ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা (Ronaldo Luís Nazário de Lima; জন্ম ১৮ ছেপ্টেম্বৰ ১৯৭৬১) বা চমুকৈ ৰ'নাল্ড হৈছে এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। "The phenomenon" বুলিও জনাজাত ৰ'নাল্ড'ক সমালোচক আৰু অনুৰাগীয়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ বুলি গণ্য কৰা হয়।২৩ ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান তিনিবাৰকৈ লাভ কৰা মাত্ৰ তিনিজন খেলুৱৈৰ ভিতৰত তেৱোঁ এজন (আন দুজন জিনেদাইন জিদান আৰু লিয়'নেল মেছি)। তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ বঁটা ১৯৯৭ চনত লাভ কৰাৰ পিছত পুনৰ ২০০২ চনত ইয়াৰ অধিকাৰী হয়।
তেওঁ বহু লোকে যোৱা ত্ৰিশ বছৰৰ সকলোতকৈ সম্পূৰ্ণ ষ্ট্ৰাইকাৰ বুলি গণ্য কৰে। ২০০৭ চনত ফ্ৰান্স ফুটবলে প্ৰকাশ কৰা সৰ্বকালৰ একাদশত তালিকাত তেওঁ স্থান লাভ কৰিছিল। পেলেই সংকলন কৰা মহানতম খেলুৱৈৰ তালিকা ফিফা ১০০-তো ৰ'নাল্ড'ৱে স্থান পাইছিল। ২০১০ চনত Goal.com ৱেবছাইটে কৰা এটা অনলাইন সমীক্ষাত ৪৩.৬৩% ভোটেৰে তেওঁ "দশকটোৰ শ্ৰেষ্ঠ খেলুৱৈ"ৰ সন্মান লাভ কৰে৪ আৰু "দশকটোৰ দল"তো চেণ্টাৰ ফৰৱাৰ্ডৰূপে স্থান লাভ কৰে।৫ ২০১০ চনৰ ফেব্ৰুৱাৰীত ৰ'নাল্ড'ই ২০১১ চনৰ চিজনৰ পিছত অৱসৰ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে আৰু একে সময়তে তেওঁ কৰিন্থিয়েন্সৰ লগত দুবছৰীয়া চুক্তি এখনো স্বাক্ষৰ কৰে।৬
ব্ৰাজিলৰ হৈ ৯৮খন খেলত ৬২টা গ'লেৰে ৰ'নাল্ড' ৰাষ্ট্ৰীয় দলৰ দ্বিতীয় সৰ্বোচ্চ গ'লস্ক'ৰাৰ। ১৯৯৪ চনত বিশ্বকাপ দখল কৰা ব্ৰাজিল দলত ১৭ বছৰীয়া ৰ'নাল্ড'ও আছিল। ১৯৯৮ চনৰ বিশ্বকাপত তেওঁ ব্ৰাজিলক ফাইনলেত উপনীত হোৱাত সহায় কৰে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সোণালী বল লাভ কৰে। ২০০২ চনত তেওঁ দ্বিতীয়টো বিশ্বকাপ দখল কৰে আৰু সৰ্বোচ্চ গ'লস্ক'ৰাৰ হিচাপে সোণালী বুট বঁটা লাভ কৰে। ২০০৬ চনত বিশ্বকাপত ৰ'নাল্ড'ই তেওঁৰ ১৫ নং গ'লটোৰে গাৰ্ড মুলাৰৰ ১৪টা গ'লক অতিক্ৰমি বিশ্বকাপ ইতিহাসৰ সৰ্বোচ্চ গ'লস্ক'ৰাৰ হৈ পৰে।
খেলুৱৈ জীৱনত কেইবাবাৰো গুৰুতৰ আঘাত পোৱা ৰ'নাল্ড'ই ২০১১ চনৰ ১৪ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। বিষ আৰু হাইপ'থাইৰ'ডিজমকে তেওঁ অৱসৰ গ্ৰহণৰ কাৰণ হিচাপে আঙুলিয়াই দিয়ে।৭ ২০১৩ জনৰ জানুৱাৰীত তেওঁক ২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ বাবে বাছনি কৰা ছজন ৰাজ-দূতৰ মাজত অন্তৰ্ভুক্ত কৰা হয় (আনকেইজন আমাৰিল্ড', বেবেট', কাৰ্ল'ছ এলবাৰ্ট' ট'ৰেছ, মাৰ্টা আৰু মাৰিঅ' জাগাল')।৮
বাহ্যিক সংযোগ
- Ronaldo at Real Madrid
- ESPN Profile
তথ্যসূত্ৰ
- ↑ According to "Ronaldo: the journey of a genius" by James Mosley, Ronaldo was born on 18 September, but was registered on 22 September
- ↑ www.castrolfootball.com/legends/
- ↑ Top 100 Greatest Ever Footballers
- ↑ Goal.com team. (1 January 2010). Ronaldo Is Goal.com's Player of the Decade. Goal.com. Goal.com
- ↑ Goal.com team. (28 December 2009). ESPN-soccernews. Goal.com
- ↑ Ronaldo sets retirement date
- ↑ (14 February 2011). Emocionado, Ronaldo atribui adeus às dores e ao hipotireoidismo. Globo.com
- ↑ Brazil 2014 Ambassadors Named
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ'নাল্ড'” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৭২ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।