অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৰেণ্ডা

ৰেণ্ডা (Renda) হৈছে লাটভিয়াৰ ক'ৰলেণ্ড অঞ্চলৰ কুল্ডিগা পৌৰসভাৰ উত্তৰ-পূব অংশত অৱস্থিত এখন ঐতিহাসিক গাঁও। এই গাঁওখন ৰেণ্ডা পেৰিছৰ প্ৰশাসনিক কেন্দ্ৰ। ২০২১ চনৰ জনগণনা অনুসৰি, ৰেণ্ডাৰ জনসংখ্যা ৩০৬ জন। ই লাটভিয়াৰ এজন প্ৰখ্যাত সৈনিক Pēteris Dzelzītis-ৰ জন্মস্থান হোৱাৰ বাবে বিখ্যাত।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰেণ্ডা (Renda) হৈছে লাটভিয়াৰ ক'ৰলেণ্ড অঞ্চলৰ কুল্ডিগা পৌৰসভাৰ উত্তৰ-পূব অংশত অৱস্থিত এখন ঐতিহাসিক গাঁও। এই গাঁওখন ৰেণ্ডা পেৰিছৰ প্ৰশাসনিক কেন্দ্ৰ। ২০২১ চনৰ জনগণনা অনুসৰি, ৰেণ্ডাৰ জনসংখ্যা ৩০৬ জন।১ ই লাটভিয়াৰ এজন প্ৰখ্যাত সৈনিক Pēteris Dzelzītis-ৰ জন্মস্থান হোৱাৰ বাবে বিখ্যাত। গাঁৱখনত ১৭৮৬ চনত স্থাপিত ৰেণ্ডা গীৰ্জা আছে।২

ইতিহাস

ৰেণ্ডা এখন অতি পুৰণি চহৰ, যাৰ বিষয়ে ইতিহাসত প্ৰথম উল্লেখ পোৱা যায় ১২৩০ চনত।২ ত্ৰয়োদশ শতিকাৰ সময়ছোৱাত ৰেণ্ডা আছিল প্ৰাচীন ক'ৰলেণ্ডিয়ান ভূমি ভানেমাৰ অন্যতম কেন্দ্ৰ।

১২৩৫ চনত ক'ৰলেণ্ড জাৰ্মান অৰ্ডাৰৰ অধীনলৈ অহাৰ পিছত, ৰেণ্ডাৰ স্থানীয় বাসিন্দাসকলক বলপূৰ্বকভাৱে সামৰিক বাহিনীত নিযুক্ত কৰা হৈছিল। ডাচি অৱ ক'ৰলেণ্ডৰ যুগত (১৫৬২-১৭৯৫), বিশেষকৈ ড্যুক জেকবৰ (১৬৪২-১৬৮২) শাসনকালত, এই অঞ্চলটোৱে বহু উন্নতি সাধন কৰিছিল। সেই সময়ত ৰেণ্ডা এটা উৎপাদন কেন্দ্ৰত পৰিণত হৈছিল—কাঠ, চূণ, পানী মিল, শণ বোৱাৰ, কাঁচ, নিমখ আৰু চাবোন উৎপাদনৰ লগতে মদ, সুগন্ধি আৰু বেৰেলৰ ব্যৱসায়ো চলিছিল।২

জেলগাভা দুৰ্গৰ আদালত ৰেণ্ডাৰ টেঙা ৱাইন পচন্দ কৰিছিল। কিন্তু মহান উত্তৰ যুদ্ধৰ সময়ত (১৭০০–১৭২১) এই সকলোবোৰ সম্পদ ধ্বংস কৰা হয়।২

১৯ শতিকা

১৯ শতিকাৰ সময়ছোৱাত জ্বলি যোৱা ৰেণ্ডা দুৰ্গৰ ঠাইত এটা ৰাসায়নিক কাৰখানা নিৰ্মাণ কৰা হয়। তাৰ ওচৰতে কুৰ্জেমেৰ অন্যতম বৃহৎ চামৰাৰ টেনিং প্লাণ্ট আৰু টাৰপেণ্টাইন উৎপাদনৰ সুবিধা গঢ় লৈ উঠে। এই সময়তে সাংস্কৃতিক বিকাশো আৰম্ভ হয়।২

বিংশ শতিকা

প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ আৰু তাৰ পিছৰ ছোভিয়েট দমনৰ সময়ছোৱাত ৰেণ্ডাই ব্যাপক ক্ষতি ভোগ কৰে। তথাকথিত ক’ৰেলিয়ান পাৰ্টিছান বাহিনীয়ে দখলৰ পিছত অৰণ্যলৈ গৈ ছোভিয়েট শাসনৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছিল।২

বৰ্তমান

বৰ্তমান ৰেণ্ডা এখন সৰু আৰু নিস্তব্ধ গাঁও, য’ত আছে লিলৰেণ্ডা এষ্টেট, স্থানীয় গীৰ্জা, আবাভা নদীৰ “চয়তানৰ নাও” (Devil’s Boat) নামৰ প্ৰাকৃতিক গঠন আৰু আবাভা জলপ্ৰপাত।২

তথ্যসূত্ৰ

  1. ↑ www.citypopulation.de/en/latvia/ua/kuld%C4%ABgas
  2. ↑ latvians.com/index.php?en/CFBH/SovFolkFoldOut/Re link|date=August 2026 |bot=InternetArchiveBot |fix-attempted=yes }}

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণ্ডা” প্ৰবন্ধৰ সংশোধন ৬২৫৮৩০ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।