শ্বহীদ মুকুন্দ কাকতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, হেলেম ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ অসম ৰাজ্যৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তর্গত হেলেম চক্ৰৰ আমলখি দলনী নামৰ ঠাইত অৱস্থিত।
বিদ্যালয়ৰ ইতিহাস
হেলেম চাহ বাগিছাৰ পৰা অনুদানেৰে পোৱা ভূমিত অঞ্চলটোৰ কিছুসংখ্যক লোকৰ প্ৰচেষ্টাত ১৯৫৭ চনত হেলেম এম. ই স্কুল হিচাপে বিদ্যালয়খন প্ৰতিষ্ঠা হয় আৰু পাছত তাতেই ১৯৬৪ চনত হেলেম হাইস্কুললৈ বিদ্যালয় খন উন্নীত হয়।
১৯৪২ চনৰ ছেপ্টেম্বৰ মাহৰ ২০ তাৰিখে ভাৰত ত্যাগ আন্দোলনৰ এক কার্যসূচী অনুসৰি গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ লোৱাৰ মুহূৰ্তত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰেবতী মোহন সোমৰ নির্দেশত ব্ৰিটিছ ঔপনিবেশিক শাসকীয় পুলিছ বাহিনীৰ চিপাহীয়ে বৰঙাবাৰীৰ বীৰবালা কনকলতা বৰুৱাক গুলিয়াই নিহত কৰে। সোনকাণি গাঁৱৰ মুকুন্দ কাকতিয়ে কনকলতাৰ হাতৰ পৰা পৰিবলৈ ধৰা পতাকাখন পুনৰ তুলি ধৰিবলৈ চেষ্টা কৰে যদিও পুলিছ বাহিনীয়ে তেখেতক গুলিয়াই আহত কৰে। আহত কাকতিৰ সেই দিনাই সন্ধিয়া মৃত্যু হয়। স্বাধীনতা আন্দোলনত এই ধৰণে শ্বহীদ হোৱা মুকুন্দ কাকতিৰ চৰম ত্যাগক সোঁৱৰণ কৰি তেখেতৰ নামেৰে পৰবৰ্ত্তী সময়ত এই বিদ্যালয়খন নামাকৰণ কৰা হয়। ১৯৭৭ চনত বিদ্যালয়খন প্ৰাদেশীকৃত হয়।

বিদ্যালয়ৰ প্ৰকাৰ, আন্তঃগাঁথনি, মুখপত্ৰ
অসমীয়া মাধ্যমৰ সহ-শৈক্ষিক বিদ্যালয় খনত ল'ৰা আৰু ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰে। বিদ্যালয় খনত উচ্চ-প্ৰাথমিক আৰু মাধ্যমিকৰ ষষ্ঠ শ্ৰেনীৰ পৰা দশম শ্ৰেনী লৈকে পাঠদান কৰা হয়। বিদ্যালয়খনত দুপৰীয়াৰ আহাৰ আৰু খোৱা পানীৰ বাবে কুঁৱা আৰু দমকলৰ উপৰিও 'ৰাণিং ৱাটাৰ যুক্ত টেপ'ৰ ব্যৱস্থা আছে। বিদ্যালয়ৰ পুথিভঁৰালত বৰ্তমান ১০০০ খনৰ অধিক কিতাপ আছে বুলি জনা যায়।১ বিদ্যালয়খনৰ "তৰ্পণ" নামেৰে এখন মুখপত্ৰ আৰু "ৰেঙণি" নামৰ এখন প্ৰাচীৰ পত্ৰিকা আছে।
বিদ্যালয় প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে প্ৰধান শিক্ষক সকল
- স্বৰ্গীয় জ্যোতিষ চন্দ্ৰ শৰ্মা
- স্বৰ্গীয় অৱনী ভাগৱতী
- স্বৰ্গীয় হৰেন্দ্ৰনাথ দাস
- স্বৰ্গীয় উমেশ চন্দ্ৰ গোস্বামী
- স্বৰ্গীয় জ্যোতিষ চন্দ্ৰ শৰ্মা (অৱসৰ- ৩১-১০-১৯৯৭)
- স্বৰ্গীয় দেৱব্ৰত বৰা (কাৰ্যকাল-০১-১১-১৯৯৭ ৰ পৰা ২৮-০২-২০০৪)
- শ্ৰীযুতা অৰ্পণা বৰা (কাৰ্যকাল-০১-০৩-২০০৪ ৰ পৰা ৩১-০৮-২০০৯)
- শ্ৰীযুতা কল্পনা মহন্ত (কাৰ্যকাল-২৩-০৯-২০০৯ ৰ পৰা ১১-০৮-২০১১)
- শ্ৰীযুত সোম প্ৰসাদ শৰ্মা (কাৰ্যকাল-১২-০৮-২০১১ ৰ পৰা ৩১-১২-২০১৫)
- শ্ৰীযুত মহেশ শৰ্মা (কাৰ্যকাল-০১-০১-২০১৬ ৰ
সোণালী জয়ন্তী
২০১৬ চনৰ ২৪,২৫ আৰু ২৬ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনৰ সোণালী জয়ন্তীভাগ উদ্ যাপন কৰা হয়। চিত্ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি স্বৰ্ণজ্যোতি নামৰ এখন স্মৃতি গ্ৰন্থও প্ৰকাশ কৰি উলিওৱা হৈছিল।
চিত্
সোণালী জয়ন্তী উদ্ যাপনৰ সময়ৰ বিদ্যালয়ৰ কৰ্মৰত শিক্ষক- কৰ্মচাৰী সকল
চিত্
বৰ্তমান কৰ্মৰত অন্য শিক্ষক-কৰ্মচাৰী সকল
- ৰূপম ৰঞ্জন ৰাজখোৱা, সহ-প্ৰধান শিক্ষক
- যোগেশ্বৰী ৰবিদাস,সহ-শিক্ষয়িত্ৰী
- শ্ৰীকান্ত দলে,সহ-শিক্ষক
- নাৰায়ণ অধিকাৰী,সহ-শিক্ষক
- প্ৰতিমা চিৰিং,সহ-শিক্ষয়িত্ৰী
- কেনেডী ৰাজবংশী,সহ-শিক্ষক
- ধ্ৰুৱজ্যোতি ভূঁঞা, সহ-শিক্ষক
- হিমাশ্ৰী বৰ্মন,সহ-শিক্ষয়িত্ৰী
- পৰাগজ্যোতি লাহন,সহ-শিক্ষক
- সুপ্ৰীতি কোঁৱৰ,সহ-শিক্ষক
- নৱজ্যোতি দাস, কাৰ্য্যালয় সহায়ক
- সূৰ্য বৰা, চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী
- তুলসী গোস্বামী, চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী
- Devagaura Pegu, NSQF Trainer( Automotive)
- Kangana Mahanta, NSQF Trainer( Agriculture)
তথ্যসূত্ৰ:
__সূচী__ __NEWSECTIONLINK__
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৪৫০৫৩ (২৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।