অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জোন অফ আৰ্ক

জোন অফ আৰ্ক (Joan of Arc, ফৰাচী: Jeanne d'Arc; ১৪১২ – ৩০ মে’৷ ১৪৩১ ), অন্য নাম "The Maid of Orléans" (La Pucelle d'Orléans), এগৰাকী ফৰাচী বিৰংগনা আৰু ৰোমান কেথ’লিক মনিষী৷ ফ্ৰান্সৰ এশবছৰীয়া যুদ্ধ (Hundred Years' War)-ৰ সময়ত তেওঁ লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে জোন অফ আৰ্ক বিশ্ববিশ্ৰুত৷ জোন অফ আৰ্কে…

হালনাগাদ: ২৫ নৱেম্বৰ ২০১৯ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

জোন অফ আৰ্ক (Joan of Arc, ফৰাচী: Jeanne d'Arc১২; ১৪১২ – ৩০ মে’৷ ১৪৩১ ),৩ অন্য নাম "The Maid of Orléans" (La Pucelle d'Orléans), এগৰাকী ফৰাচী বিৰংগনা আৰু ৰোমান কেথ’লিক মনিষী৷ ফ্ৰান্সৰ এশবছৰীয়া যুদ্ধ (Hundred Years' War)-ৰ সময়ত তেওঁ লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে জোন অফ আৰ্ক বিশ্ববিশ্ৰুত৷

জোন অফ আৰ্কে উত্তৰ-পূব ফ্ৰান্সৰ ডমৰেমি (Domrémy) নামৰ ঠাইত এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল৷ কিংবদন্তী অনুসৰি তেওঁ মনীষী মাইকেল আৰু মনিষী মাৰ্গাৰেটৰ পৰা সপ্তম চাৰ্লছৰ প্ৰতি সহায় আৰু সহযোগিতা আগবঢ়াই ফ্ৰান্সক ইংলেণ্ডৰ কবলৰ পৰা ৰক্ষা কৰাৰ নিৰ্দেশনা লাভ কৰিছিল৷ ৰজা চাৰ্লছে জোন অফ আৰ্কক সাহায্য সৈন্যৰ লগতে অৰলেনছৰ যুদ্ধভূমিলৈ প্ৰেৰণ কৰিছিল৷ জোন অফ আৰ্কে সাহসিকতাৰে যুদ্ধ কৰি এই ভূমি নদিনৰ ভিতৰতে মুকলি কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পিছত অন্য কেইবাখনো যুদ্ধত জয়লাভ কৰি চাৰ্লছে পুনৰ ক্ষমতা লাভ কৰে আৰু ফ্ৰান্সক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰে৷

১৪৩০ চনৰ ২৩ মে’ত জোন অফ আৰ্কক ইংৰাজৰ সহযোগী ফৰাচী কেইগৰাকীমানৰ এটা গোট (Burgundian faction) Compiègne নামৰ ঠাইখনত বন্দী কৰে৷ পিছত তেওঁক ইংৰাজৰ হাতত গতাই দিয়া হয়৷৪ তেওঁক বিভিন্ন অপৰাধত অভিযুক্ত কৰি ইংৰাজ পন্থী বিচপ পিয়েৰ কাউচন (Pierre Cauchon)-ৰ দ্বাৰা বিচাৰ কৰোৱা হয়৷৫ এই বিচাৰত জোন অফ আৰ্কক দোষী সাব্যস্ত কৰা হয় আৰু মাথোঁ উনৈশ বছৰ বয়সত ১৪৩১ চনৰ ৩০ মে'ৰ দিনা তেওঁক মৃত্যুদণ্ড দিয়া হয়৷৬

১৪৫৬ চনত পোপ তৃতীয় কালিক্সটাছ (Pope Callixtus III) নেতৃত্বত গঠিত এটা বিচাৰকৰ দলে এই অভিযোগসমূহৰ পুনৰ পৰ্য্যবেক্ষণ কৰে আৰু জোন অফ আৰ্কক নিৰ্দোষী বুলি ঘোষণা কৰে৷ তেওঁলোকে জোন অফ আৰ্কক এগৰাকী শ্বহীদ ৰূপে স্বীকৃতি দিয়ে৷৬ ষোল্লশ শতিকাত জোন অফ আৰ্ক কেথলিক লীগৰ এক প্ৰতিমূৰ্ত্তিৰূপে চিহ্নিত হৈ পৰে আৰু ১৮০৩ চনত নেপোলিয়ন বোনাপাৰ্টে তেওঁক ফ্ৰান্সৰ ৰাষ্ট্ৰীয় প্ৰতিমুৰ্ত্তি (national symbol) বুলি স্বীকৃতি দিয়ে৷৭

তথ্যসূত্ৰ

  1. ↑ Her name was written in a variety of ways, particularly before the mid-19th century. See Pernoud and Clin, pp. 220–21. Her signature appears as "Jehanne" (see www.stjoan-center.com/Album/, parts 47 and 49; it is also noted in Pernoud and Clin)
  2. ↑ In archaic form, Jehanne Darc (Pernoud Clin 1998, pp. 220–221), but also Tarc, Daly or Day (Contamine Bouzy Hélary 2012 pp. 511; 517-519)
  3. ↑ An exact date of birth (6 January, without mention of the year), is uniquely indicated by Perceval de Boulainvilliers, councillor of king Charles VII, in a letter to the duke of Milan. Régine Pernoud's Joan of Arc By Herself and Her Witnesses, p. 98: "Boulainvilliers tells of her birth in Domrémy, and it is he who gives us an exact date, which may be the true one, saying that she was born on the night of Epiphany, 6 January". However, Marius Sepet has alleged that Boulainvilliers' letter is mythographic and therefore, in his opinion, unreliable (Marius Sepet, "Observations critiques sur l'histoire de Jeanne d'Arc. La lettre de Perceval de Boulainvilliers", in Bibliothèque de l'école des chartes, n°77, 1916, pp. 439–47. Gerd Krumeich shares the same analysis (Gerd Krumeich, "La date de la naissance de Jeanne d'Arc", in ''De
  4. ↑ Le procès de Jeanne d'Arc
  5. ↑ Régine Pernoud, "Joan of Arc By Herself And Her Witnesses", pp. 179, 220–22
  6. ↑ Andrew Ward (2005)
  7. ↑ Dirk Arend Berents, D.E.H. de Boer, Marina Warner. (1994). Joan of Arc: Reality and Myth. Uitgeverij Verloren. পৃ. 8. ISBN 978-90-6550-412-8

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিখ্ৰীষ্টান ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোন অফ আৰ্ক” প্ৰবন্ধৰ সংশোধন ২১০৫৭৬ (২৫ নৱেম্বৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।