বাদ্যযন্ত্ৰ
৪০ প্ৰবন্ধ
-
চ্যাব্ৰুং
চ্যাব্ৰুং, নেপালৰ লিম্বু ভাষাত যাক কায় বা কে বুলিও জনা যায়, ই নেপাল, ছিকিম, দাৰ্জিলিং পাহাৰ আৰু উত্তৰ-পূব ভাৰতৰ লিম্বু সম্প্ৰদায়ৰ মাজত প্ৰচলিত এটা পৰম্পৰাগত ঢোল। চ্যাব্ৰুং হৈছে প্ৰায় দুই মিটাৰ ব্যাসৰ আৰু দুফুট দৈৰ্ঘ্যৰ এটা দীঘলীয়া কাঠৰ ঢোল।
-
ছ’পিলে (বাদ্যযন্ত্ৰ)
ছ'পিলে (Sopile) বা ইষ্ট্ৰিয়াত যাক ৰ'জেনিচ বুলিকোৱা হয়; ক্ৰ'ৱেচিয়াৰ এটা প্ৰাচীন পৰম্পৰাগত কাঠৰ বায়ু প্ৰবাহৰ দ্বাৰা বজোৱা ওবো বা শ্বাউমৰ দৰেই বাদ্যযন্ত্ৰ। ইয়াক কোৱাৰ্নাৰ, কাষ্টাভ, ভিনোডল, ক্ৰৱেচিয়াৰ আইলেণ্ড Krk আৰু ইষ্ট্ৰিয়া অঞ্চলত ব্যৱহাৰ কৰা হয়।
-
ছ’ৰ্ণা
ছৰ্ণা (Sorna) বা ছ’ৰ্ণা ইৰাণৰ এবিধ কাঠেৰে নিৰ্মিত বতাহৰ দ্বাৰা বজোৱা বা সুষিৰ প্ৰাচীন বাদ্যযন্ত্ৰ।
-
জলতৰংগ
জলতৰং (হিন্দী: जलतरंग) হৈছে এটা সুৰীয়া তালৰ যন্ত্ৰ যি ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হৈছে। ইয়াত পানীৰে ভৰা চিৰামিক বা ধাতুৰ বাটিৰ এটা ছেট থাকে। বাটিবোৰৰ প্ৰান্তত দুহাতত এটা এটাকৈ কাঠৰ লাঠিৰে আঘাত কৰি বজোৱা হয়।
-
দাৰখুৱাং
দাৰখুৱাং, যাক জামলুৱাং বুলিও কোৱা হয়, ভাৰতৰ উত্তৰ-পূব অংশৰ মিজোৰাম ৰাজ্যত নৃত্য আৰু উৎসৱৰ উদযাপনৰ সাংস্কৃতিক কাৰ্যকলাপৰ অংশ হিচাপে সংগীতত ব্যৱহাৰ কৰা এটা বৃহৎ পিতলৰ ঢোল। ই এটা মহামূল্যবান ঢোল।
-
নৌমতি বাজা
নৌমতি বাজা (Naumati baaja) হ'ল নটা বাদ্যযন্ত্ৰৰ সামূহিক গোট৷ এইটো পঞ্চা বাদ্যৰ বৃহত্তৰ ৰূপ, ইয়াত আৰু চাৰিটা বাদ্য সংযোজন কৰা হৈছে। ইয়াৰ ভিতৰত দমহা, ঝিয়ালি, তাম্কো, ঢোলক, চেহনাই, কৰ্ণাল, আৰু নৰসিংহ বাদ্যযন্ত্ৰ অন্তৰ্ভুক্ত, ইয়াৰে দুটাকৈ চেহনাই আৰু দমাহা৷ চেহনাই আৰু নৰসিংহ ফুঁৱাই, ডাঙৰ দমাহা, সৰু…
-
পিয়ান'
পিয়ান (Piano) এটা সুৰীয়া বাদ্যযন্ত্ৰ, যিটো কি-বোৰ্ড বাদ্যযন্ত্ৰৰ অন্তৰ্গত। ইয়াত হাতৰে বজাব পৰা ধুনীয়া কি (চাবি) থাকে যিবোৰে হাওঁ-দেওঁ কাঠৰ তন্তুৰ ওপৰত হাতুৰীৰ দৰে আঘাত কৰি শব্দ উৎপন্ন কৰে।
-
বব্বিলী বীণা
বব্বিলী বীণা হ’ল কৰ্ণাটকী শাস্ত্ৰীয় সংগীতত ব্যৱহৃত এক বৃহৎ গুণাগুণ থকা তন্ত্ৰীবাদ্য। যি ঠাইত এই বীণা আৱিষ্কাৰ কৰা হৈছিল, সেই বব্বিলীৰ নামেৰেই ইয়াৰ নামকৰণ কৰা হৈছে। ২০১১ চনত এই সংগীত যন্ত্ৰটোৱে ভাৰত চৰকাৰৰ পৰা ভৌগোলিক স্বীকৃতি (Geographical Indication) লাভ কৰে।
-
বাম্বোলা
বাম্বোলা (ইংৰাজী: Bamboula) হৈছে পশ্চিম আফ্ৰিকাৰ পৰা উদ্ভৱ হোৱা এক বিশেষ তাল, নৃত্য আৰু আনৱদ্ধ বাদ্যযন্ত্ৰ বা এক প্ৰকাৰৰ ঢোল যিটো এটা ৰামৰ পিপাৰ এটা মূৰত ছাল টানি তৈয়াৰ কৰা হয়। ই এই ঢোলৰ সংগীতৰ সৈতে পৰিৱেশন কৰা এক নৃত্যকো বুজায়।
-
লোক-বাদ্য
লোক-বাদ্য (ইংৰাজী: Folk instrument) হৈছে কিছুমান পৰম্পৰাগত বাদ্যযন্ত্ৰ যিবোৰ পৰম্পৰাগত লোক-সংগীতৰ সৈতে বজোৱা হয়, আৰু সাধাৰণতে শাস্ত্ৰীয় সংগীত বা সংশ্লিষ্ট সংস্কৃতিৰ অন্যান্য অভিজাত আৰু আনুষ্ঠানিক সংগীত ধাৰাসমূহত ব্যৱহাৰ কৰা নহয়, যদিও ইয়াৰ সৈতে জড়িত বাদ্যযন্ত্ৰ হয়তো ব্যৱহাৰ কৰা হ'ব পাৰে।