অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰ'জিতা বাল্টাজাৰ

ৰ'জিতা বাল্টাজাৰ (১৬ আগষ্ট ১৯৬০ – ৬ জুলাই ২০১৫) এগৰাকী বেলিজিয়ান ক'ৰিওগ্ৰাফাৰ, নৃত্যশিল্পী, নৃত্য নিৰ্দেশক আৰু বেলিজ নেচনেল ডান্স কোম্পানীৰ প্ৰতিষ্ঠাপক সহকাৰী সঞ্চালক আছিল। ২০০৪ চনত এজন নৃত্য দূত হিচাপে তেওঁক লৰ্ড ৰাবাৰ্ণ মিউজিক এৱাৰ্ড প্ৰদান কৰা হয়।

হালনাগাদ: ৭ মাৰ্চ ২০২৬ ৫৭৯ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰ'জিতা বাল্টাজাৰ (১৬ আগষ্ট ১৯৬০ – ৬ জুলাই ২০১৫) এগৰাকী বেলিজিয়ান ক'ৰিওগ্ৰাফাৰ, নৃত্যশিল্পী, নৃত্য নিৰ্দেশক আৰু বেলিজ নেচনেল ডান্স কোম্পানীৰ প্ৰতিষ্ঠাপক সহকাৰী সঞ্চালক আছিল। ২০০৪ চনত এজন নৃত্য দূত হিচাপে তেওঁক লৰ্ড ৰাবাৰ্ণ মিউজিক এৱাৰ্ড প্ৰদান কৰা হয়। ২০০৯ চনত গাৰিফুনা সংস্কৃতি সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে তেওঁ বেলিজৰ নেচনেল গাৰিফুনা কাউন্সিলৰ পৰা চেটয়াৰ ৰিকগনিচন এৱাৰ্ড লাভ কৰিছিল।

জীৱনী

বাল্টাজাৰৰ জন্ম ১৯৬০ চনৰ ১৬ আগষ্টত১ গুৱাটেমালাৰ লিভিংষ্টনত হৈছিল।২ তেওঁৰ পিতৃ-মাতৃ আছিল এনিছ আৰু মেৰেজিল্ডা বাল্টাজাৰ।৩ তেওঁ বেলিজৰ পুণ্টা গৰ্ডাত ডাঙৰ-দীঘল হৈছিল৪ আৰু তাৰ চেইণ্ট পিটাৰ ক্লেভাৰ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ চেইণ্ট পিটাৰ ক্লেভাৰ কলেজত (বৰ্তমানৰ টলেডো কমিউনিটি কলেজ) শিক্ষা গ্ৰহণ কৰে। কিশোৰী অৱস্থাত তেওঁ বেলিজ চিটিলৈ গুচি যায়।৫ সৰুৰে পৰাই তেওঁ এগৰাকী নৃত্যশিল্পী হোৱাৰ সংকল্প লৈছিল৬৭ আৰু ১৯৮০ চনৰ আৰম্ভণিতে 'লিঅ' মাৰ ডান্স গ্ৰুপ'ৰ জৰিয়তে পেচাদাৰী কৰ্মজীৱন আৰম্ভ কৰিছিল।৮ আমেৰিকাৰ এজন নৃত্য নিৰ্দেশকে তেওঁৰ প্ৰতিভা দেখি ফ্ল’ৰিডাৰ ছাৰাচোটা বেলে আৰ্টছ স্কুলত প্ৰশিক্ষণৰ বাবে জলপানি প্ৰদান কৰে।৯ এই ৬ মহীয়া কৰ্মশালাত১০ চাৰিজন বেলিজিয়ান নৃত্যশিল্পীয়ে অংশ লৈছিল আৰু তেওঁলোকে বেলিজলৈ ঘূৰি আহি একেলগে অনুশীলন অব্যাহত ৰাখিছিল। এই দলটোৱেই আছিল সেই মূল গোট১১ যিয়ে ১৯৯০ চনত বেলিজ নেচনেল ডান্স কোম্পানী সহ-প্ৰতিষ্ঠা কৰিছিল। বাল্টাজাৰে ইয়াৰ সহকাৰী কলা নিৰ্দেশক হিচাপে কাম কৰিছিল।১২১৩ এই প্ৰতিষ্ঠানটোৰ সৈতে জড়িত হৈ তেওঁ শ শ অনুষ্ঠানত অংশ লোৱাৰ উপৰিও নৃত্যৰ ক’ৰিওগ্ৰাফী কৰা, নতুন ধাৰণা সৃষ্টি কৰা আৰু প্ৰদৰ্শনসমূহৰ পৰিকল্পনা আৰু পৰিচালনা কৰিছিল।১৪

বাল্টাজাৰে পিছলৈ জামাইকাৰ নেচনেল ডান্স থিয়েটাৰ কোম্পানীত অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ বেলে ফ’লক্ল’ৰিকো ডি মেক্সিকোতো প্ৰশিক্ষণ লয়।১৫ আৰম্ভণিতে তেওঁৰ শৈলী আফ্ৰো-কেৰিবিয়ান নৃত্য যেনে হুংগু-হুংগু, গুঞ্জেই, পাৰাণ্ডা আৰু পুণ্টাৰ ওপৰত আছিল। কিন্তু তেওঁৰ প্ৰশিক্ষণে তেওঁক ধ্ৰুপদী, লোক আৰু আধুনিক নৃত্য শৈলীৰ এক শক্তিশালী ভেটি প্ৰদান কৰিছিল, যিবোৰ তেওঁ পিছলৈ ক’ৰিওগ্ৰাফী আৰু অধ্যাপনাত ব্যৱহাৰ কৰিছিল।১৬

বাল্টাজাৰে নেচনেল ডান্স কোম্পানীৰ শাখা হিচাপে পৰিচালিত কেইবাটাও কনিষ্ঠ নৃত্য দলৰ সঞ্চালক আৰু বিকাশক হিচাপে কাম কৰিছিল।১৭ ১৯৯৮ চনত তেওঁ ছান পেড্ৰ’ ডান্স কোম্পানী১৮ আৰু তাৰ দুবছৰ পিছত কাই কলকাৰ ডান্স কোম্পানী প্ৰতিষ্ঠা কৰে। দ্বীপৰ শিশুসকলক নৃত্য শিকাবলৈ বাল্টাজাৰ আৰু কিউবান নৃত্যশিল্পী মেৰিয়েলা ৰড্ৰিগেজে কাই কলকাৰ স্কুলখন স্থাপন কৰিছিল।১৯ নেচনেল ডান্স কোম্পানীৰ কামৰ উপৰিও বাল্টাজাৰে এজন ভ্ৰাম্যমাণ শিক্ষক হিচাপে বেলিজ চিটিৰ গ্ৰেচ প্ৰাথমিক বিদ্যালয়, হোলী ৰিডীমাৰ প্ৰাথমিক বিদ্যালয়, চেইণ্ট ইগনেটিয়াছ স্কুল আদিৰ লগতে চেন্দহিলৰ পেন কট্টো স্কুলত নৃত্যৰ শিক্ষা দিছিল।২০ ২০০৪ চনত বাল্টাজাৰক এলথিয়া চিলীৰ সৈতে যুটীয়াভাৱে নৃত্যৰ দূত হিচাপে লৰ্ড ৰাবাৰ্ণ মিউজিক এৱাৰ্ড প্ৰদান কৰা হয়।২১

১৯৯৭ চনত তেওঁ কষ্টা মায়া ফেষ্টিভেলৰ প্ৰতিযোগিতাৰ বাবে নৃত্য পৰিচালনা কৰিছিল,২২ যাৰ ফলত তেওঁ এই অনুষ্ঠানটোৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ পৰে।২৩২৪ ২০০১ চনত চেইণ্ট ভিচেণ্টত অনুষ্ঠিত গাৰিফুনা হেৰিটেজ ছামাৰ কেম্পত এগৰাকী সহায়ক হিচাপে তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল।২৫ চেইণ্ট ভিচেণ্টত গাৰিফুনা হেৰিটেজ ফাউণ্ডেশ্যনৰ অন্যতম প্ৰতিষ্ঠাপক হৈ তেওঁ দ্বীপটোৰ গাৰিনাগু বংশধৰসকলক ভাষা আৰু নৃত্য দুয়োটাৰে শিক্ষা দিছিল।২৬ তেওঁ বহু বছৰ ধৰি তাত আধুনিক আৰু গাৰিফুনা লোক-নৃত্য শিকাইছিল আৰু ২০০৯ চনত গাৰিফুনা সংস্কৃতি সুৰক্ষিত কৰাৰ প্ৰচেষ্টাৰ বাবে তেওঁক চেটয়াৰ ৰিকগনিচন এৱাৰ্ড প্ৰদান কৰা হৈছিল।২৭

কৰ্মজীৱনত বাল্টাজাৰে বিদেশলৈ ব্যাপকভাৱে ভ্ৰমণ কৰিছিল। ইয়াৰ ভিতৰত ২০০২ চনত এণ্ডি পেলেচিঅ’ৰ সৈতে মালয়েছিয়া ভ্ৰমণ২৮ আৰু সমগ্ৰ কেৰিবিয়ান অঞ্চলৰ লগতে কষ্টা ৰিকা, কিউবা,২৯ ফ্ৰান্স,৩০ মেক্সিকো,৩১ স্পেইন৩২ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠান পৰিৱেশন কৰিছিল।৩৩ ২০১২ চনৰ ছেপ্টেম্বৰ মাহত স্পেইন ভ্ৰমণৰ সময়ত বাল্টাজাৰৰ দেহত স্তন কেন্সাৰ ধৰা পৰে আৰু তেওঁ ইংলেণ্ডত চিকিৎসা গ্ৰহণ কৰে।৩৪ তেওঁৰ চিকিৎসাৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ ডান্স কোম্পানীৰ সদস্যসকলে অনুষ্ঠান পৰিৱেশন কৰিছিল। চিকিৎসাৰ পিছত তেওঁৰ ৰোগ কিছু উপশম হৈছিল যদিও তেওঁ কাম বন্ধ নকৰিলে। বাল্টাজাৰে নৃত্য আৰু অধ্যাপনা অব্যাহত ৰাখিছিল। তেওঁৰ অন্তিম একক নৃত্য প্ৰদৰ্শন আছিল ২০১৫ চনৰ ৬ এপ্ৰিলত "আৱাৰ ফাদাৰ" (Our Father) শীৰ্ষক অনুষ্ঠানত।৩৫ মৃত্যুৰ কেইমাহমান পূৰ্বে তেওঁ লেডিভিলত এটা ডান্স ষ্টুডিঅ’ খুলিছিল।৩৬

২০১৫ চনৰ ৬ জুলাইত লেডিভিলৰ লছ লাগোছ চুবুৰীত থকা নিজ গৃহত বাল্টাজাৰৰ মৃত্যু হয়।৩৭ মৰণোত্তৰভাৱে তেওঁক ২০১৫ চনৰ ছেপ্টেম্বৰ উদযাপনৰ সময়ত 'বেলিজিয়ান মেৰিট’ৰিয়াছ চাৰ্ভিচ এৱাৰ্ড'ৰে সন্মানিত কৰা হয়।৩৮

তথ্যসূত্ৰ

  1. ↑ Ramos 2015
  2. ↑ San Pedro Sun 7/2015
  3. ↑ Ramos 2015
  4. ↑ Ali 2015
  5. ↑ Ali 2015
  6. ↑ Ramos 2015
  7. ↑ San Pedro Sun 7/2015
  8. ↑ Ali 2015
  9. ↑ Ali 2015
  10. ↑ Ramos 2005
  11. ↑ San Pedro Sun 12/1998
  12. ↑ Ali 2015
  13. ↑ Bain 2012
  14. ↑ Ali 2015
  15. ↑ San Pedro Sun 7/2015
  16. ↑ Ramos 2005
  17. ↑ San Pedro Sun 12/2000
  18. ↑ San Pedro Sun 12/1998
  19. ↑ Conch Telegraph 2000
  20. ↑ Ramos 2005
  21. ↑ Ramos 2004
  22. ↑ San Pedro Sun 12/1998
  23. ↑ San Pedro Sun 7/1998
  24. ↑ Woods 2000
  25. ↑ Garifuna Heritage Foundation 2011, পৃ. 4
  26. ↑ Ramos 2015
  27. ↑ Ambergris Today 2009
  28. ↑ News Channel 5 2002
  29. ↑ Heusner 2005
  30. ↑ 7 News Belize 2005
  31. ↑ Heusner 2005
  32. ↑ 7 News Belize 2005
  33. ↑ Heusner 2005
  34. ↑ Ali 2015
  35. ↑ Ali 2015
  36. ↑ Balderamos Garcia 2015
  37. ↑ Ali 2015
  38. ↑ San Pedro Sun 9/2015

সম্পৰ্কিত শ্ৰেণী

নৃত্যশিল্পীলোক নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ'জিতা বাল্টাজাৰ” প্ৰবন্ধৰ সংশোধন ৫৮৫৫৮২ (৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।