গুৱাহাটী
৪২ প্ৰবন্ধ
-
ফাঁচি বজাৰ
ফাঁচি বজাৰ (Fancy Bazaar) হৈছে গুৱাহাটীৰ এক অঞ্চল। ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক ৰাজধানীও বোলা হয়। উত্তৰ-পূবৰ অৰ্থনীতিত এই বজাৰৰ এক নিৰ্ণায়ক প্ৰভাৱ আছে। ইয়াত দৈনিক প্ৰায় এক লক্ষাধিক লোকৰ সমাগম হয়। ইয়াৰ পাইকাৰী ব্যৱসায়ীসকলে সৰু-বৰ বজাৰসমূহ নিয়ন্ত্ৰণ কৰে।
-
ভিমেশ্বৰ শিৱ ধাম
ভিমেশ্বৰ দ্বাদশ জ্যোতিৰ্লিংগ শিৱ ধাম (ইংৰাজী: Bhimeswar Dwadas Jyotirlinga Dham) হৈছে গুৱাহাটীৰ পামহীৰ ওচৰৰ ডাকিনী পাহাৰ বা ডাইনী পাহাৰত (ডাইনী বাম) অৱস্থিত এখন জ্যোতিৰ্লিংগ ধাম। এই ধাম দীপৰ বিলৰ দাঁতিৰ পাহাৰীয়া অঞ্চলত অৱস্থিত।
-
অটল উদ্যান
অটল উদ্যান হ'ল গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ আদাবাৰী তিনিআলীত অৱস্থিত এখন চহৰীয়া উদ্যান।
-
গান্ধী মণ্ডপ, গুৱাহাটী
গান্ধী মণ্ডপ (Gandhi Mandap) অসমৰ গুৱাহাটীৰ শৰণীয়া পাহাৰৰ শিখৰত অৱস্থিত মহাত্মা গান্ধীৰ স্মৃতিত নিৰ্মিত এখন সংগ্ৰহালয়। ১৯৪৬ চনত গান্ধীজীয়ে শৰণীয়া পাহাৰত পদাৰ্পণ কৰিছিল।
-
গুৱাহাটী চিটি চেণ্টাৰ মল
গুৱাহাটী চিটি চেণ্টাৰ মল হৈছে ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটীৰ মহানগৰৰ খ্ৰীষ্টান বস্তিত অৱস্থিত এটা শ্বপিং মল। এই মলটো উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ মল। ২০১৮ চনৰ ১ এপ্ৰিলত এই মলটো মুকলি কৰা হৈছিল আৰু ২০১৮ চনৰ ডিচেম্বৰ মাহত পুনৰ নিৰ্মাণ কৰা হৈছিল।
-
গুৱাহাটী মেট্ৰ' লাইট
গুৱাহাটী মেট্ৰ' লাইট (Guwahati Metro Lite) হৈছে ভাৰতৰ অসম ৰাজ্যৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ বাবে প্ৰস্তাৱিত দ্ৰুতগামী পৰিবহণ ব্যৱস্থা। প্ৰথম পৰ্য্যায়ত চাৰিাটা কৰিড'ৰযুক্ত এই ছিষ্টেমটোৰ মুঠ দৈৰ্ঘ্য হ'ব ৬১.৪২ কিঃমিঃ।
-
গুৱাহাটী যুদ্ধ সমাধিস্থান
গুৱাহাটী যুদ্ধ সমাধিস্থান অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এক সমাধিক্ষেত্ৰ। দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা কমন্ৱেল্থ সৈনিকৰ বাবে এই সমাধিস্থান আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ শিলপুখুৰী অঞ্চলৰ নৱগ্ৰহ পথত এই সমাধিস্থান আছে। ইয়াৰ পিছফালেই আছে নৱগ্ৰহ শ্মশান। এই পথেৰে গ'লে নৱগ্ৰহ মন্দিৰো পোৱা যায়।
-
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’ই গুৱাহাটী মহানগৰীৰ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰেৰে উত্তৰ গুৱাহাটীক সংযোগ কৰিছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ২ কিলোমিটাৰ। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ পাৰাপাৰ হ’বলৈ প্ৰয়োজন হ’ব ৭ মিনিট। এইটো ভাৰতৰ আটাইতকৈ দীঘল নদী ৰোপৱে’ বুলি স্বীকৃত হৈছে।
-
জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ
জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ (ইংৰাজী: Jyoti-Bishnu Prekhyagriha) প্ৰকল্পটোক আনুষ্ঠানিকভাৱে জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ বা জ্যোতি-বিষ্ণু আন্তৰ্জাতিক সাংস্কৃতিক প্ৰকল্প বুলিও জনা যায়, এই প্ৰকল্পটো হৈছে অসমৰ গুৱাহাটীৰ খানাপাৰাত অৱস্থিত এক বহুমুখী আধুনিক প্ৰেক্ষাগৃহ।
-
বিজ্ঞান নগৰী, গুৱাহাটী
বিজ্ঞান নগৰী, গুৱাহাটী অসমৰ গুৱাহাটীৰ উপকণ্ঠ অঞ্চল টেপেচিয়া, সোণাপুৰত অৱস্থিত এটা বৃহৎ বিজ্ঞান শিক্ষা আৰু প্ৰদৰ্শনী কেন্দ্ৰ। ২০২৬ চনৰ ১০ মাৰ্চত উদ্বোধন কৰা এই কেন্দ্ৰটো উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ বিজ্ঞান কেন্দ্ৰ হিচাপে পৰিগণিত হয়।
-
ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান
ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান বা ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্ট (Indian Institute of Bank Management) অসম গুৱাহাটীত অৱস্থিত এখন স্বায়ত্তশাসিত শৈক্ষিক গৱেষণা, প্ৰশিক্ষণ তথা বেংকিং পৰামৰ্শদাতা প্ৰতিষ্ঠান।
-
২০১২ গুৱাহাটীৰ যুৱতী উৎপীড়ণ ঘটনা
৯ জুলাই ২০১২ তাৰিখে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত, এগৰাকী যুৱতীৰ ওপৰত এখন বাৰৰ বাহিৰত প্ৰায় ৩০জন পুৰুষৰ এটা দলৰ দ্বাৰা উৎপীড়ন চলোৱা হৈছিল, যাৰ বহুতক পৰৱৰ্তী সময়ত ঘটনাটোৰ ভিডিঅ' ফুটেজৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছিল।