ইতিহাসৰ আজিৰ দিনত
১১ ডিচেম্বৰ
ঘটনাৱলী
- ১৮৫৮বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আৰু যদুনাথ বসু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ প্ৰথম স্নাতক হয়।
- ১৯০১গুগ্লিএলমো মাৰ্কনিয়ে ইংলেণ্ডৰ কৰ্ণৱালৰ পোলধুৰ পৰা নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছলৈ প্ৰথম ট্ৰান্সটলান্তিক ৰেডিঅ' সংকেত প্ৰেৰণ কৰে।
- ১৯৪৬ড° ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ সংবিধান সভাৰ সভাপতি নিৰ্বাচিত হয়।
- ১৯৬০শিশু বিকাশত নিয়োজিত এক আন্তৰ্জাতিক সংগঠন ইউনিচেফৰ সন্মানাৰ্থে ভাৰতীয় বাট বিভাগে ১৫ পইচাৰ এক বিশেষ ডাক টিকট প্ৰকাশ কৰিছিল।
- ১৯৬১দাদৰা আৰু নগৰ হাভেলীক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ ভাৰতৰ সংবিধানৰ দশম সংশোধনী গৃহীত কৰা হৈছিল।
- ১৯৭২এপোলো-১৭ চন্দ্ৰত অৱতৰণ কৰা ষষ্ঠ আৰু অন্তিম এপোলো অভিযান।
- ১৯৯৯শতিকাৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্য গ্ৰহণ ভাৰতত দৃশ্যমান হয়।
জন্ম
- ১৮৫৮খ্ৰীষ্টিয়ান আইজকমেন, নেদাৰলেণ্ডত বিশিষ্ট চিকিৎসা-বিজ্ঞানী। তেওঁ ১৯২৯ চনত সাহিত্যৰ ন’বেল লাভ কৰে।
- ১৮৭২বেণুধৰ ৰাজখোৱা, অসমৰ এগৰাকী বিশিষ্ট লেখক, কবি আৰু নাট্যকাৰ আছিল। তেওঁ ১৯২৬ চনত অসমৰ ধুবুৰী জিলাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল। যেতিয়া তেওঁ কলিকতাত পঢ়ি আছিল, তেতিয়া তেওঁ অসমৰ সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শাসনাধিষ্ঠিত ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়বাহাদুৰ উপাধিৰে সন্মানিত কৰিছিল। মৃত্যু ১৯৫৫।
- ১৯১১নাগিব মাহফুজ, ইজিপ্টিয়ান লেখক। তেখেতে ১৯৮৮ চনত সাহিত্যৰ ন'বেল বঁটা অৰ্জন কৰিছিল।
- ১৯৬৮ইমানুৱেল চাৰ্পেণ্টিয়ে, ফৰাচী অণুজীৱবিদ, বংশগতিবিদ আৰু জৈৱ ৰসায়নবিদ।
- ১৯৭০দেৱদত্ত পাটনায়ক, ভাৰতীয় চিকিৎসক, বাণিজ্যিক পৰামৰ্শদাতা, কিংবদন্তিবিদ আৰু লেখক।
মৃত্যু
- ২০০৫পাৰ্থপ্ৰতিম চৌধুৰী, অসমৰ প্ৰখ্যাত সঙ্গীত পৰিচালক।
- ২০১২ৰবি শংকৰ, ভাৰতীয় চিতাৰবাদক আৰু সুৰকাৰ। বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাবে বিশ্বৰ আগশাৰীৰ চিতাৰবাদক ৰূপে পৰিগণিত হৈছিল লগতে বিশ্বৰ বহুতো সংগীতজ্ঞক প্ৰভাৱিত কৰিছিল। শংকৰক ১৯৯৯ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। জন্ম ৭ এপ্ৰিল, ১৯২০।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ