অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নাৰীবাদী জীৱবিজ্ঞান

নাৰীবাদী জীৱবিজ্ঞান (Feminist biology) হৈছে জীৱবিজ্ঞানৰ এনে এক দৃষ্টিভংগী যি লিংগ মূল্যবোধৰ প্ৰভাৱ, লিংগ পক্ষপাতিত্বৰ পৃথকীকৰণ তথা জৈৱিক গৱেষণা আৰু অনুশীলনত সামাজিক মূল্যবোধৰ সামগ্ৰিক ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৫৪ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

নাৰীবাদী জীৱবিজ্ঞান (Feminist biology) হৈছে জীৱবিজ্ঞানৰ এনে এক দৃষ্টিভংগী যি লিংগ মূল্যবোধৰ প্ৰভাৱ, লিংগ পক্ষপাতিত্বৰ পৃথকীকৰণ তথা জৈৱিক গৱেষণা আৰু অনুশীলনত সামাজিক মূল্যবোধৰ সামগ্ৰিক ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰে।১ নাৰীবাদী জীৱবিজ্ঞানৰ অন্যতম প্ৰতিষ্ঠাপক আছিল উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ ৰুথ ব্লেয়াৰ। তেখেত 'বিজ্ঞান আৰু লিংগ: জীৱবিজ্ঞান আৰু মহিলাৰ লগত জড়িত ইয়াৰ তত্ত্বসমূহৰ সমালোচনা' (Science and Gender: A Critique of Biology and Its Theories on Women, ১৯৮৪) নামৰ গ্ৰন্থখনৰ লেখিকা আৰু তেঁৱেই বিশ্ববিদ্যালয়খনৰ নাৰীবাদী জীৱবিজ্ঞানৰ বাবে এনডাউড ফেল'শ্বিপ প্ৰৱৰ্তন কৰিবলৈ উৎসাহিত কৰিছিল।২ নাৰীবাদী জীৱবিজ্ঞানৰ উদ্দেশ্য হৈছে কোষ জীৱবিজ্ঞান আৰু লিংগ নিৰ্বাচনৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি "Gender" আৰু "Sex"ৰ দৰে শব্দৰ অৰ্থৰ মূল্যায়নলৈকে বিভিন্ন বিষয়ত নাৰীবাদী সমালোচনাক অন্তৰ্ভুক্ত কৰি জীৱবিজ্ঞানক সংবৰ্ধন কৰা। সামগ্ৰিকভাৱে এই ক্ষেত্ৰখন বহলভাৱে সংজ্ঞায়িত আৰু জৈৱিক তথা নাৰীবাদী অনুশীলনৰ নেপথ্যত থকা দৰ্শনৰ সৈতে জড়িত। এই বিবেচনাবোৰে অৱশ্যেই নাৰীবাদী জীৱবিজ্ঞানক বিতৰ্কিত আৰু সংঘাতপূৰ্ণ কৰি তুলিছে। বিশেষকৈ জৈৱিক নিৰ্ধাৰণবাদ বিষয়ত, য'ত পুৰুষ আৰু মহিলাৰ বৰ্ণনাত্মক লিংগ শব্দসমূহ অন্তৰ্নিহিতভাৱে সীমাবদ্ধ, নাইবা চৰম উত্তৰ আধুনিকতাবাদ য'ত শৰীৰক অধিক সামাজিক গঠন হিচাপে দেখা যায়।৩ নিৰ্ণায়কবাদীৰ পৰা উত্তৰ আধুনিকতাবাদীলৈকে নানান মতামত থকাৰ পিছতো অৱশ্যে বিভিন্ন পটভূমিৰ জীৱবিজ্ঞানী, নাৰীবাদী আৰু নাৰীবাদী জীৱবিজ্ঞানীসকলে নাৰীবাদী মতাদৰ্শক জৈৱিক অনুশীলন আৰু পদ্ধতিত প্ৰয়োগ কৰাৰ উপযোগিতাৰ দাবী কৰিছে।

অৱদান

কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী আৰু প্ৰাইমেট'লজিষ্ট ড'না জে হাৰাৱেই ১৯৮৯ চনত প্ৰাইমেট'লজীৰ জৰিয়তে মানুহৰ বিৱৰ্তন আৰু সংস্কৃতিৰ অধ্যয়ন সম্পৰ্কত পুৰুষৰ পক্ষপাতিত্বৰ সমালোচনা আগবঢ়াইছিল আৰু ইয়াৰ দ্বাৰা মহিলা প্ৰাইমেটৰ অধ্যয়নত দৃশ্যমান হোৱা অভাৱৰ কথা উনুকিয়াই দিছিল।৪ প্ৰাইমেট গোটৰ আচৰণ আৱিষ্কাৰ কৰাত হাৰাৱেই অৰিহণা যোগাইছিল। এই অৱদান জড়িত হৈ আছে সংগী নিৰ্বাচন আৰু মাইকী প্ৰাইমেট পৰ্যবেক্ষণৰ পৰা লাভ কৰা মাইকী-মাইকী পাৰস্পৰিক ক্ৰিয়াৰ সম্পৰ্কত। মাইকী প্ৰাইমেটৰ বিষয়ে অধ্যয়ন কৰাৰ সময়ত তেওঁ নাৰীবাদী প্ৰভাৱৰ বিষয়ে উল্লেখ কৰিছিল।

ব্ৰাউন বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান আৰু লিংগ অধ্যয়নৰ অধ্যাপিকা এন্নে ফাউষ্টো-ষ্টাৰলিঙে চেক্সিং দ্য বডি: জেণ্ডাৰ পলিটিক্স এণ্ড দ্য কনষ্ট্ৰাকচন অৱ চেক্সুৱেলিটি দৰে কিছুমান গ্ৰন্থত দ্বৈত দৃষ্টিকোণৰ জৰিয়তে যৌনতাক সংজ্ঞায়িত কৰাৰ জটিলতাৰ মূল্যায়ন কৰিছে। তেওঁ আন্তঃলিংগ ব্যক্তিৰ অস্তিত্ব আৰু লিংগৰ দ্বৈতভাৱে সংজ্ঞায়িত জগতখনৰ প্ৰেক্ষাপটত তেওঁলোকৰ অৱস্থাৰ স্বীকৃতিৰ অভাৱক সম্বোধন কৰে৷ তেওঁ কয়: "বিড়ম্বনাৰ কথাটো হ'ল, যৌন ব্যৱস্থাৰ জটিলতাৰ বিষয়ত উপলব্ধ হোৱা অধিক অত্যাধুনিক জ্ঞানে এনে জটিলতাৰ দিশত অৱদমনৰহে সূচনা কৰিছে।"৫

প্ৰেৰণা

নাৰীবাদী জীৱবিজ্ঞানৰ পোষকতা কৰাত জড়িত হৈ থকা প্ৰেৰণাৰ উৎস হৈছে বিভিন্ন ধৰণৰ। ইয়াৰ অন্যতম প্ৰেৰণা হৈছে সাংস্কৃতিকভাৱে প্ৰভাৱিত পদ্ধতিৰ পৰা অধিক বস্তুনিষ্ঠ, বৈজ্ঞানিক সত্য বিচাৰ কৰি বিজ্ঞানৰ পৰা উৎপত্তি হোৱা লিংগ পক্ষপাতিত্বক প্ৰত্যাহ্বান জনোৱা।৬ বহু ব্যক্তিয়ে যুক্তি আগবঢ়ায় যে আধুনিক বিজ্ঞানৰ উত্থান আৰু বিকাশৰ লগত নাৰী জগতৰ আধিপত্য আৰু নাৰীৰ বৰ্জন জড়িত আছিল। উদাহৰণস্বৰূপে, হ্ৰাসবাদৰ এটা মতামত যে বিশ্বব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থ স্তৰভিত্তিকভাৱে সজোৱা হৈছে আৰু কাৰণতা (causation) কেৱল এই স্তৰৰ নিম্নস্তৰতহে ঘটে।৭ হ্ৰাসকাৰী যান্ত্ৰিক বিজ্ঞান আৰু জৈৱিক নিৰ্ধাৰণবাদৰ মাজত এক কটকটীয়া সংযোগ আছে। এই সংযোগৰ কাৰণ হৈছে এই হ্ৰাসকাৰী ধাৰণা যে কাৰণতাই সংগঠনৰ নিম্ন স্তৰৰ পৰা সংগঠনৰ উচ্চ পৰ্যায়লৈ উৰ্ধমুখী দিশত কাম কৰে।৭ বহুতো নাৰীবাদী জীৱবিজ্ঞানীয়ে এনে আঁসোৱাহপূৰ্ণ পক্ষপাতিত্ব দূৰ কৰাত গুৰুত্ব দিয়ে যিবোৰক একাংশ প্ৰভাৱশালী ব্যক্তিয়ে বৈজ্ঞানিকভাৱে সত্য বুলি মানি লৈছে।

বিতৰ্ক

নাৰীবাদী সমালোচনাক বিজ্ঞান বিশেষকৈ জীৱবিজ্ঞানত সন্নিৱিষ্ট কৰা উচিত হয় নে নহয়-তাক লৈ বিতৰ্ক চলি আছে। কিছুসংখ্যকে যুক্তি আগবঢ়ায় যে নাৰীবাদী জীৱবিজ্ঞান হৈছে বিজ্ঞানৰ ৰাজনীতিকৰণৰ এক প্ৰকাৰ, যিয়ে নাৰীবাদী জীৱবিজ্ঞানৰ বৈধতাক সম্পূৰ্ণৰূপে প্ৰশ্ন কৰিবলৈ আহ্বান জনায়। আন এটা স্তৰত জৈৱিক লিংগ পাৰ্থক্যৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে সেই সম্পৰ্কে নাৰীবাদী সম্প্ৰদায়ৰ ভিতৰতো বিতৰ্ক চলি আছে। কিছুমানে লিংগ সমতা লাভ কৰিবলৈ জৈৱিক লিংগ পাৰ্থক্য গ্ৰহণ কৰাৰ গুৰুত্বৰ বিষয়ে কয়৷ আনহাতে এটা মহলে কয় যে সমাজত লিংগ পাৰ্থক্যক অত্যধিক গুৰুত্ব দিয়া হয়, যাৰ ফলত লৈংগিক কু-সংস্কাৰ সৃষ্টি হৈছে।৮কাৰ্লা ফেহৰৰ দৰে ব্যক্তিয়ে জীৱবিজ্ঞানৰ ক্ষেত্ৰখনত নাৰীবাদী দৰ্শনৰ ভৱিষ্যতৰ বাবে গঠনমূলক সমালোচনা আগবঢ়াইছে। তেখেতে নাৰীবাদী জীৱবিজ্ঞানীসকলক লিংগৰ সৈতে জড়িত জিন'মিক্সৰ গৱেষণাৰ দৰে বিষয়ত জড়িত নতুন প্ৰশ্নসমূহ বিবেচনা কৰিবলৈ প্ৰস্তাৱ দিয়ে।১

তথ্যসূত্ৰ

  1. ↑ Fehr, Carla. (June 22, 2011). Feminist Philosophy of Biology
  2. ↑ David, Tenembaum. "First in the Nation: UW-Madison Establishes Post-doc in Feminist Biology." University of Wisconsin-Madison News. University of Wisconsin-Madison, 17 Apr. 2014
  3. ↑ Dominguez, Johnna. "A Fine Line: Feminism and Biology." Club Antro: UA Anthropology Blog Network. University of Alabama, 27 Aug. 2012. Web
  4. ↑ Haraway, Donna. (1989). Primate Visions: Gender, Race, and Nature in the World of Modern Science. Psychology Press
  5. ↑ Fausto-Sterling, Anne. (1993). The Five Sexes: Why Male and Female Are Not Enough. The Sciences. পৃ. 20–24
  6. ↑ Schiebinger, Londa. (1999). Has Feminism Changed Science?. Harvard University Press. ISBN 9780674381131
  7. ↑ Fehr, Carla. (2004). Feminism and Science: Mechanism Without Reductionism. NWSA Journal. পৃ. 136–156
  8. ↑ Schiebinger, Londa. (2003). Introduction: Feminism Inside the Sciences. Signs: Journal of Women in Culture and Society. পৃ. 859–866

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীনাৰীবাদী তত্ত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰীবাদী জীৱবিজ্ঞান” প্ৰবন্ধৰ সংশোধন ৬২৪২৪৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।