ইতিহাসৰ আজিৰ দিনত
২৭ অক্টোবৰ
ঘটনাৱলী
- ১৯৬২ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়।
- ১৯৯৯এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা, দেশখনৰ প্ৰধানমন্ত্ৰী, সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়।
জন্ম
- ১৭২৮জেমছ কুক, ইংৰাজ অভিযাত্ৰী। (দিনপঞ্জীৰ পুৰণা পদ্ধতি মতে ২৭ অক্টোবৰ আৰু নতুন পদ্ধতি মতে ৭ নৱেম্বৰ)
- ১৮১১আইজাক মেৰিট ছিংগাৰ, ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা।
- ১৯০১আব্বাছউদ্দিন আহমেদ, লোকগীতৰ যশস্বী শিল্পী।
- ১৯২০কে আৰ নাৰায়ণন, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
- ১৯৩২ছিলভিয়া প্লাথ, আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক।
- ১৯৭৮কল্পনা পাটোৱাৰী, ভাৰতীয় লোকগীতৰ শিল্পী।
মৃত্যু
- ১৬০৫আকবৰ, মোগল সম্ৰাট।
- ১৯৯০ভি শান্তাৰাম, ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক।
- ১৯৯১নিত্যা দত্ত, অসমীয়া কবি, আততায়ীৰ গুলীত নিহত হয়।
- ১৯৯৮লালন প্ৰসাদ সিঙ, অসমৰ প্ৰাক্তন ৰাজ্যপাল।
- ২০০১প্ৰদীপ কুমাৰ, হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা।
- ২০২২নিপন গোস্বামী, অসমৰ চলচ্চিত্ৰ আৰু নাটকৰ অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ