অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আইচলেণ্ডৰ নাৰী

আইচলেণ্ডৰ নাৰীসকলে (Women in Iceland) উল্লেখযোগ্য লিংগ সমতা লাভ কৰি আহিছে। ২০১৮ চন পৰ্যন্ত আইচলেণ্ডত কৰ্মত নিয়োজিত ৮৮%, বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ ৬৫%, আৰু সংসদৰ সদস্যৰ ৪১% মহিলা হিচাপে পৰিলক্ষিত হৈছে। কিন্তু আইচলেণ্ডত মহিলাসকলে এতিয়াও পুৰুষতকৈ প্ৰায় ১৪% কমকৈ উপাৰ্জন কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

আইচলেণ্ডৰ নাৰীসকলে (Women in Iceland) উল্লেখযোগ্য লিংগ সমতা লাভ কৰি আহিছে। ২০১৮ চন পৰ্যন্ত আইচলেণ্ডত কৰ্মত নিয়োজিত ৮৮%, বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ ৬৫%, আৰু সংসদৰ সদস্যৰ ৪১% মহিলা হিচাপে পৰিলক্ষিত হৈছে। কিন্তু আইচলেণ্ডত মহিলাসকলে এতিয়াও পুৰুষতকৈ প্ৰায় ১৪% কমকৈ উপাৰ্জন কৰে। অৱশ্যে এই পৰিসংখ্যাত কৰ্মঘণ্টা, অতিৰিক্ত সময় আৰু নিয়োগ-পছন্দৰ দিশবোৰ লক্ষ্য কৰা হোৱা নাই।১ শ্ৰমৰ খণ্ডত আইচলেণ্ডৰ মহিলাৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক। তেওঁলোকৰ শ্ৰমিক মহিলাসকলৰ বাবে শিশুৰ যত্নৰ বাবেও উল্লেখযোগ্য আবণ্টন আছে।২ দেশখনত লিংগ নিৰপেক্ষ অভিভাৱকৰ ছুটী দিয়া হৈছে। প্ৰতিজন অভিভাৱকৰ বাবে একোটাকৈ অংশ থাকে আৰু ইয়াৰ এটা হস্তান্তৰযোগ্য অংশও আছে।৩

আইচলেণ্ড বিশ্বৰ অন্যতম নাৰীবাদী দেশ। ২০১১ চনত ইয়াক ক্ৰমাগতভাৱে দ্বিতীয় বছৰৰ বাবে এই মৰ্যাদা প্ৰদান কৰা হৈছে।৪ মহিলাক ৰাষ্ট্ৰপতি হিচাপে লাভ কৰা আইচলেণ্ড বিশ্বৰ প্ৰথমখন দেশ। ১৯৮০ চনত ভিগডিছ ফিনবোগাড'টিৰ নামৰ এগৰাকী মহিলা আইচলেণ্ডৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।৫ ইয়াৰ উপৰিও আইচলেণ্ডে বিশ্বৰ প্ৰথমগৰাকী মহিলা আৰু সমকামী চৰকাৰৰ মুৰব্বীৰ ৰূপত জোহানা ছিগুৰাৰ্ডোটিৰক লাভ কৰিছে যি ২০০৯ চনত দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।৬

লিংগ ব্যৱধানৰ দিশতো আইচলেণ্ডৰ স্থান সৰ্বনিম্ন। বিশ্ব অৰ্থনৈতিক মঞ্চৰ গোলকীয় লিংগ ব্যৱধানৰ প্ৰতিবেদন অনুসৰি,আইচলেণ্ডে ২০০৯ চনৰ পৰা এই স্থান লাভ কৰি আহিছে। ২০২০ চনত আইচলেণ্ডত ১২.২% ব্যৱধান আছিল; যাক স্বাস্থ্য, শিক্ষা, অৰ্থনৈতিক অংশগ্ৰহণ আৰু সুযোগ, তথা ৰাজনৈতিক প্ৰগতি নামৰ চাৰিটা বিভাগত জোখা হৈছে। মহিলা আৰু পুৰুষৰ মাজত দৰমহাৰ ব্যৱধানো ক্ৰমান্বয়ে হ্ৰাস পাইছে যাৰ ফলত ২০৬৮ চনত দেশখনত দৰমহাৰ দিশত সমতা স্থাপন হ'ব।৭ তাৎপৰ্যপূৰ্ণভাৱে, আইচলেণ্ডত মহিলাসকলে গড় হিচাপত পুৰুষৰ প্ৰায় ৭২% দৰমহা লাভ কৰে। আৰু তেওঁলোক এতিয়াও ঘৰুৱা আৰু যৌন হিংসাৰ বলি হয়।২ আইচলেণ্ডৰ মহিলাসকলে পেছাদাৰী ক্ষেত্ৰত আন দেশৰ তুলনাত যথোপযুক্ত সঁহাৰি লাভ কৰা নাই। উদাহৰণস্বৰূপে; আইচলেণ্ডৰ মহিলা চিকিৎসকৰ সংখ্যা OECDৰ(অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থা)ৰ ভিতৰত সবাতোকৈ কম।৮ আইচলেণ্ড তৰ্কাতীতভাৱে বিশ্বৰ অন্যতম লিংগ-সম দেশ।৯ দ্য ইকনমিষ্ট-এ যুগুতোৱা মহিলা সূচকাংকৰ কাম কৰাৰ সবাতোকৈ উত্তম ঠাইৰ তালিকাত আইচলেণ্ডক ২০১৬ চনত প্ৰথম স্থানত তালিকাভুক্ত কৰা হৈছে।১০নাৰীবাদী দেশৰ তালিকাতো আইচলেণ্ডৰ স্থান সৰ্বোচ্চ।১১১২ ২০০৯ চনৰ পৰা বিশ্ব অৰ্থনৈতিক মঞ্চৰ লিংগ দৰমহাৰ ব্যৱধান সূচকাংকত আইচলেণ্ড প্ৰথম স্থানত আছে।[৪ যোৱা আঠ বছৰ ধৰি আইচলেণ্ডে বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক গোলকীয় লিংগ ব্যৱধানৰ মাপাংকনত এশখনতকৈও অধিক দেশৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে। যিয়ে স্বাস্থ্য, ৰাজনীতি, শিক্ষা, আৰু নিয়োগৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত থকা বৈষম্যৰ পৰিমাপ নিৰ্ণয় কৰে (এখন দেশৰ মাপ যিমানেই উচ্চ, ইয়াৰ লিংগ বৈষম্য সিমানেই কম।)"৯

তথ্যসূত্ৰ

  1. ↑ Smith, Colletta. (7 December 2016). Iceland: Top for equality but still 'needs to do more'. BBC News
  2. ↑ The Iceland women's strike, 1975. libcom.org
  3. ↑ Iceland
  4. ↑ Economies. Global Gender Gap Report 2015
  5. ↑ Disill. Vigdís Finnbogadóttir. english.forseti.is
  6. ↑ Johanna Sigurdardottir · prime minister of Iceland. Encyclopædia Britannica
  7. ↑ (25 October 2016). Icelandic women cut working day to protest wage gap. The France 24 Observers
  8. ↑ Data - OECD
  9. ↑ Friedman, Uri. Why Thousands of Women in Iceland Left Work Two Hours Early This Week. The Atlantic
  10. ↑ (3 March 2016). Daily chart: The best – and worst – places to be a working woman. The Economist
  11. ↑ Bindel, Julie. (25 March 2010). Iceland: the world's most feminist country. The Guardian
  12. ↑ Johnson, Janet Elise. The Most Feminist Place in the World. The Nation

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদনাৰীৰ অধিকাৰদেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইচলেণ্ডৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৩৭৯৮৭২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।