অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিলানা চেডাৰাছ

ডাঃ হিলানা চেডাৰাছ, জন্ম: ১৯০৪ চন আৰু মৃত্যু: ১৯৯৮ চন, কপটিক ইজিপ্তৰ এগৰাকী চিকিৎসক আছিল। তেওঁ ইজিপ্তত চিকিৎসক হোৱা প্ৰথমগৰাকী মহিলা।

হালনাগাদ: ৪ জুলাই ২০২৬ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ডাঃ হিলানা চেডাৰাছ, জন্ম: ১৯০৪ চন আৰু মৃত্যু: ১৯৯৮ চন, কপটিক ইজিপ্তৰ এগৰাকী চিকিৎসক আছিল।১ তেওঁ ইজিপ্তত চিকিৎসক হোৱা প্ৰথমগৰাকী মহিলা।

শিক্ষা

প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পিছত হিলানা চেডাৰছে "মাদ্ৰাছেট আল ছানেয়াহ" (কাইৰোৰ এখন ছোৱালীৰ বৰ্ডিং স্কুল)ত নামভৰ্তি কৰে। পিছলৈ তেওঁ শিক্ষক প্ৰশিক্ষণ বিশ্ববিদ্যালয়লৈ যায়, য’ত ২ বছৰৰ পিছত (১৯২২ চনত) তেওঁ বৃত্তি লাভ কৰে আৰু আন ৫ গৰাকী ইজিপ্তৰ মহিলা ছাত্ৰীৰ সৈতে গণিত অধ্যয়নৰ বাবে লণ্ডনলৈ পঠিওৱা হয়। জৈনাব কামেলৰ সৈতে তেওঁক ইংলেণ্ডত অধ্যয়নৰ বাবে পঠোৱা প্ৰথমগৰাকী ইজিপ্তৰ মহিলা ছাত্ৰী হিচাপে গণ্য কৰা হৈছিল। লণ্ডন স্কুল অৱ মেডিচিনতো নামভৰ্তি কৰি প্ৰমাণিত চিকিৎসক হৈ ১৯৩০ চনত ডক্টৰেট ডিগ্ৰী সমাপ্ত কৰে।

কেৰিয়াৰ

ডাঃ চেডাৰছে ইজিপ্তলৈ উভতি আহি ইজিপ্তৰ প্ৰথমগৰাকী মহিলা চিকিৎসক হিচাপে পৰিগণিত হয়। কাইৰোৰ কিচেনাৰ হাস্পতালত (শ্বৌব্ৰা জেনেৰেল হস্পিতাল) কাম কৰিছিল, কপটিক হাস্পতালত অস্ত্ৰোপচাৰৰ কাম কৰিছিল। ব্যক্তিগত ক্লিনিক এখনো খুলিলে। প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞানত তেওঁ বিশেষজ্ঞ চিকিৎসক আছিল।

অৱসৰ

ডাঃ চেডাৰাছে সত্তৰৰ দশকত অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰ লোৱাৰ পিছত শিশুৰ বাবে গল্প আৰু কিতাপ অনুবাদৰ কামত নিজকে উৎসৰ্গা কৰিছিল।২ ডাঃ চেডাৰাছ নিস্বাৰ্থতা আৰু উদাৰতাৰ বাবে সুপৰিচিত আছিল আৰু অনাথ আৰু অনাথ আশ্ৰমৰ প্ৰতি তেওঁৰ অন্তৰত সহানুভূতি আছিল। গোটেই জীৱনত তেওঁ তেওঁৰ বিশাল সম্পদৰ বেছিভাগেই সকলো ধৰণৰ দাতব্য কামত দান কৰিছিল।

মৃত্যু

১৯৯৮ চনত ডাঃ চেডাৰছৰ মৃত্যু হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 23 Egyptian women who change history
  2. ↑ হিলানা চেডাৰাচ

সম্পৰ্কিত শ্ৰেণী

প্ৰথম মহিলা চিকিৎসকইজিপ্তৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিলানা চেডাৰাছ” প্ৰবন্ধৰ সংশোধন ৬১৫৭১৮ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।