অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বাক-সংহতি

কম কথাৰে বহু অৰ্থ প্ৰকাশ কৰিবলৈ মানুহে যত্ন কৰে আৰু তেনে প্ৰক্ৰিয়াকে বাক-সংহতি বুলি অভিহিত কৰা হয়। অসমীয়া ব্যাকৰণৰ এটা বিষয় হ’ল বাক-সংহতি। বাক-সংহতিৰ দ্বাৰা ভাষা শুনিবলৈ শুৱলা হয় আৰু মূলতঃ বাক্যাংশৰ প্ৰতি শব্দৰে বা সমাসৰ দ্বাৰা এনে বাক-সংহতি কৰা হয়৷

হালনাগাদ: ২২ মে’ ২০২৫ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

কম কথাৰে বহু অৰ্থ প্ৰকাশ কৰিবলৈ মানুহে যত্ন কৰে আৰু তেনে প্ৰক্ৰিয়াকে বাক-সংহতি বুলি অভিহিত কৰা হয়। অসমীয়া ব্যাকৰণৰ এটা বিষয় হ’ল বাক-সংহতি। বাক-সংহতিৰ দ্বাৰা ভাষা শুনিবলৈ শুৱলা হয় আৰু মূলতঃ বাক্যাংশৰ প্ৰতি শব্দৰে বা সমাসৰ দ্বাৰা এনে বাক-সংহতি কৰা হয়৷১

বাক-সংহতিৰ উদাহৰণ

বহুপদৰ পৰা একপদ

  • যাৰ পুুত্ৰ নাই: অপুুত্ৰক
  • এটি সন্তান হোৱা তিৰোতা: একুতী
  • পুৰণি হৈ ভেঁকুৰা চাউল: মলঙা
  • কষ্টেৰে যাক পাব পাৰি: দুৰ্লভ
  • আনৰ উন্নতি দেখিব নোৱাৰা: পৰশ্ৰীকাতৰ,চকুচৰহা
  • আদিৰ পৰা অন্তলৈকে: আদ্যোপান্ত
  • যাৰ পূৰ্বজন্মৰ কথা মনত আছে: জাতিস্মৰ
  • কাৰো নাম নধৰাকৈ পৰা গালি: গুৱাল গালি
  • তিনি কালৰ কথা যি জনে জানে: ত্ৰিকালজ্ঞ
  • যাক সহজে পাব পাৰি: সুুুলভ
  • শিং নথকা গৰু: লাওমূৰা
  • বৰষুণ নোহোৱা যি বতৰ: খৰাং
  • সোণৰ দৰে বৰণ যাৰ: সোণালী

তথ্যসূত্ৰ

  1. ↑ কৃষ্ণকান্ত সন্দিকৈ মুক্ত ৰাজ্যিক বিশ্ববিদ্যালয়. আধুনিক অসমীয়া ভাষা (MIL) BPP-MIL(AS F)

সম্পৰ্কিত শ্ৰেণী

ব্যাকৰণঅসমীয়া ব্যাকৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাক-সংহতি” প্ৰবন্ধৰ সংশোধন ৫১১২৪৮ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।