অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীলতা বাটলিৱালা

শ্ৰীলতা বাটলিৱালা (Srilatha Batliwala) এগৰাকী সমাজ কৰ্মী, নাৰী অধিকাৰৰ সমৰ্থক, বিদ্বান, নাৰী সবলীকৰণৰ বহু গ্ৰন্থৰ লেখিকা। তেওঁ কৰ্ণাটকৰ বাংগালুৰুৰ বাসিন্দা। ১৯৭০ দশকৰ শেষাৰ্দ্ধৰ পৰা তেওঁ তৃণমূল পৰ্যায়ৰ সক্ৰিয়তা, পোষকতা, পাঠদান, গৱেষণা, প্ৰশিক্ষণত জড়িত হৈ আছে।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৪ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শ্ৰীলতা বাটলিৱালা (Srilatha Batliwala) এগৰাকী সমাজ কৰ্মী, নাৰী অধিকাৰৰ সমৰ্থক, বিদ্বান, নাৰী সবলীকৰণৰ বহু গ্ৰন্থৰ লেখিকা। তেওঁ কৰ্ণাটকৰ বাংগালুৰুৰ বাসিন্দা। ১৯৭০ দশকৰ শেষাৰ্দ্ধৰ পৰা তেওঁ তৃণমূল পৰ্যায়ৰ সক্ৰিয়তা, পোষকতা, পাঠদান, গৱেষণা, প্ৰশিক্ষণত জড়িত হৈ আছে।১

১৯৮০ দশকৰ মাজভাগমানৰ পৰা মহিলা সবলীকৰণৰ সংজ্ঞা দিবলৈ আৰম্ভ কৰা হয়, যিটো বাটলিৱালাৰ মতে এনে এটা পৰিভাষা, যিয়ে "কল্যাণ, উত্থান, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু দৰিদ্ৰতা নিৰ্মূলকৰণ"ক বুজায়।২৩

জীৱনী

ভাৰতৰ বেংগালুৰুত বাটলিৱালাৰ জন্ম হয়। মুম্বাইৰ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ পৰা তেওঁ সমাজ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪ ১৯৭০ চনৰ শেষৰ ফালৰ পৰা ১৯৯০ চনৰ শেষলৈকে তেওঁ ভাৰতত নাৰীবাদী আন্দোলনৰ প্ৰসাৰ, মহিলাৰ নেতৃত্বসুলভ গুণৰ বিকাশ কৰা, লিংগ-সংবেদনশীল বিষয়সমূহ নিৰীক্ষণ আৰু মূল্যায়ন কৰা আদি কাম কৰিছিল। চাৰিটা প্ৰতিষ্ঠান আৰু দুটা তৃণমূল পৰ্যায়ৰ নাৰীবাদী অভিযানত তেওঁৰ ভূমিকা আছিল। নব্বৈৰ দশকৰ মাজভাগৰ পৰা বেংগালুৰুৰ বাহিৰত বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত কাম কৰি আহিছে; নিউয়ৰ্ক মহানগৰৰ ফৰ্ড ফাউণ্ডেশ্যনৰ প্ৰগ্ৰেম অফিচাৰ হিচাপে (১৯৯৭ - ২০০০); হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত 'আন্তঃৰাষ্ট্ৰীয় নাগৰিক সমাজ, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় তৃণমূল পৰ্যায়ৰ আন্দোলন'ৰ ওপৰত হাউজাৰ চেণ্টাৰ ফৰ ননপ্ৰফিট অৰ্গেনাইজেচনৰ চিভিল ছ'চাইটি ৰিচাৰ্চ ফেলো আৰু নিউয়ৰ্ক মহানগৰৰ ৱ’ৰ্ড অফ দ্য ৱুমেনছ্ এনভিৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেছনৰ অধ্যক্ষ।১

বাটলিৱালা নাৰীৰ অধিকাৰৰ সৈতে জড়িত বহু সংস্থাৰ সৈতে সক্ৰিয়ভাৱে জড়িত; যেনে- "এছোচিয়েচন ফৰ উইমেনছ ৰাইটছ ইন ডেভেলপমেণ্ট"ৰ (AWID) স্কলাৰ এছোচিয়েট, "জেণ্ডাৰ এট ৱৰ্ক" ব’ৰ্ডৰ (মহিলাৰ এক বিশ্বব্যাপী নেটৱৰ্ক) সহ-সভাপতি, আৰু ১৯৮৪ চনত নগৰীয়া দৰিদ্ৰসকলে সমাজৰ উন্নয়নমূলক কামত অংশগ্ৰহণৰ সুবিধাৰ বাবে প্ৰতিষ্ঠা কৰা সমুদয়া নিৰ্মাণ সহায়ক আৰু মুম্বাইৰ SPARC-ৰ ব'ৰ্ড সদস্য। তেওঁ বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ নেচনেল ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজতো কৰ্ণাটকৰ নাৰীৰ মৰ্যাদাৰ বিষয়ে গৱেষণা কৰিছিল। তেওঁৰ সৱলীকৰণৰ কাৰ্যই গ্ৰাম্য আৰু চহৰীয়া উভয় অঞ্চলৰ দৰিদ্ৰ আৰু দলিত মহিলাসকলক উপকৃত কৰিছে।৩ [5] গাঁৱৰ দৰিদ্ৰ আৰু অশিক্ষিত মহিলাসকলক পঞ্চায়তীৰাজৰ অন্তৰ্গত স্থানীয় স্বশাসিত সংস্থাসমূহলৈ নিৰ্বাচিত হোৱাৰ সুবিধা প্ৰদান কৰাটো বিশেষভাবে উল্লেখযোগ্য; কেইবাখনো জিলাত তেওঁলোকৰ প্ৰতিনিধিত্ব মহিলাৰ বাবে নিৰ্ধাৰিত ৩৩% সংৰক্ষণ সীমাৰ বহু ওপৰত আছিল।

প্ৰকাশন

বাটলিৱালাৰ নাৰী সৱলীকৰণ আৰু উন্নয়নৰ বিষয়সমূহৰ ওপৰত বহু ৰচনা আছে। ২০টাতকৈও অধিক ভাষাত প্ৰকাশিত তেওঁৰ সুপৰিচিত গ্ৰন্থ Women's Empowerment in South Asia – Concepts and Practices (১৯৯৩), যিখন মহিলা সবলীকৰণৰ বাবে প্ৰশিক্ষণ হাতপুথি হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হয়। তেওঁৰ আন গুৰুত্বপূৰ্ণ প্ৰকাশনসমূহ হ'ল: লিংগ সমীকৰণৰ বিষয়ে ষ্টেটাচ অফ ৰুৰেল ৱুমেন ইন কৰ্ণাটক (১৯৯৮); লিংগ সমতাৰ বিষয়ে ট্ৰেন্সনেচনেল চিভিল ছ'চাইটি: এন ইণ্ট্ৰ’ডাকচন ৱিথ লয়ড ডেভিদ ব্ৰাউন (২০০৬);৫ গ্ৰাছৰুট মুভমেণ্টছ এজ গ্ল'বেল এক্টৰছ; আৰু ফেমিনিষ্ট লিডাৰশ্বিপ ফৰ ছ'চিয়েল ট্ৰেন্সফৰ্মেচন: ক্লিয়াৰিং দ্য কনচেপচুৱেল ক্লাউড (২০১১)।৬

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Srilatha Batliwala. Justassociates Organization
  2. ↑ Sahay 1998, পৃ. 18
  3. ↑ (5 March 2014). Are women's movements a force for change?. The Guardian
  4. ↑ Srilatha Batliwala. learningpartnership.org learningpartnership.org
  5. ↑ Batliwala Brown 2006, পৃ. reviewpage
  6. ↑ Batliwala 2011, পৃ. review page

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নাৰীবাদী লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীলতা বাটলিৱালা” প্ৰবন্ধৰ সংশোধন ৪১৯৭১৪ (২৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।