বিক্ৰম (সংস্কৃত ভাষা:, (অৰ্থ- শৌৰ্য্য)১) হৈছে ভাৰতীয় ষ্টাৰ্টআপ এৰ'স্পেচ কোম্পানী স্কাইৰুট এৰ'স্পেছে নিৰ্মাণ কৰা সৰু-লিফ্ট লঞ্চ বাহনৰ এটা পৰিয়াল।
সম্পূৰ্ণ কক্ষপথত উৎক্ষেপণৰ পূৰ্বে ২০২২ চনৰ ১৮ নৱেম্বৰত মিছন প্ৰাৰম্ভ (শব্দ 'আৰম্ভণি') নামেৰে "বিক্ৰম-এছ" নামৰ ৰকেটৰ উপকক্ষীয় উৰণ সম্পন্ন কৰা হৈছিল।২৩
যানখনৰ বৰ্ণনা
| + ধাৰাবাহিকটোৰ পৰিকল্পিত ৰকেট৪ | ||||
| যান | বহন ক্ষমতা | প্ৰথম যান | মুঠ উৎক্ষেপন | |
|---|---|---|---|---|
| ধ্ৰুৱীয় কক্ষপথ (SSPO) (৫০০ কিমি) | পৃথিৱীৰ নিম্ন কক্ষপথ (৫০০ কিমি; ৪৫°) | |||
| বিক্ৰম-এচ | - | - | ১৮ নৱেম্বৰ ২০২২ | ১ |
| বিক্ৰম-১ | 290 কিলোগ্ৰাম | 480 কিলোগ্ৰাম | TBD | ০ |
| বিক্ৰম-২ | 400 কিলোগ্ৰাম | 595 কিলোগ্ৰাম | TBD | ০ |
| বিক্ৰম-৩ | 560 কিলোগ্ৰাম | 815 কিলোগ্ৰাম | TBD | ০ |
বিক্ৰম-১
বিক্ৰম ধাৰাবাহিকৰ প্ৰথমটো ৰকেট হৈছে বিক্ৰম-১I ইয়াত তিনিটাকৈ কঠিন ইন্ধন চালিত ষ্টেজ আছে যাৰ প্ৰজ্বলন সময় ৮০ৰ পৰা ১০০ ছেকেণ্ডৰ ভিতৰত আৰু চূড়ান্ত পৰ্যায়টো হৈছে ৰমন ইঞ্জিন। ৰমন ইঞ্জিনটো চাৰিটা ইঞ্জিনৰ ক্লাষ্টাৰত এমএমএইচ আৰু এনটিঅ’ লিকুইড ইন্ধনৰ দ্বাৰা চালিত আৰু ই ৩.৪ কিলোএন থ্ৰাষ্ট উৎপন্ন কৰে। এই ৰমন ইঞ্জিনসমূহৰ সহায়ত কক্ষপথত চূড়ান্ত সালসলনি কৰা হ'ব।৫ বিক্ৰমক-১ক ৫০০ কিলোমিটাৰ সূৰ্য্যৰ সমকালীন মেৰু কক্ষপথ (SSPO)লৈ ২৯০ কিলোগ্ৰাম আৰু ৫০০ কিলোমিটাৰ পৃথিৱীৰ নিম্ন কক্ষপথত (LEO) ৪৮০ কিলোগ্ৰামৰ পৰা ৪৫o হেলনীয়ালৈ তুলিব পৰাকৈ সজা হৈছে।৬৭
তথ্যসূত্ৰ
- ↑ (2019-01-10). Launch Vehicle · Skyroot Aerospace
- ↑ Skyroot Aerospace. (18 November 2022). 89.5 Kms peak altitude achieved. Vikram-S rocket meets all flight parameters. It's history in the making for India.
- ↑ *Tripathi, Sibu. (2022-11-08). India's first private sector rocket Vikram-S to launch in November: Here's what we know. India Today *India’s first private space launch startup Skyroot succeeds with upper-stage engine fire test. TechCrunch *India’s first private player to successfully test a homegrown rocket engine is on track for its first full rocket launch by 2021. Business Insider
- ↑ (10 January 2019). Launch Vehicle. Skyroot Aerospace
- ↑ Scientist, Gareeb. (1 July 2020). The SpaceX's of India · Private Indian Rocket Companies · Skyroot · Agnikul · Bellatrix. YouTube
- ↑ India’s first-ever privately designed and developed rocket is a step closer to becoming a reality in 2021. Business Insider
- ↑ With ISRO assistance, India’s Skyroot Aerospace aims maiden rocket launch by Dec-2021. WION
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিক্ৰম (ৰকেট)” প্ৰবন্ধৰ সংশোধন ৪৭৫১৮৯ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।