ইন্দ্ৰপ্ৰস্থ মহিলা মহাবিদ্যালয়, যাক ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয় বা আই পি মহাবিদ্যালয় বুলিও জনা যায়,১ হৈছে ভাৰতৰ দিল্লীৰ আটাইতকৈ পুৰণি মহিলা মহাবিদ্যালয়। ১৯২৪ চনত স্থাপিত, এই দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ এখন মহিলা মহাবিদ্যালয়।২৩৪
প্ৰতিষ্ঠানখনে অৰ্থনীতি, লিবাৰেল আৰ্ট, বাণিজ্য, সাহিত্য, কম্পিউটাৰ বিজ্ঞান, গণ মাধ্যম আৰু গণ সংযোগত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়।৫৬৭ ২০২০ চনত, ইণ্ডিয়া টুডেৰ দ্বাৰা এই মহাবিদ্যালয় খনে ভাৰতৰ কলা মহাবিদ্যালয়সমূহৰ ভিতৰত ১১ তম স্থান লাভ কৰিছিল।৮
ইতিহাস
আই পি মহাবিদ্যালয়ৰ উৎপত্তিস্থল পূৰ্বে ইন্দ্ৰপ্ৰস্থ ছোৱালী বিদ্যালয় আছিল। মহাবিদ্যালয় খনক ১৯০৪ চনত পুৰণি দিল্লীৰ ছিপীৱাৰাত লালা যুগল কিশোৰৰ নেতৃত্বত দিল্লীৰ থিওচ'ফিষ্টৰ এটা গোটে প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ আৰু থিওচোফিষ্ট এনি বেচেণ্টৰ আহ্বানত প্ৰতিষ্ঠা কৰিছিল। ১৯২৪ চনত ইণ্টাৰমিডিয়েত বিদ্যালয় যোগ দিয়া হৈছিল আৰু ইন্দ্ৰপ্ৰস্থ মহিলা মহাবিদ্যালয়ৰ, অস্তিত্ব লাভ কৰিছিল, লিওনোৰা গ্মেইনাৰ (দক্ষিণ অষ্ট্ৰেলিয়াৰ কাপুণ্ডাৰ পৰা) মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ হিচাপে যোগদান কৰিছিল।৯১০
১৯২২ চনত প্ৰতিষ্ঠিত দিল্লী বিশ্ববিদ্যালয়ে, শীঘ্ৰেই এই মহাবিদ্যালয়ক উপমহাবিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। মহাবিদ্যালয়খন স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম ১৯৩০ ৰ দশকত আৰম্ভ কৰা হৈছিল আৰু ১৯৩৪ চনত, বিশ্ববিদ্যালয়খনে আই.পি. মহাবিদ্যালয়ক স্নাতক ডিগ্ৰীৰ মহাবিদ্যালয় হিচাপে তালিকাভুক্ত কৰিছিল। পূৰ্বতে ছিপিৱাৰাত অৱস্থিত মহাবিদ্যালয়খন পৰৱৰ্ত্তী সময়ত চন্দ্ৰৱালী ভৱনৰ চিভিল লাইনলৈ স্থানান্তৰিত কৰা হয়। আকৌ পুনৰ আলিপুৰ ৰোডৰ পৰা আলিপুৰ হাউচলৈ স্থানান্তৰিত কৰা হয় (বৰ্তমানৰ শ্বাম নাথ ৰোড), যি হৈছে বৰ্তমানৰ ১৯৩৮ চনত কাশ্মীৰী গেটৰ ওচৰত সেনাধ্যক্ষৰ প্ৰাক্তন কাৰ্যালয়। ভৱনটো এটা ঐতিহ্যমণ্ডিত সম্পত্তিত পৰিণত হৈছে।১১
১৯৫২ চনত, মহাবিদ্যালয়খনৰ দ্বিতীয় অধ্যক্ষৰ নামেৰে নামকৰণ কৰা কালাৱতী গুপ্তা হোষ্টেল উদ্বোধন কৰা হয়।১২
১৯৮৪ চনৰ ৩ জুলাইত মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠিত হয়।১৩
২০০৯ চনত, ১.৫৩ একৰ (৬,২০০ মি২) মহাবিদ্যালয় চৌহদত ২০০জন শিক্ষাৰ্থীৰ বাবে এটা হোষ্টেল নিৰ্মাণ কৰা হৈছিল।১৪
চৌহদ
সুবিধাসমূহ
- পুথিভঁৰাল
- অডিটৰিয়াম
- দুটা কম্পিউটাৰ কক্ষ
- অডিঅ’ভিজুৱেল প্ৰডাকচন কেন্দ্ৰ
- চিকিৎসালয় কক্ষ
- কেফেতেৰীয়া
- দুটা আৱাস
খেলৰ সুবিধা সমূহ
- জিমনাজীয়াম
- বাস্কেটবল কৰ্ট
- টেনিছ কৰ্ট
- বেডমিণ্টন কৰ্ট
- স্কোৱাছ কৰ্ট
- শ্বুটিং ৰেঞ্জ
- টেবল টেনিছ
- জুদ' ফ্লৰ
- চুইমিং পুল
প্ৰতিস্থান আৰু প্ৰশাসন
কেন্দ্ৰসমূহ
- পৃথিৱী অধ্যয়ন কেন্দ্ৰ১৫
- সংগ্ৰহালয় আৰু আৰ্কাইভ শিক্ষণ সম্পদ কেন্দ্ৰ১৬
- অনুবাদ আৰু অনুবাদ অধ্যয়ন কেন্দ্ৰ১৭
- আন্তঃশাখা অধ্যয়ন কেন্দ্ৰ
বিত্তীয় সহায়
অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীসকল মাচুল ৰেহাইৰ বাবে যোগ্যতা প্ৰদান কৰা হয়। যোগ্যতা আৰু মেধাৰ ভিত্তিত নিৰ্বাচিত শিক্ষাৰ্থীসকলক মহাবিদ্যালয়ৰ তৰফৰ পৰা বৃত্তিও প্ৰদান কৰা হয়।মহাবিদ্যালয়ৰ পুথিভঁৰালত এটা গ্ৰন্থৰ বেংকৰ সুবিধা আছে য'ৰ পৰা প্ৰয়োজনীয় অনুভৱ কৰা শিক্ষাৰ্থীসকলে গোটেই শিক্ষাবৰ্ষৰ বাবে পাঠ্যপুথি ধাৰলৈ ল'ব পাৰে।দিল্লী বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুসূচীত জাতি/অনুসূচীত জনজাতি/বিপিএল/পিডব্লিউডি শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে কিছুমান বিশেষ বৃত্তিও প্ৰদান কৰা হয়।
শিক্ষাৰ্থীৰ জীৱন
ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয় হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ একমাত্ৰ মহাবিদ্যালয় যিয়ে গণ মাধ্যম আৰু গণ সংযোগ (বিএমএমএমচি)ৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে।১৮
২০০৫ চনত, মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় সেৱা আঁচনি (এনএছএছ) আৰু নেচনেল কেডেট কৰ্পছ (এনচিচি)ৰ কাৰ্যালয়ৰ সৈতে চাইবাৰ কেফে শাখাৰ সৈতে সংযোজিত হৈছে।১৯
২০১৪ চনত, আই পি কলেজ দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰথমখন মহাবিদ্যালয়ৰ ভিতৰত এখন যিয়ে পৰিৱেশ অধ্যয়নৰ আনুষ্ঠানিক বিভাগ স্থাপন কৰে, যি হৈছে ইয়াৰ কনিষ্ঠতম বিভাগ।২০
প্ৰতিটো বসন্তত, মহাবিদ্যালয়খনে ইয়াৰ বাৰ্ষিক উৎসৱ শ্ৰুতি উদযাপন কৰে।২১ অন্যান্য জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত আছে ইংৰাজী তৰ্ক সমাজৰ দ্বাৰা আয়োজিত বাৰ্ষিক তৰ্ক প্ৰতিযোগিতা ভিভাদ২২আৰু নাট সমাজৰ দ্বাৰা আয়োজিত বাৰ্ষিক থিয়েটাৰ ফেষ্ট কিৰদাৰ।২৩
পূৰ্বৰ অধ্যক্ষসকল
- লিওনাৰা জি মাইনাৰ, প্ৰথম অধ্যক্ষ, ১৯২৪
- অৰুণা চিতেশ (১৯৯৭-২০০৭)
তথ্যসূত্ৰ
- ↑ 10 College Societies that will convince you to join DU today. Dainik Jagran
- ↑ Top Delhi University Women Colleges, Know Course-Wise Cut Off. NDTV
- ↑ Women, education and politics: the women's movement and Delhi's Indraprastha College, by Meena Bhargava, Kalyani Dutta. Oxford University Press, 2005. . Page 9
- ↑ (14 October 2005). Indraprastha College for Women. India9.com
- ↑ (13 June 2012). Top colleges in India: Details, seats and cut-off percentages. ইণ্ডিয়া টুডে
- ↑ DIRECTORY OF BEST COLLEGES 2015: ARTS. ইণ্ডিয়া টুডে
- ↑ DIRECTORY OF BEST COLLEGES 2015: COMMERCE. ইণ্ডিয়া টুডে
- ↑ INDIA'S BEST ARTS COLLEGES 2020. ইণ্ডিয়া টুডে
- ↑ Delhi, the emperor's city: rediscovering Chandni Chowk and its environs, by Vijay Goel. Published by Lustre Press, 2003
- ↑ REVIEWS: Cognisant Indian women Dawn, 26 November 2006
- ↑ Indraprastha College for Women
- ↑ (August 25, 2015). College archive to share tales of women's movement. Times of India
- ↑ Women in India & Japan: A Comparison, by Ramesh Madan. Published by Manak Publications, 2004. . Page 123
- ↑ I P College gets a second hostel, দ্য হিন্দু, 3 June 2009
- ↑ (1 September 2016). IP College inaugurates Centre for Earth Studies
- ↑ First-of-its-kind Museum and Archives Learning Resource centre inaugurated in Delhi University's IP College · DNA. dna
- ↑ Zia, Sarah. (26 January 2015). Retell the past. Times of India
- ↑ (17 August 2012). It's girl power all over!. হিন্দুস্তান টাইমছ
- ↑ IP College set for hi-tech makeovers দ্য টাইম্ছ অৱ ইণ্ডিয়া, 15 June 2005
- ↑ Environmental Studies. sites.google.com
- ↑ A musical combo at Indraprastha College for Women's annual fest. Times of India
- ↑ (14 December 2012). Indraprastha College for Women announces Vivaad'13. www.coolage.in
- ↑ (2 March 2014). IPCW Celebrates Kirdaar'14, Annual Theatre Festival. www.universityexpress.co.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দ্ৰপ্ৰস্থ মহিলা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৭৬৮৮৮ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।