অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ৰোহিনী চৌধুৰী

ৰোহিনী চৌধুৰী (জন্ম ১৯৬৩) এগৰাকী ভাৰতীয় শিশু সাহিত্যিক আৰু সাহিত্য অনুবাদক। শিশুৰ বাবে তেওঁৰ প্ৰকাশিত লেখা হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে ৰচনা কৰা হৈছে, আৰু ইয়াত অনুবাদ, উপন্যাস, চুটিগল্প, আৰু অ-কল্পকাহিনী আদি অন্তৰ্ভুক্ত কৰা হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ৰোহিনী চৌধুৰী (জন্ম ১৯৬৩) এগৰাকী ভাৰতীয় শিশু সাহিত্যিক আৰু সাহিত্য অনুবাদক। শিশুৰ বাবে তেওঁৰ প্ৰকাশিত লেখা হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে ৰচনা কৰা হৈছে, আৰু ইয়াত অনুবাদ, উপন্যাস, চুটিগল্প, আৰু অ-কল্পকাহিনী আদি অন্তৰ্ভুক্ত কৰা হৈছে। হিন্দু ইয়ং ৱৰ্ল্ড গুডবুকছ নন-ফিকচন বঁটা আৰু নিউ ৰাইটাৰ গদ্য আৰু কবিতা প্ৰতিযোগিতা, ২০০১, ব্ৰিটেইনকে ধৰি তেওঁৰ শিশু গ্ৰন্থ আৰু চুটিগল্পসমূহ বঁটাৰ বাবে চৰ্টলিষ্ট কৰা হৈছে।

এগৰাকী সাহিত্য অনুবাদক হিচাপে তেওঁ মূলতঃ হিন্দী (প্ৰাক-আধুনিক আৰু আধুনিক) আৰু ইংৰাজী ভাষাত কাম কৰে। ভাৰতীয় ভাষাৰ প্ৰথম আত্মজীৱনী বুলি গণ্য কৰা ১৭ শতিকাৰ ব্ৰজ ভাষাৰ গ্ৰন্থ অৰ্ধকথানক আধুনিক হিন্দী আৰু ইংৰাজীলৈ অনুবাদ কৰিছে। তেওঁৰ শেহতীয়া অনুবাদ হৈছে ২০১৯ চনৰ ডিচেম্বৰ মাহত পেংগুইন ইণ্ডিয়াই প্ৰকাশ কৰা তুলসীদাসৰ ৰামচৰিতমানস। প্ৰথম খণ্ডৰ এটা চমু উদ্ধৃতি ইয়াৰ পূৰ্বে প্ৰকাশকৰ অনুমতি সাপেক্ষে মডাৰ্ণ পয়েট্ৰি ইন ট্ৰেন্সলেচন, ছংছ অৱ দ্য শ্বেটাৰড থ্ৰ'ট, ২০১৭, নম্বৰ ১ নামৰ আলোচনীখনত প্ৰকাশ কৰা হৈছিল।১২

জীৱনী

১৯৬৩ চনত ভাৰতৰ কলিকতাত জন্মগ্ৰহণ কৰিছিল চৌধুৰীয়ে। লৰেটো হাউচৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি অৰ্থনীতি বিষয়ত বি এ (অনাৰ্ছ) ডিগ্ৰী লাভ কৰি কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰে। ইয়াৰ পিছত তেওঁ আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত ব্যৱসায়িক ডিগ্ৰী লাভ কৰাৰ সিদ্ধান্ত লয় আৰু তাৰ পৰাই ১৯৮৬ চনত পিজিডিএম ডিগ্ৰী লাভ কৰে। কেইবাবছৰ ধৰি বিজনেছ কনচালটিং আৰু ষ্ট্ৰেটেজিত কাম কৰাৰ পিছত তেওঁ এগৰাকী পূৰ্ণকালীন লেখিকা হৈ পৰে। ১৯৯৭ চনত তেওঁ লণ্ডনলৈ গুচি যায় আৰু বৰ্তমান তাত তেওঁ তেওঁৰ দুগৰাকী কন্যাৰ সৈতে বাস কৰে।৩৪৫৬

তথ্যসূত্ৰ

  1. ↑ Songs of the Shattered Throat, 2017, Number 1. Modern Poetry in Translation
  2. ↑ (2013-09-17). Rohini Chowdhury - ZEE Jaipur Literature Festival. jaipurliteraturefestival.org
  3. ↑ Rohini Chowdhury - About Me. rohinichowdhury.com
  4. ↑ Rohini Chowdhury. www.amazon.co.uk
  5. ↑ Chowdhury, Rohini. (2008). The three princes of Persia: children in world myth. Puffin. ISBN 978-0-14-333493-4
  6. ↑ Chowdhury, Rohini. (November 2014). The garden of the Djinn. ISBN 978-81-291-2930-7

সম্পৰ্কিত শ্ৰেণী

লেখিকাভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোহিনী চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬৩১৭৭৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।