অৰুণাচল প্ৰদেশ
৪৫ প্ৰবন্ধ
-
আবৰ পাহাৰ
আবৰ পাহাৰ হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য তথা চীনৰ সীমান্তৰ ওচৰত থকা অৰুণাচল প্ৰদেশৰ এটা অঞ্চল। এই পাহাৰৰ সীমাত মিচিমি পাহাৰ আৰু মিৰি পাহাৰ আৰু ব্ৰহ্মপুত্ৰৰ উপনৈ দিবাং নদীৰ পানী অপবাহিত হয়।
-
গালো ভাষা
গালো হ'ল চীন-তিব্বতীয় শাখাৰ তানি ভাষাৰ অন্তৰ্গত ভাষা, যিটো ভাষা গালো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। ইয়াৰ সঠিক স্থান তানি ভাষাসমূহৰ ভিতৰত এতিয়াও নিশ্চিত হোৱা নাই, কাৰণ ই তানি অঞ্চলৰ কেন্দ্ৰত অৱস্থিত আৰু আন্তঃ-তানি যোগাযোগৰ প্ৰভাৱত বিকশিত হৈছে।
-
থেমবাং
থেমবাং পশ্চিম কামেং জিলাত অৱস্থিত এখন প্ৰাচীন মনপা গাঁও। ই অৰুণাচল প্ৰদেশৰ এখন গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু সাংস্কৃতিক বসতি। গাঁওখন ইয়াৰ দুৰ্গসদৃশ পাথৰৰ স্থাপত্য, পৰম্পৰাগত মনপা সংস্কৃতি আৰু প্ৰাকৃতিক পৰিৱেশৰ বাবে জনাজাত।
-
দাপ'ৰিজ'
দাপ'ৰিজ উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন চহৰ। এই চহৰ অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰি জিলাৰ সদৰ ঠাই। চহৰখনৰ নামৰ Dapo-ৰ অৰ্থ প্ৰতিৰক্ষা আৰু Rijo-ৰ অৰ্থ উপত্যকা- অৰ্থাৎ অপশক্তিৰ পৰা প্ৰতিৰক্ষিত উপত্যকা অঞ্চল।
-
মিচিমি পাহাৰ
মিচিমি পাহাৰ উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশত অৱস্থিত। এই পাহাৰ উত্তৰ-পূবহিমালয় আৰু ভাৰত-বাৰ্মা পৰিসৰৰ সংযোগস্থলত অৱস্থিত।
-
মুৰুং উত্সৱ
মুৰুং হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ আপাতানি জনজাতিসকলে উদযাপন কৰা এক তাত্পৰ্যপূৰ্ণ উত্সৱ। যদিও ই এক ব্যক্তিগত উৎসৱ, গোটেই গাওঁ আৰু নিশ্চিতভাৱে সমগ্ৰ আপাতনী লোক এই উৎসৱত জড়িত হৈ পৰে।ইয়াক জানুৱাৰী মাহত বা 'মুৰং পিলো' মাহত পালন কৰা হয়।
-
যশৱন্ত গড়, অৰুণাচল প্ৰদেশ
যশৱন্ত গড় বা যশৱন্ত গড় ৱাৰ মেম’ৰিয়েল হৈছে অৰুণাচল প্ৰদেশৰ ছেলা পাছত নিৰ্মিত এটি যুদ্ধ স্মাৰক। এই স্মাৰকটো ভাৰত-চীন যুদ্ধৰ সময়ত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ ৰাইফলমেন যশৱন্ত সিং ৰাৱতৰ সন্মানাৰ্থে নিৰ্মাণ কৰা হৈছে।
-
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা তলত দিয়া হৈছে
-
আব'তানি
আব'তানি বা আবুতানি হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ আপাতানি, নিছি, আদি, গালো আৰু তাগিনৰ দৰে তানি জনগোষ্ঠীৰ অধিবাসীসকলৰ পূৰ্বপুৰুষ। অসমৰ প্ৰধানকৈ লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাত বসবাস কৰা মিচিং জনগোষ্ঠীও আব'তানি গোটৰ অন্তৰ্ভুক্ত।
-
উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ বিষয়সমূহ
উত্তৰ-পূব ভাৰতৰ মানৱ অধিকাৰ বিষয়সমূহ (ইংৰাজী: Human rights issues in northeast India) সংবাদ মাধ্যমত আৰু মানৱ অধিকাৰ কৰ্মীসকলে বহুলভাৱে প্ৰকাশ কৰি আহিছে।
-
কাহো
কাহো লোহিত নদীৰ পাৰত, ভাৰত-চীন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত অৱস্থিত এখন সৰু গাঁও। ই অনজৌ জিলাৰ অৰুণাচল প্ৰদেশত অৱস্থিত। কাহোক ভাৰতৰ পূব প্ৰান্তৰ অন্যতম সীমান্তৱৰ্তী গাঁও হিচাপে গণ্য কৰা হয়। গাঁওখন মেয়ৰ জনগোষ্ঠীৰ লোকসকলৰ বসতিস্থল।
-
চলুং
চলুং বা চলুং পূজা (Solung) অৰুণাচল প্ৰদেশৰ চিয়াং জিলা আৰু লোহিত জিলাত থকা আদি জনজাতীয় সমাজৰ এক উৎসৱ। চলুং উৎসৱ মূলতঃ কৃষি ভিত্তিক। জুলাই আগষ্ট মাহত সচৰাচৰ এই উৎসৱ আদি সকলে অতি পুৰণি কালৰেপৰা সামাজিক আৰু ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰেৰে পালন কৰি আহিছে।
-
ডং
ডং ভাৰতৰ অৰুণাচল প্ৰদেশৰ অনজৌ জিলাৰ ডং উপত্যকাত অৱস্থিত এখন সৰু গাঁও। গাঁওখন ভাৰতৰ পূব প্ৰান্তৰ অন্যতম বসতিস্থান আৰু ভাৰত, চীন আৰু ম্যানমাৰৰ সীমান্ত সংযোগস্থলৰ ওচৰত অৱস্থিত। ডং সূৰ্যোদয় চাবলৈ যোৱা পৰ্যটকৰ বাবে জনাজাত।
-
ডফলা পাহাৰ
ডফলা বা ডাফলা পাহাৰ হৈছে পশ্চিম অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমান্তত থকা এটা পাহাৰীয়া অঞ্চল য'ত ডফলা নামৰ এটা স্বতন্ত্ৰ জনগোষ্ঠীয়ে বসবাস কৰিছিল। এই অঞ্চল তেজপুৰ আৰু উত্তৰ লখিমপুৰ মহকুমাৰ উত্তৰে অৱস্থিত আৰু ইয়াৰ পশ্চিমে অকা পাহাৰ আৰু পূবে আবৰ পাহাৰ।
-
মায়'ডিয়া গিৰিপথ
মায়'ডিয়া গিৰিপথ হৈছে অৰুণাচল প্ৰদেশৰ এটা উল্লেখযোগ্য গিৰিপথ আৰু ভাৰত-চীন সীমান্তৰ প্ৰৱেশদ্বাৰ। এই পথটো অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ নিলগত।