অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

উড়ান অভিযান

উড়ান অভিযান হৈছে চিবিএছইৰ এক পদক্ষেপ, যাৰ উদ্দেশ্য হৈছে বঞ্চিত বা পিছপৰা শ্ৰেণীৰ ছাত্ৰীসকলক স্কুলীয়া শিক্ষাৰ পিছতে পেছাদাৰী শিক্ষালৈ বিশেষকৈ বিজ্ঞান আৰু গণিত ক্ষেত্ৰত আগবাঢ়িবলৈ সুবিধা প্ৰদান কৰা।

হালনাগাদ: ২২ অক্টোবৰ ২০২৫ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

উড়ান অভিযান হৈছে চিবিএছইৰ এক পদক্ষেপ, যাৰ উদ্দেশ্য হৈছে বঞ্চিত বা পিছপৰা শ্ৰেণীৰ ছাত্ৰীসকলক স্কুলীয়া শিক্ষাৰ পিছতে পেছাদাৰী শিক্ষালৈ বিশেষকৈ বিজ্ঞান আৰু গণিত ক্ষেত্ৰত আগবাঢ়িবলৈ সুবিধা প্ৰদান কৰা। ১

এই পদক্ষেপৰ অংশ হিচাপে চিবিএছয়ে প্ৰতি বছৰে ১০০০ গৰাকী বঞ্চিত ছোৱালীক সহায় কৰাৰ সংকল্প লৈছে আৰু ইয়াৰ অংশ হিচাপে তেওঁলোকক একাদশ আৰু দ্বাদশ শ্ৰেণীত বিনামূলীয়া অনলাইন সহযোগিতা প্ৰদান কৰা হব। ২

নিৰ্বাচিতসকলক নিয়মীয়া পাঠদান, মূল্যায়ন আৰু অধ্যয়ন সামগ্ৰী উপলব্ধ বিনামূলীয়া টেবলেট প্ৰদান কৰা হ’ব। ইয়াত শিক্ষক আৰু সমনীয়াৰ সৈতে পাৰস্পৰিক আভাসী বিনিময়ৰ উপৰি অভিভাৱকসকলৰ মতামতৰ সৈতে ছাত্ৰৰ বিকাশৰ নিয়মীয়া অনুসৰণ আৰু নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। এটা হেল্পলাইনে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ নুবুজা বিষয়সমূহ স্পষ্ট কৰিবলৈ সুবিধা প্ৰদান কৰিব। যোগ্যতাৰ লগতে অৰ্থনৈতিক মাপকাঠীৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন কৰা হ’ব। প্ৰস্তাৱিত কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডে প্ৰতিখন ৰাজ্যতে শিক্ষক আৰু অধ্যক্ষক সমন্বয়ক হিচাপে নিযুক্তি দিছে। ৩

তথ্যসূত্ৰ

  1. ↑ (28 October 2014). CBSE launches UDAAN campaign. The Times of India
  2. ↑ CBSE's Udaan to aid girls' enrolment in higher education
  3. ↑ (7 October 2014). CBSE's 'Udaan' to help more girls clear IIT-JEE. The Times of India

সম্পৰ্কিত শ্ৰেণী

নাৰী শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উড়ান অভিযান” প্ৰবন্ধৰ সংশোধন ৫৪৪৭১২ (২২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।