ভাৰতৰ জনগোষ্ঠী
৪১ প্ৰবন্ধ
-
বন্ধমতী
বন্ধমতী লোকসকল ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত পোৱা এটা হিন্দু জাতি। এওঁলোকক বনবাসী বুলিও কোৱা হয়।
-
বাঞ্চপোৰ
বাঞ্চপোৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত পোৱা এটা হিন্দু জাতি।
-
ভিলালা
ভিলালা (Bhilala) হ’ল মূলতঃ মধ্য প্ৰদেশ আৰু মধ্য ভাৰতৰ মালৱা আৰু নিমাৰ অঞ্চলত পোৱা এক খিলঞ্জীয়া জনজাতীয় সম্প্ৰদায়। তেওঁলোকৰ মুঠ জনসংখ্যা প্ৰায় ১,৫০,০০০ বুলি অনুমান কৰা হৈছে, যাৰ বেছিভাগেই নিমাৰৰ কাষৰীয়া ভোপৱাৰ এজেঞ্চীত বাস কৰে।
-
ভূঞ্জিয়া
ভূঞ্জিয়াসকল হ’ল ভাৰতত বসবাস কৰা এক নৃতাত্ত্বিক গোট যিসকল মূলতঃ ওড়িশা আৰু ছত্তীছগঢ়ৰ সুনবেড়া মালভূমিত বাস কৰে। তেওঁলোকক বেছিভাগেই নুৱাপাডা জিলাত পোৱা যায়, যি প্ৰায় ২২° ৫৫′ উত্তৰ আৰু ২১° ৩০′ উত্তৰ অক্ষাংশ আৰু ৮২° ৩৫′ পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত।
-
মাল মুছলমান
উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত পোৱা এটা মুছলমান সম্প্ৰদায় হৈছে মাল মুছলমান। হিন্দু মাল জাতিৰ পৰা মুছলমানলৈ ধৰ্মান্তৰিত। এই সম্প্ৰদায়টোক বেছাতি মাল বা চুৰিৱালা বুলিও কোৱা হয়। ভাৰত চৰকাৰ আৰু পশ্চিম বংগ চৰকাৰে মাল মুছলিমক অন্যান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত কৰিছে।
-
মাল্টো জনগোষ্ঠী
মাল্টো (Malto) বা ম্যালেৰ লোকসকল হ’ল উত্তৰ-পূব ছোটনাগপুৰ মালভূমিৰ ৰাজমহল পাহাৰৰ এটা দ্ৰাবিড় জনজাতীয় গোট। তেওঁলোকক পহাৰীয়া বুলিও জনা যায়। তেওঁলোকক তিনিটা উপ-গোটত বিভক্ত কৰা হৈছে: মাল পাহাৰীয়া, সৌৰিয়া পাহাৰীয়া আৰু কুমাৰভাগ পাহাৰীয়া।
-
মুছলিম কাহাৰ
কাহাৰ উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত পোৱা এটা সম্প্ৰদায়। পৰম্পৰাগতভাৱে তেওঁলোক পাল্কী বাহক আৰু কৃষক আছিল, আৰু তেওঁলোক হিন্দু কাহাৰ জাতিৰ আছিল। কিছুমান অঞ্চলত বিশেষকৈ পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত তেওঁলোকক চৰ্দাৰ বুলিও কোৱা হয়।
-
লোধা মুছলমান
লোধা মুছলমান হৈছে ভাৰতৰ পশ্চিম বংগ ৰাজ্যত পোৱা এটা জনজাতীয় বা আদিবাসী সম্প্ৰদায়। তেওঁলোক এটা মুছলমান জনগোষ্ঠী।
-
স্বপুৰীয়া
স্বপুৰীয়া (কেতিয়াবা উচ্চাৰণ স্বানপুৰীয়া) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ লগতে বাংলাদেশতো পোৱা এটা মুছলমান সম্প্ৰদায়। এওঁলোকক বেদিয়া মাল আৰু চানপুই বুলিও কোৱা হয়।
-
হলপতি
হলপতিসকলে মূলতঃ ভাৰতৰ গুজৰাট ৰাজ্যত বসবাস কৰে। ইয়াৰ উপৰিও ওচৰ-চুবুৰীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহতো তেওঁলোকৰ কম সংখ্যক জনসংখ্যা আছে। তেওঁলোকক তালাভিয়া বা তালৱী ৰাথোড় বুলিও জনা যায়।
-
হাজ্জাম
হিজামা, যাক কাপিং বুলিও কোৱা হয়, ভাৰতৰ কাপিং থেৰাপীৰ বাবে জনাজাত এটা জনগোষ্ঠী। হিজামা শব্দটো আৰবী শব্দ আল হাজমৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "শোহা", একপ্ৰকাৰ চিকিৎসা পদ্ধতিক বুজায়। আৰব দেশত এজন এই পদ্ধতি অনুশীলনকাৰীক হিজামা বুলি কোৱা হৈছিল, আৰু ভাৰততো এই নাম ব্যৱহাৰ কৰা হৈছিল।