লুচি হবছ টেইলৰ (১৪ মাৰ্চ, ১৮৩৩ – ৩ অক্টোবৰ, ১৯১০) এগৰাকী আমেৰিকান দন্ত চিকিৎসক আছিল, ডেণ্টেল স্কুলৰপৰা স্নাতক হোৱা প্ৰথম মহিলা হিচাপে পৰিচিত আছিল (১৮৬৬ চনত অহিঅ' কলেজ অৱ ডেণ্টেল চাৰ্জাৰী)।১
প্ৰথমে লিংগৰ বাবে অহিঅ’ৰ চিনচিনাটিৰ ইক্লেক্টিক মেডিকেল কলেজত নামভৰ্তিৰপৰা বঞ্চিত হৈছিল। ইয়াৰ বাবে কলেজখনৰ এজন অধ্যাপকে তেওঁক টিউচন দিবলৈ সন্মত হয় আৰু দন্ত চিকিৎসাৰ বাবে উৎসাহিত কৰে।২
আকৌ এবাৰ তেওঁ দন্ত চিকিৎসা বিদ্যালয়ত আবেদন কৰিলে, এইবাৰ অহিঅ’ কলেজ অৱ ডেণ্টিষ্ট্ৰি। লিংগৰ বাবে আকৌ এবাৰ তেওঁক ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰা হ’ল। তাৰপৰাই কলেজৰ স্নাতক এজনে তেওঁক টিউচন দিবলৈ সন্মত হয়, যাৰ ফলত তেওঁ দন্ত চিকিৎসাৰ দিশত পঢ়া-শুনা আগবঢ়াই নিব পাৰে।৩ ১৮৬১ চনত তাই আকৌ এবাৰ কলেজত সোমাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে নিজাকৈ প্ৰেকটিছ খুলিবলৈ সিদ্ধান্ত লয়। এবছৰৰ পাছত তেওঁ আইঅ’ৱালৈ গুচি যায় আৰু দন্ত চিকিৎসাৰ প্ৰেকটিছ আৰম্ভ কৰে। ইয়াৰ ফলত তেওঁক ডিপ্লমা অবিহনে দন্ত চিকিৎসক হিচাপে গ্ৰহণ কৰা হয় আৰু আইঅ'ৱা ষ্টেট ডেণ্টেল ছ'চাইটিৰ অংশ হ'বলৈ সক্ষম হয়।৩
ইয়াৰ অংশ হিচাপে তেওঁ আইঅ’ৱালৈ যোৱাৰ মাত্ৰ তিনি বছৰৰ পাছত আমেৰিকান ডেণ্টেল এছ’চিয়েট কনভেনচনত গোটটোৰ প্ৰতিনিধি হিচাপেও কাম কৰি আছিল। কাকতলীয়াভাৱে সেই বছৰতে (১৮৬৫) অহিঅ' কলেজ অৱ ডেণ্টিষ্ট্ৰিয়ে মহিলাসকলক প্ৰতিষ্ঠানটোত নামভৰ্তি নিষিদ্ধ কৰা নীতি ত্যাগ কৰাৰ সিদ্ধান্ত লয়।৩ বছৰ বছৰ ধৰি জমা কৰা দন্ত চিকিৎসাৰ অভিজ্ঞতাৰ বাবেই টেইলৰে নিমিষতে জ্যেষ্ঠ ছাত্ৰী হিচাপে নামভৰ্তি কৰিলে। ১৮৬৬ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলা হয়,১ আৰু দন্ত চিকিৎসাত ডক্টৰেট ডিগ্ৰী লাভ কৰে।৩
প্ৰাথমিক জীৱন
১৮৩৩ চনৰ ১৪ মাৰ্চত নিউয়ৰ্কৰ কনিষ্টবলত জন্মগ্ৰহণ কৰিছিল লুচি বিমেন হবছৰ। মুঠ দহটা সন্তানৰ ভিতৰত তেওঁ সপ্তম স্থানত আছিল। ১২ বছৰ বয়সত তেওঁ ভাই-ভনীক পোহপাল দিবলৈ চিলাই কৰা চাকৰি এটা লাভ কৰিছিল। ইয়াৰ পিছত হবছে স্কুলত পঢ়ে আৰু শেষত নিউয়ৰ্কৰ ফ্ৰেংকলিন একাডেমীৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে৪ আৰু মিছিগানত দহ বছৰ শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। ১৮৫৯ চনত তেওঁ চিনচিনাটিলৈ গুচি যায় আৰু ইক্লেক্টিক মেডিকেল কলেজত মেডিকেল স্কুলত আবেদন কৰে।৫ লিংগৰ বাবে হবছক প্ৰৱেশৰপৰা বঞ্চিত কৰা হৈছিল যদিও ইক্লেক্টিকৰ এজন শিক্ষকৰ তত্ত্বাৱধানত ব্যক্তিগতভাৱে অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল।৪ ইয়াৰ পিছত হবছে অহিঅ’ কলেজ অৱ ডেণ্টিষ্ট্ৰিত আবেদন কৰে। যেতিয়া তেওঁক দন্ত চিকিৎসা বিদ্যালয়ত নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰা হয়, তেতিয়া তেওঁ অহিঅ' কলেজ অৱ ডেণ্টেল চাৰ্জাৰীৰ এজন অধ্যাপক জনাথন টাফ্টৰ সৈতে ব্যক্তিগত অধ্যয়ন কাৰ্যসূচী আৰম্ভ কৰে।৬ হবছে দন্ত চিকিৎসা কাৰ্যসূচীত আৰু এবাৰ আবেদন কৰিছিল যদিও পুনৰ নাকচ কৰা হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁ নিজাকৈ প্ৰেকটিছ মুকলি কৰে, যাৰ ফলত তেওঁ ডিপ্লমা লাভ নকৰাকৈয়ে দন্ত চিকিৎসাৰ প্ৰেকটিছ কৰিব পাৰে।৪
দন্ত চিকিৎসা কেৰিয়াৰ
দন্ত চিকিৎসা অধ্যয়ন কৰাৰ পাছত ১৮৬১ চনত চিনচিনাটিত নিজাকৈ প্ৰেকটিছ আৰম্ভ কৰে। অতি সোনকালেই তেওঁ বেলভিউলৈ গুচি যায় আৰু তাৰ পিছত আইঅ’ৱাৰ মেকগ্ৰেগৰলৈ যায় আৰু তাতেই তিনি বছৰ কটায়। ১৮৬৫ চনত অৱশেষত তেওঁ পেছাদাৰী স্বীকৃতি লাভ কৰে আৰু আইঅ'ৱা ষ্টেট ডেণ্টেল ছ'চাইটিত যোগদান কৰিবলৈ অনুমতি পায় আৰু চিকাগোত আমেৰিকান ডেণ্টেল এছ'চিয়েচনৰ অধিৱেশনত প্ৰতিনিধি হিচাপে পঠিওৱা হয়।৩ সেই নৱেম্বৰ মাহত তেওঁ অহাইঅ' কলেজ অৱ ডেণ্টেল চাৰ্জাৰীত ছিনিয়ৰ হিচাপে ভৰ্তি হয়, য'ত ১৮৬৬ চনৰ ২১ ফেব্ৰুৱাৰীত তেওঁ দন্ত চিকিৎসাত ডক্টৰেট ডিগ্ৰী লাভ কৰে,৭ বিশ্বৰ প্ৰথমগৰাকী মহিলা যিয়ে ডেণ্টেল কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে,৬ আৰু দন্ত চিকিৎসাত ডক্টৰেট ডিগ্ৰী লাভ কৰে।৩৮ পিছলৈ তেওঁ লিখিছিল, "মানুহে আচৰিত হৈছিল যেতিয়া তেওঁলোকে গম পাইছিল যে এগৰাকী কণমানি ছোৱালীয়ে ইমান দূৰলৈকে নিজৰ নাৰী হোৱাৰ অৱস্থাৰ কথা পাহৰি গৈয়ো যে দন্ত চিকিৎসা অধ্যয়ন কৰিব বিচাৰিছে।"৯
পিছৰ জীৱন
ইয়াৰ পিছত হবছ চিকাগোলৈ গুচি যায় আৰু তাৰপৰাই তেওঁ জেমছ এম টেইলৰক লগ পায় আৰু ১৮৬৭ চনৰ এপ্ৰিল মাহত তেওঁ বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত টেইলৰে স্বামীকো দন্ত চিকিৎসাত প্ৰৱেশ কৰিবলৈ পতিয়ন নিয়াইছিল। ইয়াৰ পিছত দুয়োজনে কেনছাছৰ লৰেন্সলৈ গুচি যায় আৰু তাতেই তেওঁলোকৰ এটা বৃহৎ আৰু সফল অনুশীলন হয়। হবছ ইণ্ডিপেণ্ডেণ্ট অৰ্ডাৰ অৱ অড ফেলোছৰ সহায়ক ডাটাৰ্ছ অৱ ৰেবেঁকা আৰু ফ্ৰীমেছনৰীৰ সহায়ক অৰ্ডাৰ অৱ দ্য ইষ্টাৰ্ণ ষ্টাৰকে ধৰি কেইবাটাও ভ্ৰাতৃত্ববোধৰ সংগঠনৰ সৈতে জড়িত আছিল।৭ ১৮৮৬ চনত স্বামীৰ মৃত্যুৰ পাছত তেওঁ এগৰাকী সক্ৰিয় দন্ত চিকিৎসক হিচাপে কাম কৰা বন্ধ কৰে যদিও ১৯১০ চনৰ ৩ অক্টোবৰত তেওঁৰ নিজৰ মৃত্যুৰ আগলৈকে ৰাজনীতিত অধিক সক্ৰিয় হৈ পৰে, বৃহত্তৰ মহিলাৰ অধিকাৰৰ বাবে প্ৰচাৰ চলায়।৬ দন্ত চিকিৎসক হিচাপে থকা সময়ছোৱাত লুচি হবছ টেইলৰে ভৱিষ্যতে বিশেষকৈ চিকিৎসা ক্ষেত্ৰখনত বহু মহিলাৰ বাবে একেবাৰে নতুন দুৱাৰ মুকলি কৰিছিল। তেওঁৰ মতে "মহিলাসকলক পুৰুষৰ সমান চৰ্তত দন্ত চিকিৎসা বৃত্তিত স্বীকৃতি দিয়াটো সম্ভৱ কৰি" তেওঁৰ যাত্ৰা সম্পূৰ্ণ হৈছে। লুচি হবছ টেইলৰক কেনছাছৰ লৰেন্সৰ অক হিল কবৰস্থানত সমাধিস্থ কৰা হয়।৩
তথ্যসূত্ৰ
- ↑ Missouri Women in the Health Sciences – Health Professions – "Women in Dentistry" by E.N. King. Beckerexhibits.wustl.edu
- ↑ Lucy Hobbs Taylor – Kansapedia – Kansas Historical Society. kshs.org
- ↑ Dr. Lucy Hobbs Taylor: A Lawrence, Kansas Pioneer in the History of Women in Dentistry · The Watkins Community Museum of History. watkinsmuseum.org
- ↑ Prichard, Denise. Lucy Hobbs Taylor – Spear Education. www.speareducation.com
- ↑ Loevy, Hannelore T.; Kowitz, Aletha A. (April 1, 1998). How the Middle West was won: women enter dentistry. International Dental Journal. পৃ. 89–95
- ↑ "Lucy Hobbs Taylor, First Female Dentist" Accessed May 25, 2006
- ↑ Edwards, Ralph W. (1951). The First Woman Dentist Lucy Hobbs Taylor, D. D. S. (1833–1910). Bulletin of the History of Medicine. পৃ. 277–283
- ↑ "Lucy Hobbs Taylor" Accessed May 25, 2006
- ↑ Hyson Jr, J. M. (2002). Women dentists: The origins. Journal of the California Dental Association. পৃ. 444–453
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুচি হবছ টেইলৰ” প্ৰবন্ধৰ সংশোধন ৬২৪৬৮৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।