নাৰীবাদী তত্ত্ব
৪৯ প্ৰবন্ধ
-
জোহানছন বিশ্লেষণ
চলচ্চিত্ৰ সমালোচক মেৰীএন জোহানছনে বিকশিত কৰা জোহানছন বিশ্লেষণে (Johanson analysis) কল্পকাহিনীত মহিলা আৰু ছোৱালীৰ প্ৰতিনিধিত্বৰ মূল্যায়নৰ এক পদ্ধতি প্ৰদান কৰে।
-
নব্য নাৰীবাদ
নব্য বা নতুন নাৰীবাদ (New feminism) হৈছে নাৰীবাদৰ এক প্ৰকাৰ যিয়ে নাৰী আৰু পুৰুষৰ অবিচ্ছেদ্য পৰিপূৰকতাক গুৰুত্ব দিয়ে, নাৰীতকৈ পুৰুষ বা পুৰুষৰ ওপৰত মহিলাৰ শ্ৰেষ্ঠত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু গৰ্ভধাৰণৰ পৰা স্বাভাৱিক মৃত্যুলৈকে ব্যক্তিক সন্মান কৰাৰ পোষকতা কৰে।
-
নাৰীবাদত পুৰুষ
১৯ শতিকাৰ পৰাই নাৰীবাদী আন্দোলনৰ প্ৰতিটো “ঢৌ’’ৰ ভিতৰত নাৰীবাদৰ প্ৰতি উল্লেখযোগ্য সাংস্কৃতিক আৰু ৰাজনৈতিক সঁহাৰিত পুৰুষে অংশগ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত মহিলাসকলৰ বাবে এক পৰিসৰৰ সামাজিক সম্পৰ্কত সম-সুযোগ স্থাপন কৰিব বিচৰাটোও অন্তৰ্ভুক্ত, যি সাধাৰণতে পুৰুষ বিশেষাধিকাৰৰ “কৌশলগত লাভালাভ’’ৰ লগত…
-
নাৰীবাদী অধিবিদ্যা
নাৰীবাদী অধিবিদ্যা(Feminist Metaphysics)ৰ লক্ষ্য হৈছে অধিবিদ্যাৰ ক্ষেত্ৰত অনুসন্ধান কৰা আৰু ইয়াৰ উত্তৰ বা সঁহাৰিসমূহে যৌনতাবাদক কেনেদৰে সমৰ্থন কৰিছে-সেই সম্পৰ্কে প্ৰশ্ন কৰা। নাৰীবাদী অধিবিদ্যা মানসিক দৰ্শন আৰু আত্মদৰ্শন আদি ক্ষেত্ৰসমূহৰ সৈতে জড়িত।
-
নাৰীবাদী কলা কাৰ্যসূচী
নাৰীবাদী কলা কাৰ্যসূচী (Feminist Art Program) হৈছে ১৯৭০ চনত শিল্পী জুডি চিকাগোৱে বিকশিত কৰা আৰু শিল্পী ৰীতা যোকোই, মিৰিয়াম শ্বাপিৰো আদিয়ে অব্যাহত ৰখা মহিলাসকলৰ কলেজ পৰ্যায়ৰ কলা কাৰ্যসূচী। শিল্প শিক্ষা আৰু শিল্প জগতখনৰ লিংগ বৈষম্য দূৰ কৰাৰ উপায় হিচাপে ফ্ৰেছনো ষ্টেট কলেজত এই কাৰ্যসূচী আৰম্ভ হৈছিল।
-
নাৰীবাদী ধৰ্মতত্ত্ব
নাৰীবাদী ধৰ্মতত্ত্ব (Feminist theology)হৈছে বৌদ্ধ, হিন্দু, শিখ, নব্য পৌত্তলিক, বাহাই বিশ্বাস, ইহুদী, ইছলাম, খ্ৰীষ্টান ধৰ্ম আৰু নতুন চিন্তাকে ধৰি কেইবাটাও ধৰ্মত দৃষ্টিগোচৰ হোৱা আন্দোলন, যাৰ দ্বাৰা সেই ধৰ্মসমূহৰ পৰম্পৰা, আচাৰ-ব্যৱহাৰ, শাস্ত্ৰ আৰু ধৰ্মতত্ত্বসমূহ নাৰীবাদী দৃষ্টিকোণৰ পৰা পুনৰ বিবেচনা…
-
নাৰীবাদী বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন
নাৰীবাদী বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন (Feminist science and technology studies) হৈছে বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়নৰ এটা তাত্ত্বিক উপক্ষেত্ৰ৷ এইখন ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত লিংগৰ ক্ৰিয়া বা সঁহাৰি সম্পৰ্কে অন্বেষণ কৰা হয়।
-
নাৰীবাদী ৰাজনৈতিক পৰিস্থিতিতন্ত্ৰ
নাৰীবাদী ৰাজনৈতিক পৰিস্থিতিতন্ত্ৰ (Feminist political ecology)হৈছে মাৰ্ক্সবাদ, উত্তৰ-গাঁথনিবাদ, নাৰীবাদী ভূগোল, পৰিৱেশ নাৰীবাদ আৰু সাংস্কৃতিক পৰিৱেশ বিজ্ঞানৰ তত্ত্বৰ আধাৰত ৰাজনৈতিক পৰিৱেশ বিজ্ঞানৰ নাৰীবাদী দৃষ্টিভংগী।।
-
নিহিত নাৰীবাদ
ৰাষ্ট্ৰ কৰ্তৃপক্ষই নাৰীবাদী বক্তৃতাক সহযোগিতা কৰি আৰু নাৰীবাদী কৰ্মী তথা গোটসমূহক নিজৰ এজেণ্ডাৰ বাবে যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰি সংঘাতত হস্তক্ষেপক বৈধতা প্ৰদান কৰাৰ প্ৰচেষ্টা হিচাপে নিহিত নাৰীবাদক (Embedded feminism) জনা যায়।
-
পাৰ্থক্যসূচক নাৰীবাদ
পাৰ্থক্যসূচক নাৰীবাদ (Difference feminism) হৈছে আমেৰিকাৰ নাৰীবাদৰ সমতা-বনাম-পাৰ্থক্য বিতৰ্কৰ সময়ত বিকশিত হোৱা এটা শব্দ যাৰ অন্তৰ্নিহিত অৰ্থ হৈছে পুৰুষ আৰু মহিলা পৃথক, তেওঁলোকৰ ওপৰত কোনো মূল্যবোধৰ বিচাৰ ৰাখিব নোৱাৰি আৰু লিংগৰ ব্যক্তি হিচাপে দুয়োৰে সমান নৈতিক মৰ্যাদা আছে ৷ পাৰ্থক্যসূচক নাৰীবাদৰ…
-
পৰিৱেশ নাৰীবাদ
পৰিৱেশ নাৰীবাদ (Ecofeminism) হৈছে নাৰীবাদ আৰু ৰাজনৈতিক পৰিৱেশ বিজ্ঞানৰ এক শাখা। পৰিৱেশ নাৰীবাদী চিন্তাবিদসকলে মানুহ আৰু প্ৰাকৃতিক জগতৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰিবলৈ লিংগৰ ধাৰণাটোৰ সহায় লয়। ফৰাচী লেখক ফ্ৰান্সোৱা ডি অ'বনে তেওঁৰ 'লে ফেমিনিছম অ' লা মৰ্ট' (১৯৭৪) গ্ৰন্থত এই শব্দটো উদ্ভাৱন কৰিছিল।
-
বিজ্ঞানৰ নাৰীবাদী দৰ্শন
বিজ্ঞানৰ নাৰীবাদী দৰ্শন (Feminist philosophy of science) হৈছে নাৰীবাদী দৰ্শনৰ এটা শাখা, যি বৈজ্ঞানিক মাধ্যমৰ জৰিয়তে আহৰণ কৰা জ্ঞান সামাজিক লিংগ পৰিচয় আৰু লিংগ ভূমিকাৰ ধাৰণাসমূহৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হৈছে সেইয়া ব্যাখ্যা কৰে।
-
বিশ্লেষণাত্মক নাৰীবাদ
বিশ্লেষণাত্মক নাৰীবাদ (Analytical Feminism) হৈছে নাৰীবাদী বিষয়ত বিশ্লেষণাত্মক ধাৰণা আৰু পদ্ধতি প্ৰয়োগ কৰা আৰু পৰম্পৰাগতভাৱে বিশ্লেষণাত্মক দাৰ্শনিকসকলৰ আগ্ৰহৰ বিষয়ত নাৰীবাদী ধাৰণা আৰু অন্তৰ্দৃষ্টি প্ৰয়োগ কৰা এক দৰ্শন।
-
বেশৰ্মী মৰ্চা
বেশৰ্মী মৰ্চা (Besharmi Morcha) হৈছে শ্লেটৱাকৰ (Slutwalk) ভাৰতীয় সমতুল্য সংগঠন। ইয়াক শ্লেটৱাক অৰ্থাৎ বেশৰ্মী মৰ্চা নামেৰেও জনা যায়। বেশৰ্মী মৰ্চা আছিল ২০১১ চনত কানাডাৰ মহিলাসকলে আৰম্ভ কৰা এটা সংস্থা।
-
মিছ আমেৰিকা প্ৰটেষ্ট
মিছ আমেৰিকা প্ৰটেষ্ট ১৯৬৮ চনৰ ৭ ছেপ্টেম্বৰত আমেৰিকাৰ আটলাণ্টিক চিটিত সংঘটিত এক নাৰীবাদী প্ৰতিবাদ। ই আছিল মিছ আমেৰিকা ১৯৬৯ প্ৰতিযোগিতাৰ বিৰুদ্ধে প্ৰায় নাৰীবাদী আৰু নাগৰিক অধিকাৰৰ হকে মাত মতা ব্যক্তিয়ে অংশগ্ৰহণ কৰা এক বিক্ষোভ।
-
সাংস্কৃতিক নাৰীবাদ
সাংস্কৃতিক নাৰীবাদ (Cultural feminism) হৈছে নাৰীত্বৰ সৈতে সাংস্কৃতিকভাৱে জড়িত বৈশিষ্ট্যসমূহৰ পুনৰ মূল্য নিৰ্ধাৰণ আৰু পুনৰ সংজ্ঞায়িত কৰাৰ প্ৰয়াস কৰা বিভিন্ন নাৰীবাদক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা এটা শব্দ।
-
সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধা
সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধাৰ (Women warriors in literature and culture) চিত্ৰণ ইতিহাস, সাহিত্য অধ্যয়ন, চলচ্চিত্ৰ অধ্যয়ন, লোককথাৰ ইতিহাস, পৌৰাণিক কাহিনীৰ অধ্যয়নৰ বিষয়।
-
স্বায়ত্তশাসিত নাৰীবাদ
স্বায়ত্তশাসিত নাৰীবাদ (Autonomous feminism) হৈছে এটা সংকীৰ্ণভাৱে নথিভুক্ত কাঠামো যি বিশেষকৈ লেটিন আমেৰিকাৰ নাৰীবাদৰ লগত জড়িত। স্বায়ত্তশাসিত নাৰীবাদৰ অন্তৰ্গত কোনো সুনিৰ্দিষ্ট সংজ্ঞা নাই।
-
ৰচনা অধ্যয়নত নাৰীবাদী তত্ত্ব
ৰচনা অধ্যয়নত নাৰীবাদী তত্ত্বই (Feminist theory in composition studies) লিংগ, ভাষা আৰু সাংস্কৃতিক অধ্যয়নে লিখাৰ পাঠদান আৰু অনুশীলনত পেলোৱা প্ৰভাৱ সম্পৰ্কে পৰীক্ষা কৰে।