ৰোশনী নাদাৰ মালহোত্ৰা (Roshni Nadar Malhotra, জন্ম: ১৯৮০/১৯৮১)১ এগৰাকী ভাৰতীয় ব্যৱসায়ী, এইচচিএল টেকনলজিছৰ অধ্যক্ষ আৰু ভাৰতত তালিকাভুক্ত আই টি কোম্পানীৰ নেতৃত্ব দিয়া প্ৰথম মহিলা।২৩ তেওঁ এইচচিএলৰ প্ৰতিষ্ঠাপক শিৱ নাদাৰৰ একমাত্ৰ সন্তান।৪ ২০১৯ চনত তেওঁ ফৰ্বছৰ বিশ্বৰ ১০০ গৰাকী আটাইতকৈ শক্তিশালী মহিলা তালিকাত ৫৪ তম স্থান লাভ কৰিছিল।৫ আইআইএফএল ৱেলথ হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট (২০১৯) অনুসৰি, তেওঁ ভাৰতৰ আটাইতকৈ ধনী মহিলা।৬ ২০২০ চনত তেওঁ ফৰ্বছৰ বিশ্বৰ ১০০ গৰাকী আটাইতকৈ শক্তিশালী মহিলাত ৫৫ তম স্থান লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
ৰোশনী নাদাৰে দিল্লীত ডাঙৰ-দীঘল হৈছিল। দিল্লীৰ বসন্ত ভেলী স্কুলত তেওঁ অধ্যয়ন কৰিছিল। তাৰপিছত তেওঁ ৰেডিঅ/টিভি/চলচ্চিত্ৰৰ ওপৰত গুৰুত্ব দি নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা যোগাযোগ ব্যৱস্থাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ কেললগ স্কুল অৱ মেনেজমেণ্টৰ পৰা এমবিএ অৰ্জন কৰিছিল।৭
কৰ্মজীৱন
আৰু শিৱ নাদাৰৰ সৈতে ৰোশনী নাদাৰ]]
এইচচিএলত যোগদান কৰাৰ আগতে তেওঁ প্ৰযোজক হিচাপে বিভিন্ন কোম্পানীত কাম কৰিছিল।৮ এইচচিএলত যোগদান কৰাৰ এবছৰৰ ভিতৰত তেওঁ এইচচিএল কৰ্পোৰেচনৰ কাৰ্যবাহী পৰিচালক আৰু মুখ্য কাৰ্যবাহী বিষয়া বা চিইঅ পদত অধিষ্ঠিত হয়।৯১০ তেওঁৰ দেউতাক শিৱ নাদাৰে নিজৰ অ এৰি দিয়াৰ পিছত তেওঁ পৰৱৰ্তী সময়ত এইচচিএল টেকনলজিছৰ অধ্যক্ষ হৈছিল।১১
ৰোশনী আমেৰিকা যুক্তৰাষ্ট্ৰৰ এমআইটি স্কুল অৱ ইঞ্জিনিয়াৰিংৰ ডিন উপদেষ্টা পৰিষদৰ সদস্য। তেওঁ ভাৰতৰ সৰ্ববৃহৎ আৰু আটাইতকৈ লাভজনক মিউচুৱেল ফাণ্ড মেনেজাৰ সকলৰ ভিতৰত এজন এইচডিএফচি এচেট মেনেজমেণ্ট কোম্পানীৰ বোৰ্ডত এজন স্বতন্ত্ৰ পৰিচালক হিচাপেও কাম কৰে।
মানৱীয় উদ্যোগসমূহ
এইচচিএল কৰ্পোৰেচনৰ চিইঅ' হোৱাৰ আগতে ৰোশনী নাদাৰ শিৱ নাদাৰ ফাউণ্ডেচনৰ এগৰাকী ন্যাসৰক্ষী আছিল। এই ফাউণ্ডেচনে চেন্নাইৰ শ্ৰী শিৱসুব্ৰহ্মণ্যম নাদাৰ কলেজ অৱ ইঞ্জিনিয়াৰিং পৰিচালনা কৰে।১২ তেওঁ এইচচিএল গোটত ব্ৰেণ্ড বিল্ডিংত জড়িত আছিল। নাদাৰ অৰ্থনৈতিকভাৱে পিছপৰা সকলৰ বাবে নেতৃত্ব শিক্ষানুষ্ঠান বিদ্যাবিজ্ঞান একাডেমীৰ অধ্যক্ষ।১৩১৪ তেওঁ 'দা হেবিটেট' ন্যাস স্থাপন কৰিছে যাৰ লক্ষ্য হৈছে বহনক্ষম পৰিৱেশতন্ত্ৰ সৃষ্টি আৰু সংৰক্ষণৰ বাবে ভাৰতৰ প্ৰাকৃতিক বাসস্থান আৰু থলুৱা প্ৰজাতিৰ সুৰক্ষা কৰা।৩
ব্যক্তিগত জীৱন
তেওঁ এগৰাকী প্ৰশিক্ষিত ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ।১৫ ২০১০ চনত তেওঁ এইচচিএল হেল্থকেয়াৰৰ উপাধ্যক্ষ শিখৰ মালহোত্ৰাক বিয়া কৰায়। তেওঁলোকৰ দুজন পুত্ৰ আছে, আৰমান (জন্ম ২০১৩) আৰু জাহান (জন্ম ২০১৭)।১৬
পুৰস্কাৰ আৰু স্বীকৃতি
ব্যৱসায় আৰু জনহিতৈষীতাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান আৰু কৰিছে। ২০১৭, ২০১৮ আৰু ২০১৯ চনত ফৰ্বছৰ দ্বাৰা সংকলিত আৰু মুকলি কৰা 'বিশ্বৰ ১০০ সৰ্বাধিক শক্তিশালী মহিলা' তালিকাত একেৰাহে প্ৰদৰ্শিত কৰা হৈছে। ২০২০ চনত ফৰ্বছে তেওঁক 'এছিয়াৰ ২৫ গৰাকী আটাইতকৈ শক্তিশালী ব্যৱসায়ী মহিলাৰ মাজত প্ৰদৰ্শন কৰিছিল। ৰোশনীক ২০১৭ চনত বাবচন কলেজৰ দ্বাৰা লুইছ ইনষ্টিটিউট কমিউণ্ট চেঞ্জমেকাৰ বঁটা প্ৰদান কৰা হৈছিল আৰু আন্তৰ্জাতিক ভাৱে প্ৰখ্যাত থিংক টেংক হোৰাচিছৰ পৰাও স্বীকৃতি লাভ কৰিছিল। তেওঁ লাভ কৰা উল্লেখযোগ্য বঁটা সমূহ হল:
- ২০১৪: এনডিটিভি যুৱ বৰ্ষশ্ৰেষ্ঠ জনহিতৈষী১৭
- ২০১৭: ভগ ইণ্ডিয়া বৰ্ষশ্ৰেষ্ঠ জনহিতৈষী১৮
- ২০১৫: উদ্ভাৱন আৰু উদ্যমীতা বিশ্ব সন্মিলনৰ দ্বাৰা জনপ্ৰিয় উদ্ভাৱনৰ বাবে "বিশ্বৰ আটাইতকৈ অভিনৱ ব্যক্তি বঁটা"১৯
তথ্যসূত্ৰ
- ↑ Forbes profile: Roshni Nadar Malhotra. Forbes
- ↑ (17 July 2020). HCL Tech's Roshni Nadar Is First Woman To Lead A Listed IT Company In India. Bloomberg Quint
- ↑ Roshni Nadar Malhotra, India's Wealthiest Woman, New Chief Of HCL Tech. NDTV.com
- ↑ HCL gen-next Roshni Nadar appointed vice-chairman of HCL Tech - Times of India. The Times of India
- ↑ World's Most Powerful Women. Forbes
- ↑ Nair Anand, Shilpa. (25 September 2019). Mukesh Ambani is richest Indian; Roshni Nadar tops list for women: Report. [Business Standard
- ↑ (2009-07-02). Roshni Nadar made CEO of HCL Corp. The Hindu
- ↑ Singh, S. Ronendra. The rise of an heiress: Roshni Nadar. @businessline
- ↑ 5 young guns who will take over top indian companies. Rediff
- ↑ Theindianrepublic.com | Netticasinoiden tasavalta – Markkinoiden hallitsija
- ↑ Shiv Nadar Steps Down As HCL Tech Chairman, His Daughter Roshni Nadar Malhotra To Succeed Him. NDTV.com
- ↑ Roshni Nadar, Kiran Mazumdar among Forbes' 100 most powerful women of the world. www.businesstoday.in
- ↑ Admin, India Education Diary Bureau. (2017-07-22). VidyaGyan Hosts its 2nd Graduation Ceremony. India Education Diary
- ↑ Sil, Sreerupa. Successfully Juggling Roles, Roshni Nadar Malhotra Is A True Woman. BW Businessworld
- ↑ (2009-07-02). Roshni Nadar Takes Over As CEO Of HCL Corp. EFYtimes.com
- ↑ Sil, Sreerupa. Successfully Juggling Roles, Roshni Nadar Malhotra Is A True Woman. BW Businessworld
- ↑ Roshni Nadar honored with NDTV Young philanthropist of the Year Award. IANS. news.biharprabha.com
- ↑ Vogue celebrates 10th anniversary with 1st Vogue Women of the Year Awards. Everything Experiential
- ↑ (7 March 2019). BW Most Influential Woman Of India: Roshni Nadar Malhotra, CEO, HCL. Businessworld
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোশনী নাদাৰ” প্ৰবন্ধৰ সংশোধন ৬১৯২৩৮ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।