অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভূঞ্জিয়া

ভূঞ্জিয়াসকল হ’ল ভাৰতত বসবাস কৰা এক নৃতাত্ত্বিক গোট যিসকল মূলতঃ ওড়িশা আৰু ছত্তীছগঢ়ৰ সুনবেড়া মালভূমিত বাস কৰে। তেওঁলোকক বেছিভাগেই নুৱাপাডা জিলাত পোৱা যায়, যি প্ৰায় ২২° ৫৫′ উত্তৰ আৰু ২১° ৩০′ উত্তৰ অক্ষাংশ আৰু ৮২° ৩৫′ পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ভূঞ্জিয়াসকল হ’ল ভাৰতত বসবাস কৰা এক নৃতাত্ত্বিক গোট যিসকল মূলতঃ ওড়িশা আৰু ছত্তীসগঢ়ৰ সুনবেড়া মালভূমিত বাস কৰে। তেওঁলোকক বেছিভাগেই নুৱাপাডা জিলাত পোৱা যায়, যি প্ৰায় ২২° ৫৫′ উত্তৰ আৰু ২১° ৩০′ উত্তৰ অক্ষাংশ আৰু ৮২° ৩৫′ পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। ই খৰিয়াৰ জমিদাৰীৰ অংশ আছিল, যিয়ে ১৯৩৬ চনৰ ১ এপ্ৰিললৈকে চেণ্ট্ৰেল প্ৰভিন্সৰ ছত্তীছগঢ় ডিভিজনৰ ৰায়পুৰ জিলাৰ পূব আৰু দক্ষিণ-পূব অঞ্চল গঠন কৰিছিল। ওড়িশা গঠন হোৱাৰ সময়ত ইয়াক হস্তান্তৰ কৰা হয়। বৰ্তমান ই ওড়িশাৰ নুৱাপাডা জিলাৰ কোমন ব্লকত অৱস্থিত।১ ছত্তীছগঢ়ত তেওঁলোকক ৰায়পুৰ জিলাত পোৱা যায়।২

সংস্কৃতি

ভূঞ্জিয়াসকলক দুটা মূল ভাগত বিভক্ত কৰা হৈছে, যথা— চিণ্ডা ভূঞ্জিয়া আৰু চৌখুটিয়া ভূঞ্জিয়া। চৌখুটিয়া ভূঞ্জিয়াসকল কেৱল সুনবেড়া মালভূমিৰ পাহাৰীয়া আৰু পৰিৱেশগতভাৱে নিৰ্জন অঞ্চলত সীমাবদ্ধ, যাৰ বাবে তেওঁলোকে বাহিৰৰ লোকৰ পৰা দূৰত্ব বজাই ৰাখে। কিন্তু চিণ্ডা ভূঞ্জিয়াসকল সাধাৰণতে সমতল ভূমিত বাস কৰে আৰু জনজাতীয় তথা অ-জনজাতীয় সম্প্ৰদায়ৰ সৈতে তেওঁলোকৰ ঘনিষ্ঠ যোগাযোগ থাকে। ভূঞ্জিয়াসকলৰ ধৰ্মীয় জীৱন অতি সৰল। তেওঁলোকে বহু দেৱ-দেৱীক বিশ্বাস কৰে আৰু বিভিন্ন মাহত বিভিন্ন ধৰ্মীয় অনুষ্ঠানত তেওঁলোকৰ পূজা কৰে।

তেওঁলোকৰ প্ৰধান উৎসৱসমূহ হ’ল দশেৰা, চাৱল ধোনা আৰু নয়া খানা।৩ তেওঁলোকে একবিবাহ প্ৰথা পালন কৰে। বিবাহৰ আটাইতকৈ প্ৰচলিত পদ্ধতিসমূহৰ ভিতৰত বিনিময় আৰু পলুৱাই নিয়া প্ৰথা অন্যতম। তেওঁলোকৰ মাজত লেভিৰেট (দেৱৰেক বিয়া কৰোৱা) আৰু চৰ’ৰেট (খুলশালীক বিয়া কৰোৱা) প্ৰকাৰৰ বিবাহো প্ৰচলিত। তেওঁলোকৰ মাজত কন্যাৰ মূল্য (bride price) দিয়াৰ প্ৰথা প্ৰচলিত নহয়।৩

ভূঞ্জিয়া মৌখিক পৰম্পৰা

ড° মহেন্দ্ৰ কুমাৰ মিশ্ৰই তেওঁৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ অৰেল এপিক্‌ছ অৱ কালাহাণ্ডী (২০০৭)-ত ভূঞ্জিয়া সম্প্ৰদায়ৰ চহকী লোকসংস্কৃতি লিপিবদ্ধ কৰিছে। দেৱী সুনাদীৰ মিথ, সুনবেড়াৰ পৰা ধানৰ উৎপত্তি আৰু ভূঞ্জিয়াৰ উৎপত্তিৰ মিথসমূহ তেওঁৰ কিতাপখনত বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও চিনাপালিৰ সুৰেন্দ্ৰ কুমাৰ মিশ্ৰই ভূঞ্জিয়া সংস্কৃতিৰ ওপৰত এখন গ্ৰন্থ লিখিছে, যিখন ভূৱনেশ্বৰৰ জনজাতীয় ভাষা আৰু সংস্কৃতি একাডেমীয়ে প্ৰকাশ কৰিছে। তেওঁলোকৰ আল্লাহ উদল, তুলসী বীৰ, মান্ধাৰ মাঝি আৰু দেৱী সুনাদীৰ জীৱনৰ মহাকাব্যিক গীতসমূহ ভূঞ্জিয়া গায়ক, পুৰোহিত আৰু গুৰুমাইসকলে গোৱা কিছুমান গুৰুত্বপূৰ্ণ আখ্যান।৪৫

ভাষা

ভূঞ্জিয়া ভাষীসকল ইণ্ডো-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত। তেওঁলোকে হাল্বিক ভাষাসমূহৰ অংশ ভূঞ্জিয়া ভাষাত কথা কয়, যিটোক ওড়িয়া, মাৰাঠী আৰু ছত্তীছগঢ়ী ভাষাৰ মিশ্ৰণ বুলি গণ্য কৰা হয়। অৱশ্যে এছ চি ডুবেই ছত্তীছগঢ়ৰ মিথ আৰু মৌখিক পৰম্পৰা বিশ্লেষণ কৰি ভূঞ্জিয়াসকলক বস্তাৰৰ হালবাসকলৰ এটা শাখা বুলি গণ্য কৰে, যিসকলে ধাকাৰসকলৰ সৈতে হোৱা বিবাদৰ বাবে বস্তাৰৰ পৰা পলাই আহিছিল।

তথ্যসূত্ৰ

  1. ↑ Mohanty, P.K. (2004). Encyclopaedia of Primitive Tribes in India. Encyclopaedia of Primitive Tribes in India. Kalpaz Publications. পৃ. 104. ISBN 978-81-7835-278-7
  2. ↑ Singh, K.S.; Anthropological Survey of India. (1992). People of India: Odisha (2 pts.). People of India. Anthropological Survey of India. পৃ. 377. ISBN 978-81-7046-293-4
  3. ↑ Bhunjia. Home
  4. ↑ Mishra, M.K.; National Folklore Support Centre (India). (2007). Oral Epics of Kalahandi. National Folklore Support Centre. ISBN 978-81-901481-9-1
  5. ↑ Misra, Surendra Kumara. (2002). Cuktia Bhuñjia samskrti o loka sahitya. Adibasi Bhasha o Samskrti Ekademi. ISBN 81-88010-08-1

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূঞ্জিয়া” প্ৰবন্ধৰ সংশোধন ৬২৭৩৩৭ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।