অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লোকাপাৰ

লোকাপাৰ হৈছে এবিধ আপুৰুগীয়া কাণত পিন্ধা অলংকাৰ। প্ৰধানকৈ অসমৰ যোৰহাট অঞ্চলত গঢ়োৱা এই অলংকাৰ বিধ পিঠিয়া-পিঠিয়কৈ থকা চাৰিটা পাৰ চৰাইৰ আৰ্হিৰ। সাধাৰণতে ইয়াত ৰঙা আৰু সেউজীয়া পাথৰে সোণত খচিত কৰি গঢ়োৱা হয়। লোকাপাৰক অসমীয়া মহিলাৰ অতি আদৰৰ আৰু হেঁপাহৰ অলংকাৰ হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ৯ মে’ ২০২১ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

লোকাপাৰ হৈছে এবিধ আপুৰুগীয়া কাণত পিন্ধা অলংকাৰ। প্ৰধানকৈ অসমৰ যোৰহাট অঞ্চলত গঢ়োৱা এই অলংকাৰ বিধ পিঠিয়া-পিঠিয়কৈ থকা চাৰিটা পাৰ চৰাইৰ আৰ্হিৰ। সাধাৰণতে ইয়াত ৰঙা আৰু সেউজীয়া পাথৰে সোণত খচিত কৰি গঢ়োৱা হয়। লোকাপাৰক অসমীয়া মহিলাৰ অতি আদৰৰ আৰু হেঁপাহৰ অলংকাৰ হিচাপে গণ্য কৰা হয়। ই এবিধ সুচাৰুৰূপে আৰু মৰ্যাদা সম্পন্ন অলংকাৰ। আহোম ৰজা আৰু ডা-ডাঙৰীয়াসকলে লোকাপাৰ পৰিধান কৰিছিল বুলি বুৰঞ্জীত পোৱা যায়। আহোমৰ দিনত উৎসৱ-পাৰ্বন আদিত লোকাপাৰ পৰিধান কৰাতো পৰম্পৰাৰ দৰে আছিল।১

গঠন

এইবিধ অলংকাৰ বাস্ৰাম বা মিনা কৰা থাকে আৰু কাণৰ লটিত জুমকাৰ দৰে ওলমি থাকে। পাৰ কেইবিধ পিঠিয়া-পিঠিয়কৈ থকাৰ বাবে ইয়াক দেখাত অশোকস্তম্ভৰ দৰে লাগে। পাৰ চাৰিটাৰ মূৰৰ ওপৰৰ পৰা চাৰিডাল শিকলি গৈ কাণৰ লটিত লাগি থকাকৈ থকা সোণৰ গিৰিত লগ লাগে। পাৰ কেইটাৰ ঠেং কেইখনত মুকুতা মণিৰ দৰে লটকন গথা থাকে। ইয়াৰ বিৰিটোৰ পিছফালে এডাল হাকোটা লগা থাকে। হাকোটা ডালৰ সহায়ত কাণৰ লটিৰ ফুটাত এই বিশেষ অলংকাৰ পৰিধান কৰা হয়। চৰাইৰ আকৃতিৰ লোকাপাৰৰ দৰে কাণফুলিত খঞ্জখিলি বুলিও কোৱা হয়।১

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সংস্কৃতিৰ কণিকা. নাৰায়ণ দাস আৰু পৰমানন্দ ৰাজবংশী

সম্পৰ্কিত শ্ৰেণী

অসমৰ অলংকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকাপাৰ” প্ৰবন্ধৰ সংশোধন ২৭৪৭৪৫ (৯ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।