অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৬ নৱেম্বৰ

ঘটনাৱলী

  • ১৯২৫মহাত্মা গান্ধীৰ শিষ্য তথা ভাৰতৰ খাদী আন্দোলনৰ সক্ৰিয় কৰ্মী ইংৰাজ মহিলা মীৰা বেন ভাৰতলৈ আহে।
  • ১৯৪৩আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অধিকাৰ জাপানৰ পৰা আজাদ হিন্দ ফৌজলৈ হস্তান্তৰিত হয়।
  • ১৯৬২ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰা দক্ষিণ আফ্ৰিকাক বহিষ্কাৰ কৰা হয়।
  • ২০০১অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰ প্ৰকাশ আৰম্ভ হয়।
  • ২০২২অসমৰ দৰং জিলাৰ মঙ্গলদৈত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় অসম দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰা হয়। এছিয়ান ডেভলেপমেণ্ট বেংকৰ ১০০০ কোটি পুজিৰে নিৰ্মাণ হ'বলগীয়া এই বিশ্ববিদ্যালয়খনৰ ৫টা কেন্দ্ৰত ৯টা বিষয়ত বছৰি ১০০০০ শিক্ষাৰ্থীয়ে পাব ডিগ্ৰী, ডিপ্লমা আৰু গৱেষণাৰ সুবিধা। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে নিযুক্তি দিয়া হয় প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসক।

জন্ম

  • ১৮৯২ছাৰ জন উইলিয়াম এলকক, ব্ৰিটিছ নৌ সেনা আৰু বায়ু সেনা বিষয়া।
  • ১৯৩৪ভগৱান মৰল, অসমীয়া ভাষাবিদ।
  • ১৯৩৭যশৱন্ত সিনহা, ভাৰতীয় প্ৰশাসক আৰু ৰাজনীতিবিদ।

মৃত্যু

  • ১৯৮৫সঞ্জীৱ কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
  • ১৯৯৩মুনীন বৰকটকী, অসমীয়া লেখক, সমালোচক।
  • ২০১৩শ্বেৰ চৌধুৰী, অসমৰ সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ