অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱং মে

ৱং মে (ইংৰাজী: Wong May; জন্ম: ১৯৪৪) এগৰাকী কবি যাৰ জন্ম চীনত হৈছিল, ছিংগাপুৰত ডাঙৰ-দীঘল হৈছিল আৰু বৰ্তমান আয়াৰলেণ্ডত বসবাস কৰে। তেওঁ ২০২২ চনত কবিতাৰ বাবে উইণ্ডহাম–কেম্পবেল সাহিত্য বঁটা লাভ কৰিছিল।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৱং মে (ইংৰাজী ভাষা: Wong May; জন্ম: ১৯৪৪) এগৰাকী কবি যাৰ জন্ম চীনত হৈছিল, ছিংগাপুৰত ডাঙৰ-দীঘল হৈছিল আৰু বৰ্তমান আয়াৰলেণ্ডত বসবাস কৰে। তেওঁ ২০২২ চনত কবিতাৰ বাবে উইণ্ডহাম–কেম্পবেল সাহিত্য বঁটা লাভ কৰিছিল।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ৱঙৰ জন্ম ১৯৪৪ চনত চীনৰ চংকিংত হৈছিল আৰু ১৯৫০ চনত মাতৃৰ সৈতে ছিংগাপুৰলৈ গুচি আহিছিল। তেওঁৰ মাতৃ ৱাং মেই-চুয়াং এগৰাকী শাস্ত্ৰীয় চীনা কবি আছিল যিয়ে ইতিহাস আৰু চীনা সাহিত্যৰ অধ্যাপনা কৰিছিল।

ৱং মে'ই ১৯৬৫ চনত ছিংগাপুৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ পূৰ্বে ছিংগাপুৰৰ নাগৰিক আছিল, কিন্তু ছিংগাপুৰে দ্বৈত নাগৰিকত্ব বন্ধ কৰাৰ পিছত তেওঁ নিজৰ নাগৰিকত্ব ত্যাগ কৰিবলগীয়া হৈছিল। তেওঁ ছিংগাপুৰৰ নাগৰিকত্ব ত্যাগ কৰা কাৰ্যটোক "এক বিচ্ছেদ যিয়ে আজিও মোক যন্ত্ৰণা দিয়ে" বুলি বৰ্ণনা কৰিছে।২

১৯৬৬ চনত তেওঁ আইৱা ৰাইটাৰ্ছ ৱৰ্কশ্বপত অংশ লয় আৰু ১৯৬৮ চনত আইৱা বিশ্ববিদ্যালয়ৰ পৰা সুকুমাৰ কলাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

ৱঙৰ কবিতাৰ প্ৰথমখন গ্ৰন্থ এ বেড গাৰ্লছ বুক অৱ এনিমেলছ ১৯৬৯ চনত প্ৰকাশ পাইছিল। ১৯৭২ চনত তেওঁৰ পৰৱৰ্তী গ্ৰন্থ ৰিপৰ্টছ প্ৰকাশ পায়। বাৰ্লিনত থাকোঁতে লিখা তেওঁৰ ৱানছী পয়েমছসমূহ নিকোলাছ বৰ্ণৰ দ্বাৰা জাৰ্মান ভাষালৈ অনুবাদ কৰা হৈছিল। ১৯৭৮ চনত তেওঁ ছুপাৰষ্টিচনছ নামৰ এটি কবিতা সংগ্ৰহ প্ৰকাশ কৰে। ২০১৪ চনত তেওঁৰ চতুৰ্থখন কাব্যগ্ৰন্থ পিকাছোছ টিয়াৰ্ছ প্ৰকাশ পায়, য'ত ১৯৭৮ চনৰ পৰা ২০১৩ চনলৈকে লিখা তেওঁৰ কৰ্মসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল।

২০২২ চনত তেওঁৰ অনুবাদমূলক কৰ্ম ইন দ্য ছেম লাইট: ২০০ টাং পয়েমছ ফৰ আৱাৰ চেঞ্চুৰী প্ৰকাশ পায়। এইখন চীনৰ টাং ৰাজবংশৰ কবিতাৰ এক সংগ্ৰহ, যিটো তেওঁ চীন ভাষাৰ পৰা অনুবাদ কৰিছে। এই গ্ৰন্থখনৰ বাবেই তেওঁ ২০২২ চনৰ উইণ্ডহাম–কেম্পবেল সাহিত্য বঁটা লাভ কৰিছিল।৩

ব্যক্তিগত জীৱন

ৱং বৰ্তমান ডাবলিনত বাস কৰে, য'ত তেওঁ কবিতা লিখে আৰু চিত্ৰ অংকন কৰে। তেওঁ নিজক এজন কবি বুলি পৰিচয় দিয়াতকৈ এজন "সাংস্কৃতিক কৰ্মী" হিচাপে বৰ্ণনা কৰিবলৈ অধিক পছন্দ কৰে। ১৯৭৩ চনত তেওঁ ডাবলিনৰ ট্ৰিনিটি কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক মাইকেল ক'ৱেক বিয়া কৰায় আৰু তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে। ২০২৫ চনৰ ৬ অক্টোবৰত মাইকেলৰ মৃত্যু হয়।৪

নিৰ্বাচিত প্ৰকাশন

কবিতা

  • এ বেড গাৰ্লছ বুক অৱ এনিমেলছ (A Bad Girl's Book of Animals; ১৯৬৯)
  • ৰিপৰ্টছ (Reports; ১৯৭২)
  • ৱানছী পয়েমছ (Wannsee-Gedichte; ১৯৭৫)
  • ছুপাৰষ্টিচনছ (Superstitions; ১৯৭৮)
  • পিকাছোছ টিয়াৰ্ছ (Picasso's Tears; ২০১৪)

অনুবাদ

  • ইন দ্য ছেম লাইট: ২০০ টাং পয়েমছ ফৰ আৱাৰ চেঞ্চুৰী (In the Same Light: 200 Tang Poems for Our Century; ২০২২)

তথ্যসূত্ৰ

  1. ↑ Wong May. Windham Campbell Prizes
  2. ↑ Toh, Wen LiArts. (9 April 2022). Obscure Singapore-raised poet Wong May, 78, wins 'overdue' acclaim. The Straits Times
  3. ↑ Wong May. Windham Campbell Prizes
  4. ↑ (2025-10-08). Professor Mike Coey. ambercentre.ie. Research Ireland Centre for Advanced Materials and BioEngineering Research

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱং মে” প্ৰবন্ধৰ সংশোধন ৫৯০৯৮৬ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।