৭৪–১৯৭৫ চনত শিশু দন্ত চিকিৎসাৰ ৰেচিডেন্সি সম্পূৰ্ণ কৰে।৩ ১৯৭৫ চনৰ ১ জুলাইত ছিংকফৰ্ড আমেৰিকাৰ দন্ত চিকিৎসা বিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা ডীন হিচাপে নিযুক্তি লাভ কৰে যেতিয়া তেওঁক হাৱাৰ্ড বিশ্ববিদ্যালয়, স্কুল অৱ ডেণ্টিষ্ট্ৰিৰ ডীন হিচাপে নিযুক্তি দিয়া হয়।৪ ১৯৯১ চনলৈকে ছিংকফৰ্ড ডীন হৈ আছিল। তাৰ পিছত ছিংকফৰ্ড আমেৰিকান ডেণ্টেল এডুকেচন এছ'চিয়েচনৰ সহযোগী কাৰ্যবাহী সঞ্চালক হয়।৫ ১৯৯৮ চনত তেওঁ ইয়াৰ চেণ্টাৰ ফৰ ইকুইটি এণ্ড ডাইভাৰচিটি স্থাপন কৰে আৰু ১৭ বছৰ ধৰি ইয়াৰ পৰিচালনা কৰে।৬

২০১৫ চনত চিংকফৰ্ডে আমেৰিকান ডেণ্টেল এছ'চিয়েচনৰপৰা ডিষ্টিংচড চাৰ্ভিচ বঁটা লাভ কৰে।৭ নেশ্যনেল ক’লিচন অৱ ১০০ ব্লেক উইমেনৰপৰা কেণ্ডেছ বঁটাও অতীত লাভ কৰিছে। তেওঁ ইনষ্টিটিউট অৱ মেডিচিনৰ সদস্য আৰু আমেৰিকান কলেজ অৱ ডেণ্টিষ্ট আৰু ইণ্টাৰনেশ্যনেল কলেজ অৱ ডেণ্টিষ্টৰ ফেলো।৮

চিংকফৰ্ডে হাৱাৰ্ড বিশ্ববিদ্যালয়ত স্বামী ষ্টেনলীক লগ পাইছিল। তেওঁ হৃদৰোগ বিশেষজ্ঞ হৈ আছিল।১ তেওঁলোকৰ তিনিটা সন্তান আছিল।৯

তথ্যসূত্ৰ

  1. ↑ (16 July 2013). Jeanne C. Sinkford (1933–). University of Michigan School of Dentistry. Sindecuse Museum of Dentistry
  2. ↑ Women in prosthodontics
  3. ↑ Gates, Paul E. (29 October 2007). Dr. Jeanne C. Sinkford. Journal of Health Care for the Poor and Underserved. পৃ. 731–734
  4. ↑ June 2002 CDA Journal - Feature Article, Copyright 2002 Journal of the California Dental Association. Cda.org
  5. ↑ Alvares, Olav. (2009). The Journal of Dental Education, 2000–09: A Decade of Change. Journal of Dental Education. পৃ. 155–159
  6. ↑ (2009). Access, Diversity and Inclusion: American Dental Education Association
  7. ↑ ADA Distinguished Service Award: Dr. Jeanne Sinkford. American Dental Association
  8. ↑ Smith, Jessie Carney. (1996). Notable Black American Women, Book 2. VNR AG. পৃ. 598–601. ISBN 9780810391772
  9. ↑ Aetna: African American History Calendar: 2004: Jeanne C. Sinkford, D.D.S., Ph.D.: Profile. www.aetna.com

সম্পৰ্কিত শ্ৰেণী

মহিলা দন্ত চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিন চিংকফৰ্ড” প্ৰবন্ধৰ সংশোধন ৬১৫২৫৪ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।