মিচিমি পাহাৰ উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশত অৱস্থিত।১ এই পাহাৰ উত্তৰ-পূবহিমালয় আৰু ভাৰত-বাৰ্মা পৰিসৰৰ সংযোগস্থলত অৱস্থিত। ২
ভৌগোলিক পৰিবেশ
ভৌগোলিক ভাবে মিচিমি পাহাৰ 2টা শাখাত বিভক্ত। ব্ৰহ্মপুত্ৰ নদ নদীৰ উপনদী তথা সমভূমি আৰু অৰুণাচলৰ হিমালয়ৰ বৰফৰে আবৃত পৰ্বতমালা, নিম্ন হিমালয় শাৰী আৰু শিৱালিক পৰিসৰেৰে গঠিত। মিচিমি পাহাৰৰ উচ্চতা ৫,০০০ মিটাৰ (১৬,০০০ ফুট)ৰ ওপৰত হয়,যদিও সঠিকভাৱে মেপ কৰা হোৱা নাই। এই পাহাৰৰ অংশ তীব্ৰ ভাৱে হেলনীয়া, উপ-ক্ৰান্তীয় চিৰসেউজ অৰণ্য আৰু উচ্চমাত্ৰা বৰষুণ হয়। পাহাৰৰ কেন্দ্ৰীয় অংশটো দুয়োফালে দিবাং উপত্যকাই মেৰিয়াই আছে।৩ মিচিমি পাহাৰ চান-মালয়েছিয়া প্লেটৰ অংশ।৪ ১৯৫০ চনত মিচিমি পাহাৰ এক বিধ্বংসী ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল।

মিচিমি পাহাৰৰ সৰ্বোচ্চ শৃংগ
- লোহিতাং শৃংগ ৫,২৫৬.২৫ মিটাৰ (১৭,২৪৪.৯ ফুট) ওখ। লোহিতাং মানে ৰক্ত ৰঙা ৰঙৰ পৰ্বত। লোহিতাং শৃংগ অৰুণাচল প্ৰদেশৰ ২৮°২১′উত্তৰ আৰু ৯৭°৩৮′পূবত অৱস্থিত পূৱ ভাৰতৰ অন্তিম বিন্দু।
- লামা শৃংগ ৫,১৮৪ মিটাৰ (১৭,০০৮ ফুট) ওখ। অৰুণাচল প্ৰদেশৰ ২৯°৩৫′উত্তৰ ৯৬°১৫′পূবত-ত অৱস্থিত মিচিমি পাহাৰৰ দ্বিতীয় সৰ্বোচ্চ বিন্দু।
- অৰুণাচল শৃংগ ৫,১৪৮ মিটাৰ (১৬,৮৯০ ফুট)। এই শৃংগ অৰুণাচল প্ৰদেশৰ ২৮°০২′উত্তৰ ৯৭°৪৪′পূবত অৱস্থিত।
প্ৰশাসন
১৯৪৮ চনত শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট বিভাজনৰ পিছত মিচিমি পাহাৰক জিলা হিচাপে ঘোষণা কৰা হৈছিল। আকৌ ১৯৫১ চনত ইয়াৰ সমভূমি অঞ্চলটো অসমৰ প্ৰশাসনিক অধিকাৰ ক্ষেত্ৰলৈ স্থানান্তৰিত কৰা হয়।৫১৯৫২ চনত মুখ্য কাৰ্যালয় সাদিয়াৰ পৰা তেজুলৈ স্থানান্তৰিত কৰা হয়। যেতিয়া ১৯৫৪ চনত নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি (এনইএফএ) গঠন হৈছিল, মিচিমি পাহাৰ জিলা লোহিত ফ্ৰণ্টিয়াৰ ডিভিজন হৈ পৰিছিল।
পাহাৰৰ পশ্চিম অংশ চীনৰ মেদগ কাউণ্টিৰ প্ৰশাসনৰ অধীনত পৰে আৰু পূৱ অংশবোৰ জায়ো কাউণ্টিৰ দ্বাৰা পৰিচালিত হয়।
উদ্ভিদ আৰু প্ৰাণী
মিচিমি পাহাৰত মাৰ্চৰ পৰা প্ৰাক-মৌচুমীৰ ধাৰাসাৰ বৰষুণ হয়। আৰ্দ্ৰতা আৰু বৰষুণ প্ৰায় ৯০%। প্ৰায় ৬০০০ বিধ উদ্ভিদ প্ৰজাতি, ১০০ বিধ স্তন্যপায়ী প্ৰজাতিৰ প্ৰাণী আৰু প্ৰায় ৭০০ বিধ প্ৰজাতিৰ চৰাই দেখা পোৱা যায়। মিচিমি পাহাৰত বহুসংখ্যক পখিলা আৰু অন্যান্য কীট পতংগ দেখা পোৱা যায়। এই অঞ্চলত নাতিশীতোষ্ণ কনিফাৰ, চাব-আলপাইন কাঠৰ জোপোহা, আলপাইন ঘাঁহনি, বাঁহ আৰু ঘাঁহনিৰে পৰিপূৰ্ণ। বাঘ, সাধাৰণ নাহৰফুটুকী বাঘ, স্নো নাহৰফুটুকী বাঘ, সোণালী মেকুৰী, জংঘল মেকুৰী, মাৰ্বল যুক্ত মেকুৰী আৰু নাহৰফুটুকী মেকুৰী পোৱা যায়। বিপদাপন্ন ৰঙা পাণ্ডাও উত্তৰ প্ৰান্তত দেখা পোৱা যায় আৰু হুলক গিবন নামনি অঞ্চলত আছে। দিহাং-দিবাং জৈৱমণ্ডল সংৰক্ষণৰ প্ৰধান অংশ আৰু সমগ্ৰ দিবাং বন্যপ্ৰাণী অভয়াৰণ্য মিচিমি পাহাৰৰ এলেকাৰ ভিতৰত পৰে।৬
জলবায়ু
শীতকালত তাপমাত্ৰা ৫ ° চেণ্টিগ্ৰেডৰ তলৰ পৰা গ্ৰীষ্মকালত ৩৮ ° চেণ্টিগ্ৰেডলৈকে হয়।
তথ্যসূত্ৰ
- ↑ Hamlet Bareh. (2001). Encyclopaedia of North-East India. Mittal Publications. পৃ. 182–. ISBN 978-81-7099-788-7
- ↑ J. R. Kayal. (6 June 2008). Microearthquake Seismology and Seismotectonics of South Asia. Springer. পৃ. 273–. ISBN 978-1-4020-8179-8
- ↑ Mishmi Hills, Arunachal Pradesh
- ↑ Abani K. Bhagabati; Bimal Kumar Kar. (1999). Survey of Research in Geography on North East India, 1970–1990. Regency Publications. পৃ. 13–. ISBN 978-81-86030-89-9
- ↑ Pratap Chandra Swain. (1 January 2008). Panchayati Raj. APH Publishing. পৃ. 66–. ISBN 978-81-313-0379-5
- ↑ A. U. Choudhury. (2010). Mammals and birds of Dihang – Dibang Biosphere Reserve, North-east India. Lambert Academic Publishing, Saarbrücken, Germany. 104pp.. ISBN 978-3-8433-6088-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচিমি পাহাৰ” প্ৰবন্ধৰ সংশোধন ৪৬৭০৪৪ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।