বাম্বোলা (ইংৰাজী ভাষা: Bamboula) হৈছে পশ্চিম আফ্ৰিকাৰ পৰা উদ্ভৱ হোৱা এক বিশেষ তাল, নৃত্য আৰু আনৱদ্ধ বাদ্য বা এক প্ৰকাৰৰ ঢোল যিটো এটা ৰামৰ পিপাৰ এটা মূৰত ছাল টানি তৈয়াৰ কৰা হয়।১ ই এই ঢোলৰ সংগীতৰ সৈতে পৰিৱেশন কৰা এক নৃত্যকো বুজায়।
ব্যুৎপত্তি
এই শব্দটো পৰ্তুগীজ গিনিত প্ৰচলিত দুটা ভাষাৰ পৰা আহিছে:
- চাৰাৰ বা চাদাল ভাষাৰ শব্দ, ka-mombuloñ; (সম্ভৱতঃ চেৰৰ ভাষা)
- বোলা (ব্লামা, জুয়ান বা জুয়াল) ভাষাৰ শব্দ, kam-bumbulu (সম্ভৱতঃ জোলা-ফনি ভাষা)
এই দুয়োটাৰে অৰ্থ হৈছে ঢোল।২ ৩
নৃত্য হিচাপে
আফ্ৰিকাত উৎপত্তিস্থল থকা বাম্বোলা নৃত্যৰ আৰ্হি ১৭৫৭ চনত হাইটিৰ এটা গীতত দেখা গৈছিল। ই হাইটিৰ (তেতিয়াৰ চেইণ্ট-ডমিংগুৱে) উৎসৱ আৰু অনুষ্ঠানৰ সময়ত ঢোলৰ তালে তালে পৰিৱেশন কৰা এক চিনেকোপেটেড (syncopation) নৃত্য হৈ পৰিছিল। পৰৱৰ্তী সময়ত ১৮ শতিকাত হাইটিৰ বিপ্লৱৰ পিছত বিশেষকৈ হস্পানিঅ’লা দ্বীপৰ পৰা স্থানান্তৰিত ফৰাচী উপনিৱেশকাৰীসকলৰ আগমণৰ লগে লগে নিউ অৰলিন্সলৈ নিৰ্বাসিত কৰা দাসসকলৰ জৰিয়তে লুইজিয়ানা হৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ (বিশেষকৈ ম'বাইল, আলাবামা আৰু ভাৰ্জিন দ্বীপপুঞ্জলৈ) এই নৃত্যৰ প্ৰসাৰ ঘটে।৪৫৬ এই দাসসকলে নিউ অৰলিন্সৰ ফৰাচী কোৱাৰ্টাৰৰ কাষৰ কঙ্গো স্কোৱাৰত সমবেত হৈ বাম্বোলা নৃত্য পৰিৱেশন কৰিছিল। বিদ্ৰোহৰ আশংকাত ১৬৭২ চনৰ ৮ আগষ্টত গৱৰ্ণৰ জৰ্গেন ইভাৰচেনে চেইণ্ট থমাছ দ্বীপত বাম্বোলা নৃত্য নিষিদ্ধ কৰিছিল।৭
তাল হিচাপে
"বাম্বোলা তাল" (bamboula rhythm) নিউ অৰলিন্সৰ সংগীতৰ বাবে মৌলিক, য’ত জ্যাজ আৰু চেকেণ্ড লাইন সংগীত অন্তৰ্ভুক্ত। ইয়াক এটা ৩+৩+২ পলিৰিথমিক আৰ্হিৰে চিহ্নিত কৰা হয়।২ ষ্টেণ্টন মুৰে ইয়াক হাইটিৰ 'চিনকুইলো' (cinquillo) বুলি উল্লেখ কৰিছে।৮ "মুৰে লিখিছে যে এই মাৰ্ডি গ্ৰা ইণ্ডিয়ান তালটোক (বাম্বোলা "হাইটিৰ বেল ৰিডম") ইণ্ডিয়ানসকলৰ হাইটিৰ শিপালৈ অনুসৰণ কৰিব পাৰি। একেদৰে, মুৰে ৩+৩+২ আৰ্হিটো (চিত্ৰ ২-ত থকা বেছ ড্ৰাম ৰিডম) হাইটিৰ 'ট্ৰেচিল' (tresillo) হিচাপে উল্লেখ কৰিছে।" - ৰবাৰ্ট জে. ডেম২

১৮৪৮ চনত লুইজিয়ানাৰ নিউ অৰলিন্সত জন্মগ্ৰহণ কৰা আমেৰিকান সুৰকাৰ লুই মৰো গটশ্বাল্কে, যাৰ মাতামহী চেইণ্ট-ডমিংগুৱেৰ নিবাসী আছিল, তেওঁ বাম্বোলা (Bamboula) শীৰ্ষক এটা সংগীত ৰচনা কৰিছিল। ই আছিল ক্ৰিঅ’ল অনুপ্ৰাণিত চাৰিটা পিয়ানো কৃতিৰ ভিতৰত প্ৰথমটো, যিটো তেওঁৰ লুইজিয়ানা কোৱাৰ্টেট হিচাপে জনাজাত।
জাতিগত অপমানজনক শব্দ হিচাপে
বৰ্তমানৰ ফৰাচী ভাষা ভাষাত, বাম্বোলা (bamboula) শব্দটো ক'লা ছালৰ লোকসকলৰ প্ৰতি ব্যৱহাৰ কৰা এটা জাতিগত অপমানজনক শব্দ (ethnic slur) হৈ পৰিছে।৯১০১১
বাহ্যিক সংযোগ
- বাম্বোলা নৃত্যৰ ঢোল (অডিঅ' নমুনা অন্তৰ্ভুক্ত), স্মিথচোনিয়ান গ্ল’বেল চাউণ্ড।
- বাম্বোলা নৃত্য, চানি ৱাটছনৰ StreetSwing
- Morris, Ayesha. (February 25, 2006). The Power of Dance: Bamboula has deep and strong ties to African heritage, island history and freedom fight. The Virgin Islands Daily News
তথ্যসূত্ৰ
- ↑ Valdman, Albert. (1998). Dictionary of Louisiana Creole. Indiana University Press. ISBN 978-0-253-33451-0
- ↑ Damm, Robert. (1 July 2015). Remembering bamboula. Percussive Notes. Mississippi State University Scholars Junction
- ↑ Johnston, Harry. (1977). A comparative study of the Bantu and semi-Bantu languages. AMS Press. পৃ. 753. ISBN 040412092X
- ↑ Society of Arts and Crafts. (1919). Theatre Arts. Theatre Publications, Inc
- ↑ Federal Writers' Project. (1947). Louisiana: A Guide to the State. Hastings House. পৃ. 98, 279
- ↑ Courlander, Harold. (December 2002). A Treasury of Afro-American Folklore: The Oral Literature, Traditions, Recollections, Legends, Tales, Songs, Religious Beliefs, Customs, Sayings and Humor of Peoples of African American Descent in the Americas. Marlowe Company. পৃ. 94–95. ISBN 978-1-56924-501-9
- ↑ Davis, Olasee. (10 September 2018). Bamboula dancing's rich history in the V.I. and beyond. The Virgin Islands Daily News
- ↑ Moore, Stanton. (2005). Take it to the street: a study in New Orleans Street Beats and Second-line Rhythms as applied to funk. Carl Fischer, LLC. পৃ. 40. ISBN 9780825857133
- ↑ Justice for Theo: 'Police abuse is an everyday thing'. www.aljazeera.com
- ↑ Amiri, Maral. (22 August 2007). Un enseignant condamné pour avoir appelé son élève " bamboula ". www.afrik.com
- ↑ DH.be. "Bamboula, rentre chez toi, sale nègre"
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাম্বোলা” প্ৰবন্ধৰ সংশোধন ৫৯০৫৬৭ (১৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।