জাংফাই এবিধ লা জাতীয় পদাৰ্থ৷ জাংফাই জীৱাশ্মীভূত গছৰ ৰজন(resin) আৰু ই সুগন্ধি দ্ৰব্য৷ ইয়াক অলংকাৰ প্ৰস্তুত কৰাৰ উপাদান আৰু ৰোগ নিৰাময়ৰ কাৰক হিচাপে ব্যৱহাৰ কৰা হয়৷১ পুৰণি অসমত সাধাৰণ অসমীয়া মহিলাই সোণ আৰু ৰূপৰ সলনি জাংফাইৰ কেৰু পিন্ধিছিল৷ ২ চিংফৌ বুৰঞ্জীমতে পাটকাইৰ অৰ্থ:- ’পাট’ মানে জাংফাই আৰু ’কাই’ মানে উত্তম৷ অৰ্থাৎ সেইসময়ত পাটকাই পাহাৰটোত উৎকৃষ্টমানৰ জাংফাইৰ কাৰণে বিখ্যাত আছিল৷ পাটকাই পাহাৰত সেইসময়ত চিংফৌ, টাংচা আৰু আবৰসকলৰ বাসস্থান আছিল৷ জাংফাই প্ৰচুৰ পৰিমানে উপলব্ধ হৈছিল বাবে সেই জনগোষ্ঠীৰ লোকসকলে ভৈয়ামলৈ আহি জাংফাইৰ ব্যৱসায় কৰিছিল বুলি জনা যায়৷ খনিজাত জাংফাইৰ পৰা অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নানা অলংকাৰ তৈয়াৰ কৰিছিল৷৩ অৰুণাচলৰ টাংছা জনজাতি মহিলাসকলৰ জাংফাই কেৰু চকুত লগা৷ খামটিসকলৰ পুৰুষসকলেও তিৰোতাৰ দৰে কাণত জাংফাই কেৰু পিন্ধিছিল৷ খামটি তিৰোতাসকলেও কাণত চকচকাই থকা জাংফাই কেৰু পিন্ধিছিল৷৪ সোণৰ কেৰুৰ দৰে সোণ নোপোৱা সাধাৰণ লোকে সম্ভৱতঃ জাংফাইৰে কেৰু সাজি পিন্ধিছিল আৰু পৰৱৰ্তীকালত কেৰু নামৰ লগত জাংফাই নামটো সাঙোৰ খাই পৰিল৷ জাংফাই প্ৰকৃততে এবিধ বিশেষ গছৰ আঠাৰ পৰা সৃষ্টি হোৱা এক উজ্জল টান পদাৰ্থ৷
জাংফাইৰ খনি
পৃথিৱীৰ বিভিন্ন ঠাইত জাংফাই পোৱা যায়৷ বৰ অসমৰ পাটকাই পাহাৰত জাংফাই পোৱা যায়৷ গছ-গছনিৰ মাজত মাটিৰ তলত ক’ত জাংফাই পোৱা যায় তাক অভিজ্ঞ মানুহেহে ক’ব পাৰিছিল৷ পাতল হালধীয়া বৰণৰ মূল্যবান জাংফাই মাটিৰ ওপৰিভাগৰ পৰা ৪০ ফুটমান তলতহে উপলব্ধ হৈছিল৷৫ তদুপৰি ইউৰোপৰ লিথুৱেনিয়া দেশত জাংফাইৰ এক বৃহৎ খনি আছে৷ ’বাল্টিক সোণ’ আখ্যা দিয়া জাংফাই সূদুৰ অতীতত ইয়াত প্ৰচুৰ পৰিমাণে পোৱা গৈছিল৷ জাংফাইৰে বিভিন্ন অলংকাৰ প্ৰস্তুত কৰা হয় আৰু লিথুৱেনিয়াৰ ভিলনিয়াছ চহৰত জাংফাইৰ কাৰুকাৰ্যৰ এক বৃহৎ প্ৰদৰ্শনী পতা হয়৷ তদুপৰি, ভিলনিয়াছৰ বহুসংখ্যক সংগ্ৰহালয়ত চাৰে চাৰি হাজাৰ জাংফাইৰ নমুনা সজাই থোৱা আছে৷১
জাংফাই কেৰু
পুৰণিকালত অসমৰ জনজাতীয় মহিলাসকলৰ মাজত জাংফাই কেৰুৰ প্ৰচলন আছিল৷ কোনো কোনো জনজাতিৰ পুৰুষেও জাংফাইৰ কেৰু পিন্ধিছিল৷ সেইবোৰক মতা জাংফাই বোলা হৈছিল৷ জাংফাই কেৰুৰ এক বিশেষ বিশেষত্ব হ’ল, ইয়াৰ ঠাৰি শকত অৰ্থাৎ কাণৰ বিন্ধাৰে সুমুৱাই দিয়া অংশ শকত আৰু কাণলতিত লিপিট খাই থকা অংশ পদুমপাহিৰ দৰে, য’ত বাখৰ পতোৱাও থাকে৷ ইয়াৰ ঠাৰিতো কিছুমানত বাখৰ পতোৱা থাকে৷৬
তথ্যসূত্ৰ
- ↑ বৰঠাকুৰ, ড° নয়নানন্দ. (২০১৩). জাংফাই য’ত লিথুৱেনিয়া ত’ত. প্ৰান্তিক
- ↑ অসমীয়া মানুহৰ ইতিহাস, পৃ: নং ২১৮ নগেন শইকীয়া
- ↑ এজন মহাথেৰৰ জীৱনৰ খোজে খোজে, চাই এক্য গোঁহাই
- ↑ অসমৰ জনজাতি, পৃ: নং ২৫৩ সম্পা: শ্ৰী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য
- ↑ শৰ্মা, মৃগেন. (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্পৰ ইতিহাস. জাগৰণ সাহিত্য প্ৰকাশন. ISBN 978-93-93342-23-2
- ↑ গগৈ, চাও লোকেশ্বৰ. (২০১১). অসমৰ লোক-সংস্কৃতি. ক্ৰান্তিকাল. পৃ. ৬৭৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাংফাই (অলংকাৰ)” প্ৰবন্ধৰ সংশোধন ৩৪৬৪৬২ (২২ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।