এলিছা ভাকাইল (Eliswa Vakayil) (ধৰ্মীয় নাম ধন্য কুমাৰী মেৰী এলিছা; ১৫ অক্টোবৰ ১৮৩১ – ১৮ জুলাই ১৯১৩) কেৰালাৰ এগৰাকী ধৰ্মীয় সন্ন্যাসিনী আছিল। তেওঁ ভাৰতৰ মহিলাসকলৰ বাবে প্ৰথমটো স্বদেশী কাৰ্মেলাইট ধৰ্মীয় সম্প্ৰদায় ডিছকেলচড কাৰ্মেলাইটছৰ তৃতীয় সংঘ (TOCD)প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত এই সংঘটো টেৰেছিয়ান কাৰ্মেলাইট ছিষ্টাৰ্ছ আৰু কংগ্ৰেগেচন অৱ দ্য মাদাৰ অৱ কাৰ্মেল (CMC) হিচাপে বিকশিত হয়।১২৩৪ পোপ ফ্ৰান্সিছে ২০২৩ চনত এলিছা ভাকাইলক ‘ভেনাৰেবল’ (Venerable) হিচাপে ঘোষণা কৰে। ২০২৫ চনৰ ৮ নৱেম্বৰত কেৰালাৰ ভল্লাৰপদমস্থিত নেচনেল শ্ৰাইন বেচিলিকা অৱ আৱাৰ লেডী অৱ ৰেনছমত তেওঁৰ ধন্য ঘোষণা (Beatification) অনুষ্ঠিত হয়। ৫৬.১২৩৪ তেওঁ কেৰালাৰ ধৰ্মীয় ইতিহাসত বিশেষ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে পৰিগণিত।৫৬
প্ৰাৰম্ভিক জীৱন আৰু ধৰ্মীয় আহ্বান
এলিছা ভাকাইলৰ জন্ম ১৮৩১ চনৰ ১৫ অক্টোবৰত কেৰালাৰ এৰ্ণাকুলাম জিলাৰ ক্ৰুজ মিলাগ্ৰেছ পেৰিছৰ অন্তৰ্গত ওচানথুৰুথ গাঁৱত হৈছিল। তেওঁ থোম্মান আৰু থান্দা দম্পতীৰ আঠটা সন্তানৰ ভিতৰত জ্যেষ্ঠ সন্তান আছিল। তেওঁলোক ভ্যপ্পিচেৰী পৰিয়ালৰ সদস্য আছিল।৭৩ভ্যপ্পিচেৰী পৰিয়ালটো সেই সময়ৰ এটা ধনী আৰু সন্মানীয় ‘কেপিথান’ পৰিয়াল আছিল। পৰিয়ালটোৱে এলিছাৰ শিক্ষাৰ ব্যৱস্থা কৰিছিল। সেই সময়ত এই অঞ্চলৰ কেথলিক ছোৱালীৰ বাবে শিক্ষা লাভৰ সুযোগ সাধাৰণ নাছিল। সেয়েহে এলিছাই লাভ কৰা শিক্ষা তেওঁৰ জীৱনৰ পৰৱৰ্তী সময়ত ধৰ্মীয় আৰু সামাজিক সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।৪
১৮৪৭ চনত ১৬ বছৰ বয়সত ভাকাইলৰ পৰিয়ালৰ সিদ্ধান্ত অনুসৰি ভাৰিথু ভাকাইলৰ সৈতে তেওঁৰ বিবাহ হয়। তেওঁলোকৰ এগৰাকী কন্যা সন্তান জন্মগ্ৰহণ কৰে। কন্যাগৰাকীৰ নাম আছিল আন্না আৰু তেওঁৰ জন্ম হৈছিল ১৮৫০ চনৰ ২১ এপ্ৰিলত। বিবাহৰ প্ৰায় ডেৰ বছৰৰ পাছতে তেওঁৰ স্বামীৰ মৃত্যু হয়। ফলত ২০ বছৰ বয়সতে ১৮ মাহীয়া কন্যা সন্তানসহ তেওঁ বিধৱা হয়।৩পুনৰ বিবাহ কৰিবলৈ তেওঁক উৎসাহিত কৰা হৈছিল যদিও ভাকাইলে নীৰৱ প্ৰাৰ্থনা আৰু সেৱামূলক জীৱন বাছি লয়। তেওঁ পৰিয়ালৰ ঘৰৰ ওচৰত নিৰ্মাণ কৰা এটা সাধাৰণ পঁজাত এঘাৰ বছৰৰো অধিক সময় প্ৰাৰ্থনা আৰু দৰিদ্ৰ-দুখীয়াৰ সেৱাত অতিবাহিত কৰে। ১৮৬২ চনত তেওঁ ঈশ্বৰৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰাৰ ইচ্ছাৰ কথা ইটালীৰ ডিস্কেলচড কাৰ্মেলাইট মিছনেৰী লিঅ'পল্ড বেকাৰোক জনায়। বেকাৰো তেওঁৰ আধ্যাত্মিক পথ-প্ৰদৰ্শক হয় আৰু তেওঁক ধৰ্মীয় সংঘ প্ৰতিষ্ঠা কৰাত সহায় কৰে।২
টেৰেছিয়ান কাৰ্মেলাইট ভগ্নীসংঘৰ প্ৰতিষ্ঠা
ভাকাইলৰ কন্যা আন্না আৰু কনিষ্ঠ ভগ্নী থ্ৰেছিয়াই তেওঁৰ সৈতে যোগদান কৰাৰ পাছত তেওঁলোকে ধৰ্মীয় জীৱন আৰম্ভ কৰে। তেওঁলোকৰ প্ৰথমটো আশ্ৰম আছিল কুনাম্মাভুত ভাকাইলৰ নিজা মাটিত বাঁহৰ চাটাইৰে নিৰ্মাণ কৰা এটা সাধাৰণ পঁজা। তাত তেওঁলোকে মাউণ্ট কাৰ্মেলৰ আমাৰ আইৰ তৃতীয় সংঘৰ নিয়ম অনুসৰণ কৰিবলৈ আৰম্ভ কৰে।২ ১৮৬৬ চনৰ ১২ ফেব্ৰুৱাৰীত তেতিয়াৰ ভেৰাপলি ধৰ্মপ্ৰদেশৰ ধৰ্মীয় প্ৰতিনিধি আৰ্চবিশ্বপ বাৰ্নাৰ্ডিন বাচিনেল্লিয়ে ডকুমেণ্টাম এৰেকচিঅনিছ নামৰ প্ৰতিষ্ঠা-পত্ৰ জাৰি কৰি এই ধৰ্মীয় সংঘটোক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে।২৭৮ সংঘটোৰ সদস্যৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ১৮৬৭ চনৰ মাৰ্চ মাহত এটা অধিক স্থায়ী আশ্ৰম-ভৱন নিৰ্মাণ কৰা হয় আৰু ইয়াক আশীৰ্বাদ কৰা হয়। ১৮৬৮ চনৰ জুলাই মাহত প্ৰথমবাৰ ভগ্নীসকলে ধৰ্মীয় শপত গ্ৰহণ কৰে।২ ভাকাইলৰ উদাৰ আৰু সকলোকে সামৰি লোৱা দৃষ্টিভংগীৰ ফলত পিছলৈ ছিৰো-মালাবাৰ ধৰ্মীয় ৰীতি অনুসৰণ কৰা ভগ্নীসকলকো এই সংঘত যোগদান কৰিবলৈ সুযোগ দিয়া হয়। এইদৰে এলিছৱা ভাকাইলে কেৰালাত মহিলাসকলৰ ধৰ্মীয় জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ ভেটি স্থাপন কৰে।২
উত্তৰাধিকাৰ
১৮৮৭ চনত মালাবাৰত ধৰ্মীয় আচাৰ-পদ্ধতিৰ বিভাজন হোৱাৰ পিছত, ১৮৯০ চনৰ ১৭ ছেপ্টেম্বৰত পৱিত্ৰ আসনৰ এক নিৰ্দেশ জাৰি হয়। সেই নিৰ্দেশ অনুসৰি ভাকাইলসহ লেটিন আচাৰ-পদ্ধতিৰ ভগ্নীসকলে কনভেণ্ট আৰু ইয়াৰ সম্পত্তি ছিৰিয়ান ভগ্নীসকলৰ হাতত এৰি যাবলগীয়া হয়। এই ছিৰিয়ান ভগ্নীসকলেই পিছলৈ কংগ্ৰেগেচন অৱ দ্য মাদাৰ অৱ কাৰ্মেল (CMC) গঠন কৰে। ১৮৯০ চনৰ ১১ নৱেম্বৰত লেটিন শাখাই ভাৰাপুঝা (ভেৰাপলি)ৰ ছেইণ্ট জোচেফছ কনভেণ্টত পুনৰ প্ৰতিষ্ঠা লাভ কৰে। পিছলৈ এই শাখাই কংগ্ৰেগেচন অৱ টেৰেছিয়ান কাৰ্মেলাইটছ (CTC) হিচাপে পৰিচিত হয়। ১৮৯২ চনত তাত আনুষ্ঠানিক নবিশ-প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হোৱাৰ পিছত ভাকাইল ইয়াৰ প্ৰথম নবিছ প্ৰশিক্ষিকা হিচাপে দায়িত্ব পালন কৰে। ২ এইদৰে মূল ধৰ্মীয় সংঘটো দুটা স্বাধীন সংঘত বিভক্ত হৈ বিকশিত হয়। সেয়া হ'ল লেটিন আচাৰ-পদ্ধতিৰ কংগ্ৰেগেচন অৱ টেৰেছিয়ান কাৰ্মেলাইটছ (CTC)।২
ছিৰো-মালাবাৰ আচাৰ-পদ্ধতিৰ কংগ্ৰেগেচন অৱ দ্য মাদাৰ অৱ কাৰ্মেল (CMC) ভাকাইলৰ প্ৰতিষ্ঠামূলক কৰ্মৰ স্থায়ী প্ৰভাৱ এই দুয়োটা স্বাধীন সংঘৰ মাজত আজিও বিদ্যমান। দুয়োটা সংঘই তেওঁৰ আধ্যাত্মিক আৰু সামাজিক আদৰ্শক আগবঢ়াই লৈ গৈছে। তেওঁৰ ব্যক্তিগত মূলমন্ত্ৰ আছিল “কেৱল ঈশ্বৰেই যথেষ্ট”, যি ছেইণ্ট টেৰেছা অৱ আভিলাৰ আদৰ্শৰ সৈতে একে সুৰত মিলা দেখা যায়।৭২
এলিছা ভাকাইলৰ ধন্য ঘোষণা আৰু ধন্যীকৰণৰ প্ৰক্ৰিয়া


এলিছা ভাকাইলৰ মৃত্যু ১৯১৩ চনৰ ১৮ জুলাইত ৮১ বছৰ বয়সত হয়। প্ৰথমতে তেওঁৰ নশ্বৰ দেহ ভাৰাপুঝা (ভেৰাপলি)ৰ মাউণ্ট কাৰ্মেল আৰু চেণ্ট জোচেফৰ আৱাৰ লেডীৰ বেচিলিকা ৰ সন্মুখত সমাধিস্থ কৰা হৈছিল। পিছত তেওঁৰ নশ্বৰ দেহ ভাৰাপুঝাৰ ছেইণ্ট জোচেফ কনভেণ্টৰ ‘স্মৃতি মন্দিৰম’ নামৰ সমাধি-প্ৰাৰ্থনাগৃহলৈ স্থানান্তৰ কৰা হয়। পৰৱৰ্তী সময়ত এই সমাধিস্থল ভক্তসকলৰ বাবে এক তীৰ্থস্থানত পৰিণত হয়।৪ এলিছা ভাকাইলক ধন্য ঘোষণা কৰাৰ প্ৰক্ৰিয়া ২০০৮ চনত আৰম্ভ কৰা হয় আৰু তেওঁক ‘ঈশ্বৰৰ সেৱিকা’ হিচাপে ঘোষণা কৰা হয়। ২০১৭ চনৰ ৭ এপ্ৰিলত ধৰ্মীয় প্ৰদেশীয় অনুসন্ধান সম্পূৰ্ণ হয়।৯১০ ২০২৩ চনৰ ৮ নৱেম্বৰত পোপ ফ্ৰান্সিছে এলিছা ভাকাইলক ‘শ্ৰদ্ধেয়’ হিচাপে ঘোষণা কৰে। ২০২৫ চনৰ ১৪ এপ্ৰিলত পোপ ফ্ৰান্সিছে তেওঁৰ মধ্যস্থতাৰ জৰিয়তে সংঘটিত হোৱা বুলি স্বীকৃত এটা অলৌকিক ঘটনাৰ অনুমোদন জনায়।১১ ইয়াৰ পিছত ২০২৫ চনৰ ৮ নৱেম্বৰত ভাৰালপাডমৰ নেচনেল শ্ৰাইন বেচিলিকা অৱ আৱাৰ লেডী অৱ ৰেনছম (National Shrine Basilica of Our Lady of Ransom)ত এলিছা ভাকাইলক ধন্য (Blessed) ঘোষণা কৰা হয়। পোপ লিঅ’ চতুৰ্দশৰ হৈ কাৰ্ডিনেল ছেবাষ্টিয়ান ফ্ৰান্সিছে এই ধন্যীকৰণ অনুষ্ঠান সম্পন্ন কৰে।১১
তথ্যসূত্ৰ
- ↑ Eliswa of the Blessed Virgin Mary (née: Eliswa Vakayil). Dicastery for the Causes of Saints
- ↑ The Congregation of Teresian Carmelites. KCBC
- ↑ Chinnappan, Roobini. (2023-12-28). The legacy of mother Eliswa, a woman who worked for the emancipation and education of women in India. Agenzia Fides
- ↑ Surendranath, Nidhi. (2013-07-19). A saint who pioneered girls' education remembered. The Hindu
- ↑ (6 September 2025). Venerable Mother Eliswa to be Declared 'Blessed' in Vallarpadam on 8 November. Catholic Connect
- ↑ (8 November 2025). Mother Eliswa Vakayil, first nun of Kerala’s Catholic Church, declared Blessed. The Hindu
- ↑ Sanmiguel, Victor. (1986). Three Century Kerala Carmelite Mission 1656-1975. Theresian Press. পৃ. 72–74
- ↑ press.vatican.va/content/salastampa/en/bollettin
- ↑ Alathara, Stephen. (8 November 2023). Mother Eliswa has been made Venerable. Conference of Catholic Bishops of India
- ↑ Selvam, Anbu. (9 November 2023). Pope declares Indian Nun Mother Eliswa a Venerable. Radio Veritas Asia
- ↑ Menachery, Varghese. (April 18, 2025). Indian Catholic nun, Mother Eliswa Vakayil, moves closer to sainthood. Global Sisters Report
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিছৱা ভাকাইল” প্ৰবন্ধৰ সংশোধন ৬২৮৬৭৯ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।