অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১২ ডিচেম্বৰ

ঘটনাৱলী

  • ১৯১১সম্ৰাট পঞ্চম জৰ্জে আৰু ৰাণী মেৰী দুয়ো একেলগে দিল্লীৰ বিখ্যাত দিল্লী দৰবাৰত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
  • ১৯৭৯অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন। এই ৰাষ্ট্ৰপতি শাসন ১৯৮০ চনৰ ৫ ডিচেম্বৰ লৈকে বলৱৎ আছিল।
  • ১৯৯৬গঙ্গা নদী নদীৰ পানীৰ ভাগ-বতৰাৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশৰ মাজত এখন ৩০ বছৰীয়া চুক্তি স্বাক্ষৰিত হয়।
  • ২০১২মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালেহংকং ছুপাৰ ছিৰিজৰ খিতাপ দখল কৰিছিল।
  • ২০১৫কনফাৰেন্স অফ পাৰ্টিয়ে জলবায়ু পৰিৱৰ্তন আৰু মানৱ অধিকাৰৰ মাজৰ সম্পৰ্কৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে পেৰিছ চুক্তি গৃহীত কৰে।
  • ২০১৯অসমত কেবৰ বিপক্ষে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ। আৰক্ষীৰ গুলীত ২ প্ৰতিবাদকাৰী নিহত আৰু ২১ গুলীবিদ্ধ। সমগ্ৰ অসমত সান্ধ্য আইন বাহাল থকাৰ স্বত্তেও গুৱাহাটীৰ লতাশিল খেলপথাৰত অগনণ জনতাৰ প্ৰতিবাদ। ডিজিপিসহ তিনি শীৰ্ষ আৰক্ষী বিষয়াৰ গাড়ীত আক্ৰমণ প্ৰতিবাদকাৰীৰ জ্বলালে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ গাড়ীও। আমবাৰীৰ কাপৰ মুখ্য কাৰ্যালয়লৈ শিলাবৰ্ষণ, ঠায়ে ঠায়ে আৰক্ষীৰ লাঠী চালনা্ কন্দুৱা গেছ নিক্ষেপ প্ৰতিবাদ কাৰী লৈ। অসম আন্দোলনৰ পিছত অসমত এইটোৱেই বৃহৎ গণ আন্দোলন।

জন্ম

  • ১৮৮০মৌলানা আব্দুল হামিদ খান ভাসানী, এজন বঙালী ৰাজনৈতিক নেতা। তেওঁৰ ৰাজনৈতিক কাৰ্যকাল আছিল ব্ৰিটিছ ঔপনিৱেশিক ভাৰত, পাকিস্তান আৰু বাংলাদেশত।
  • ১৯৭২বন্দিতা আচাৰ্য, ভাৰতীয় সমাজকৰ্মী আৰু মানৱ অধিকাৰকৰ্মী।
  • ১৯৯৭ৰবি কুমাৰ দাহিয়া, যাক ৰবি কুমাৰ বা ৰবি দাহিয়া বুলিও জনা যায়। এজন ভাৰতীয় ফ্ৰীষ্টাইল মল্লযোদ্ধা যি ৫৭ কিলোগ্ৰাম শাখাত ২০২০ টকিঅ' অলিম্পিকত ৰূপৰ পদক জিকিছিল। দাহিয়া ২০১৯ চনৰ বিশ্ব কুস্তী চেম্পিয়নশ্বিপৰ পৰা ব্ৰঞ্জ পদক বিজয়ী আৰু তিনিবাৰ এছিয়ান চেম্পিয়ন। ২০২২ চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত তেওঁ ইংলেণ্ডৰ বাৰ্মিংহামত পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল কুস্তি শাখাত সোণৰ পদক জিকিছিল।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ