অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৱাং হাওজে

ৱাং হাওজে (চীনা: 王浩泽; জন্ম: মাৰ্চ ১৯৯০) এগৰাকী চীনা বিমান-মহাকাশ অভিযন্তা আৰু মহাকাশচাৰী। তেওঁ শ্বেনঝৌ ১৯ মিছনৰ অন্যতম ক্ৰু সদস্য হিচাপে মহাকাশলৈ যোৱা চীনৰ তৃতীয়গৰাকী মহিলা মহাকাশচাৰী আৰু প্ৰথমগৰাকী মহিলা মহাকাশ উৰণ অভিযন্তা।

হালনাগাদ: ২৩ ফেব্ৰুৱাৰী ২০২৬ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৱাং হাওজে (চীনা ভাষা: 王浩泽; জন্ম: মাৰ্চ ১৯৯০) এগৰাকী চীনা বিমান-মহাকাশ অভিযন্তা আৰু মহাকাশচাৰী।১ তেওঁ শ্বেনঝৌ ১৯ মিছনৰ অন্যতম ক্ৰু সদস্য হিচাপে মহাকাশলৈ যোৱা চীনৰ তৃতীয়গৰাকী মহিলা মহাকাশচাৰী আৰু প্ৰথমগৰাকী মহিলা মহাকাশ উৰণ অভিযন্তা।১

তেওঁ চীন মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি গোটৰ অন্তৰ্গত এৰোস্পেচ প্ৰপালচন প্ৰযুক্তি ইনষ্টিটিউটৰ ১১ নম্বৰ প্ৰতিষ্ঠানত জ্যেষ্ঠ অভিযন্তা হিচাপে কাম কৰিছিল।২ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ চীনৰ মহাকাশচাৰী নিৰ্বাচনৰ তৃতীয় দলৰ অংশ হিচাপে নিৰ্বাচিত হৈছিল।২ বৰ্তমান তেওঁ গণমুক্তি সেনাৰ মহাকাশচাৰী দলে বিমান উৰণ অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু লেফটেনেণ্ট কৰ্ণেল পদবী ধাৰণ কৰিছে।৩

জীৱনী

১৯৯০ চনত চীনৰ হেবেই প্ৰদেশৰ চেংডেৰ লুয়ানপিংত ৱাং হাওজেৰ জন্ম হৈছিল।৪ তেওঁৰ পিতৃ এজন যান-বাহন আৰক্ষী বিষয়া আৰু মাতৃ এজন মধ্যবিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল।৪

দক্ষিণ-পূব বিশ্ববিদ্যালয়ত তাপ আৰু শক্তি অভিযান্ত্ৰিক বিষয়ত অধ্যয়ন কৰাৰ সময়ত তেওঁ ২০০৯ চনৰ ডিচেম্বৰ মাহত চীনা কমিউনিষ্ট পাৰ্টিত যোগদান কৰে।৪ তেওঁ বিশ্ববিদ্যালয়ৰ এথলেটিক্স দলতো অংশগ্ৰহণ কৰিছিল আৰু নিয়মিতভাৱে জিয়াংছু প্ৰাদেশিক প্ৰতিযোগিতাত অংশ লৈছিল।৫

পিছত তেওঁ অভিযান্ত্ৰিক তাপ পদাৰ্থবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে নিৰ্বাচিত হৈছিল আৰু প্লাজমা বিস্ফোৰণ বিষয়ত বিশেষজ্ঞতা অৰ্জন কৰিছিল।৬ স্নাতকোত্তৰ অধ্যয়ন সম্পূৰ্ণ কৰাৰ আগতে তেওঁ চীন মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি গোটত যোগদান কৰি ৰকেট ইঞ্জিনৰ প্ৰাৰম্ভিক গৱেষণাত অংশগ্ৰহণ কৰিছিল।৬

২০২০ চনত তেওঁ চীনৰ মহাকাশচাৰী নিৰ্বাচনৰ তৃতীয় দলত অংশগ্ৰহণ কৰে আৰু ছেপ্টেম্বৰ মাহত আনুষ্ঠানিকভাৱে মহাকাশচাৰী হিচাপে নিৰ্বাচিত হয়।২

২০২৩ চনত তেওঁ শ্বেনঝৌ ১৯ মিছনৰ ক্ৰু সদস্য হিচাপে নিৰ্বাচিত হয়।৭ ইয়াৰ ফলত তেওঁ চীনৰ প্ৰথমগৰাকী মহিলা মহাকাশ উৰণ অভিযন্তা আৰু তৃতীয়গৰাকী মহিলা মহাকাশচাৰী হয়।৭

তথ্যসূত্ৰ

  1. ↑ (2024-10-29). 神舟十九号航天员王浩泽为我国首位女性航天飞行工程师. China News Service
  2. ↑ (2024-10-29). 神舟十九号载人飞行任务航天员简历公布. Xinhua News Agency
  3. ↑ (2024-10-29). 10月29日上午,神舟十九号航天员乘组在酒泉卫星发射中心问天阁与中外媒体记者集体见面. Xinhua News Agency
  4. ↑ (2024-10-29). 90后女航天员还是个学霸,拿国奖、省三好、保研成功. China Youth Daily
  5. ↑ (2014-11-06). 王浩泽:成为航天员我是幸运的 为国出征我更是幸福的. China Radio International
  6. ↑ 我国首位女性飞行工程师!王浩泽对太空之旅充满信心与期待. Jiefang Daily
  7. ↑ (2024-10-29). 神十九乘组王浩泽,本硕毕业于东南大学,系我国目前唯一的女航天飞行工程师. Xinhua News Agency

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাং হাওজে” প্ৰবন্ধৰ সংশোধন ৫৮১১৯৮ (২৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।