নৱপ্ৰস্তৰ যুগ বা নব্য প্ৰস্তৰ যুগ (Neolithic) হৈছে প্ৰস্তৰ যুগৰ শেষৰছোৱা কাল। এই কালছোৱা আজিৰ পৰা প্ৰায় ১২,০০০ বছৰ পূৰ্বেই আৰম্ভ হৈছিল। নৱপ্ৰস্তৰ যুগতেই মানুহে সমীপৱৰ্তী প্ৰাচ্যত কৃষিকাৰ্য কৰিবলৈ শিকিছিল আৰু এয়া পিছলৈ ক্ৰমান্বয়ে সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। প্ৰায় ৪,৫০০ খ্ৰীষ্টপূৰ্বত ধাতুৰ প্ৰচলন ঘটি ব্ৰঞ্জ যুগৰ আৰম্ভণি ঘটালৈকে এই কালছোৱা বিস্তৃত। উত্তৰ ইউৰোপত ১৭০০ খ্ৰীষ্টপূৰ্বলৈকে আৰু চীনত ১২০০ খ্ৰীষ্টপূৰ্বলৈকে বাহাল আছিল। আমেৰিকা আৰু ওচেনিয়াকে ধৰি বিশ্বৰ অন্যান্য প্ৰান্তত ইউৰোপীয়ানসকলৰ সংস্পৰ্শলৈ নহালৈকে অৰ্থাৎ আৱিষ্কাৰৰ যুগটোলৈকে নৱ প্ৰস্তৰ যুগৰ জীৱনশৈলী অব্যাহত থাকে। ১ নৱপ্ৰস্তৰ কালছোৱাত স্বভাৱজাত আৰু সাংস্কৃতিক বৈশিষ্ট্য তথা পৰিৱৰ্তন পৰিলক্ষিত হয়। ইয়াৰে ভিতৰত শস্য আৰু পশুৰ ঘৰচীয়াকৰণো অন্তৰ্ভুক্ত।
আৰম্ভণি

১০২০০ খ্ৰীষ্টপূৰ্বতেই লেভাণ্টত ন'টেফিয়ান সংস্কৃতিৰ পৰা উদ্ভূত হৈ নৱপ্ৰস্তৰ যুগৰ আৰম্ভণি ঘটিছিল। উক্ত কালছোৱাত বনৰীয়া খাদ্যশস্যৰ ব্যৱহাৰৰ পদ্ধতিয়ে বিকাশ লাভ কৰি পৃথিৱীৰ আদিমতম কৃষিকাৰ্যৰ ৰূপ লৈছিল। ন'টেফিয়ান কাল বা প্ৰাক-নৱপ্ৰস্তৰ কালছোৱা ১২২০০-ৰ পৰা ৯৫০০ খ্ৰীষ্টপূৰ্বলৈকে বিস্তৃত আছিল। অৱশ্যে ১০২০০ খ্ৰীষ্টপূৰ্বৰ পৰাই প্ৰাক-মৃৎশিল্পৰ নৱপ্ৰস্তৰ যুগে এই প্ৰাক নৱপ্ৰস্তৰ কালছোৱাক আংশিকভাৱে ঢাকি ধৰা দেখিবলৈ পোৱা যায়। বনৰীয়া খাদ্যশস্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা ন'ফেনিয়ান লোকসকলৰ গতিহীন জীৱনশৈলীৰ ওপৰত আনুমানিক ১০০০০ খ্ৰীষ্টপূৰ্বত পৰিৱৰ্তিত জলবায়ুৰ প্ৰভাৱ পৰে। ইয়াৰ ফলত তেওঁলোকে কৃষিপদ্ধতিৰ বিকাশ ঘটাবলৈ বাধ্য হৈ পৰে।
১০২০০-৮৮০০ খ্ৰী:পূ:লৈ লেভাণ্টত কৃষিজীৱি গোটসমূহৰ উত্তৰণ ঘটে আৰু তেওঁলোক ক্ৰমান্বয়ে এচিয়া, উত্তৰ আফ্ৰিকা আৰু দক্ষিণ মেচ'পটেমিয়া পৰ্যন্ত বিয়পি পৰে। ১০০০০ খ্ৰী:পূ:ৰ ভিতৰত মেচ'পটেমিয়াত আদিমতম নৱপ্ৰস্তৰ বিপ্লৱৰ সূচনা হয়।
প্ৰাক নৱপ্ৰস্তৰ কালৰ কৃষি বনৰীয়া আৰু ঘৰুৱা দুয়োধৰণৰ উদ্ভিদৰে সীমিত পৰিসৰতেই আৱদ্ধ আছিল। এইসমূহৰ ভিতৰত দুটা বিশেষ প্ৰজাতিৰ ঘেঁহু (এইনকৰ্ন আৰু স্পেল্ট) আৰু বাজৰা আছিল প্ৰধান। এই কালছোৱাতে কুকুৰ, ভেড়া আৰু ছাগলীৰ ঘৰচীয়াকৰণ কৰা হৈছিল। ৬৯০০-৬৪০০ খ্ৰীষ্টপূৰ্বলৈ গৰু-ম'হ আৰু গাহৰিকো পোহ মনোৱা হৈছিল। ইয়াৰ লগতে স্থায়ী বা ঋতুকালীন আবাসস্থল আৰু মৃৎশিল্প আছিল সেই সময়ৰ অন্যতম বৈশিষ্ট্য। পিছলৈ কুমাৰৰ চাকৰ আৱিষ্কাৰে মৃৎশিল্পৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন আনিছিল।
নৱপ্ৰস্তৰ যুগৰ এই আটাইবোৰ বৈশিষ্ট্য একেসময়তে বা একেই ক্ৰমত সকলো ঠাইত পৰিস্ফুট হোৱা নাছিল। প্ৰাচ্যৰ আদিমতম কৃষিজীৱি গোটসমূহে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰা নাছিল। আফ্ৰিকা, দক্ষিণ এচিয়া, দক্ষিণ-পূব এচিয়া আদি ঠাইত নিজস্ব ঘৰচীয়াকৰণৰ ঘটনাক্ৰমে ইউৰোপ বা দক্ষিণ-পশ্চিম এচিয়াতকৈ ভিন্ন তথা একো একোটা স্বকীয় নৱপ্ৰস্তৰ সংস্কৃতিৰ জন্ম দিছিল। প্ৰাচীন কালৰ জাপানী গোটসমূহ আৰু পূব এচিয়াৰ অন্যান্য সংস্কৃতিসমূহত কৃষিৰ বিকাশৰ আগতেই মৃৎশিল্পৰ ব্যৱহাৰ হৈছিল।২৩
মৃৎশিল্প অনুযায়ী স্তৰসমূহ
মৃৎশিল্পৰ বিভিন্ন স্তৰৰ ভিত্তিত নৱপ্ৰস্তৰ যুগক চাৰিটা ভাগত ভাগ কৰা হৈছে। ৪
- প্ৰাক মৃৎশিল্পৰ নৱপ্ৰস্তৰ ক (১০০০০ খ্ৰী:পূ:ৰ আশে-পাশে)
- প্ৰাক মৃৎশিল্পৰ নৱপ্ৰস্তৰ খ (৮৮০০ খ্ৰী:পূ:ৰ আশে-পাশে)
- প্ৰাক মৃৎশিল্পৰ নৱপ্ৰস্তৰ গ (৬২০০ খ্ৰী:পূ:ৰ আশে-পাশে)
- মৃৎশিল্পৰ নৱপ্ৰস্তৰ (৪৫০০ খ্ৰী:পূ:ৰ আশে-পাশে)
সাংস্কৃতিক বৈশিষ্ট্য
সামাজিক গোট

ইউৰেচিয়াৰ নৱপ্ৰস্তৰ যুগৰ অধিকাংশ কালতে মানুহে একাধিক বংশৰে গঠিত সৰু সৰু গোট বান্ধি ফুৰিছিল।৫ এই গোটসমূহৰ প্ৰায়ভাগতেই উন্নতমানৰ সামাজিক শ্ৰেণীবিভাজন থকাৰ প্ৰমাণ পোৱা হোৱা নাই। পিছলৈ ব্ৰঞ্জ যুগতহে এনে শ্ৰেণীবিভাজন পৰিলক্ষিত হয়।৬ পিছলৈ ইউৰেচিয়াত নৱপ্ৰস্তৰ যুগৰ কোনো কোনো সামাজিক গোটে একো একোটা জটিল সামাজিক স্তৰ আনকি ৰাষ্ট্ৰৰ সূচনা কৰিছিল যদিও ধাতুবিদ্যাৰ প্ৰচলনৰ পিছৰে পৰাহে ইউৰেচিয়াত ৰাষ্ট্ৰৰ বিকাশ ঘটে। অধিকাংশ সামাজিক গোটেই তুলনামূলকভাৱে সৰল আৰু সম অধিকাৰপ্ৰাপ্ত গোট আছিল।৫ অৱশ্যে ইউৰেচিয়াৰ বাহিৰেও পেৰু, মেচ'আমেৰিকা আৰু প্ৰাচীন হাৱাইত ৰাষ্ট্ৰৰ গঠন হৈছিল।৭৮৯ অধিকাংশ সামাজিক গোটেই পূৰ্বৰ প্ৰত্ন প্ৰস্তৰ যুগৰ সংস্কৃতিসমূহ তথা সাধাৰণভাৱে চিকাৰী-আহৰণকাৰী সংস্কৃতিৰ তুলনাত চকুতলগাকৈ আনুক্ৰমিক আছিল।১০১১
ৰ জাতীয় সংগ্ৰহালয়ত সংৰক্ষিত ৭০০০-৬১০০ খ্ৰীষ্টপূৰ্বৰ মাটিৰ মানৱাকৃতিৰ প্ৰতিমা (বা উৰ্বৰতাৰ দেৱী)]]
খ্ৰীষ্টপূৰ্ব ৮০০০ মানত ডাঙৰ জন্তুৰ ঘৰচীয়াকৰণে এক নাটকীয় পৰিৱৰ্তন আনি দিয়ে আৰু সামাজিক বৈষম্য বৃদ্ধি পায়। পাপুৱা নিউগিনিক অৱশ্যে এই বৈষম্যই চুব পৰা নাছিল।১২ জীৱ-জন্তুৰ প্ৰতিপালনে পৰিয়ালসমূহৰ মাজত প্ৰতিযোগিতাৰ সূচনা কৰে আৰু ইয়াৰ ফলস্বৰূপে উত্তৰাধিকাৰসূত্ৰে লাভ কৰা সম্পত্তিৰ বিষম বিতৰণ হ'বলৈ লয়। ইয়াৰ ফলত ক্ৰমান্বয়ে অৰ্থনৈতিক বৈষম্যই স্পষ্ট ৰূপ লাভ কৰে।১৩
বাসস্থান
প্ৰত্নপ্ৰস্তৰ আৰু মধ্যপ্ৰস্তৰ যুগৰ মানুহৰ কোনো স্থায়ী বাসগৃহ নাছিল। কিন্তু নৱপ্ৰস্তৰ যুগৰ বাসস্থানসমূহৰ বহুল পৰিৱৰ্তন ঘটা দেখিবলৈ পোৱা যায়। এই সময়ৰে পৰা মানুহে মাটিৰ ইটাৰে সজা লেপনযুক্ত ঘৰ সাজিবলৈ শিকে।১৪ কৃষিক্ষেত্ৰৰ উত্তৰণে স্থায়ী বাসগৃহ স্থাপন কৰাতো সম্ভৱপৰ কৰি তোলে। এই গৃহসমূহৰ প্ৰৱেশদ্বাৰ আছিল মূধচত। ভিতৰ আৰু বাহিৰ দুয়োফালে জখলা আছিল।১৪ ঘৰৰ মূধচটোৰ ভিতৰফালে বীম আছিল। খহটা মজিয়াখন পীৰা-ঢৰা, পাটী আৰু জন্তুৰ ছাল আদিৰে ঢাকি ৰখা হৈছিল আৰু ইয়াতে ঘৰৰ আবাসীসকল শুইছিল।১৫ আল্পছ আদি ঠাইত চাংঘৰৰ বহুল প্ৰচলন আছিল।১৬
কৃষি

নৱপ্ৰস্তৰ যুগতেই কৃষিকাৰ্যৰ সূচনা হৈছিল আৰু খাদ্য উৎপাদনৰ এই ব্যৱস্থাটোৱে স্থায়ী বাসস্থানৰ ধাৰণাটো বাস্তৱায়িত কৰি তুলিছিল বুলি অনুমান কৰা হয়।
শৈল প্ৰযুক্তি

পূৰ্বৰ শিলৰ খহটা আহিলাৰ সলনি নিমজ আহিলাৰ ব্যৱহাৰ নৱপ্ৰস্তৰ যুগৰ সা-সঁজুলিসমূহৰ প্ৰধান বৈশিষ্ট্য। কৃষিকাৰ্য আৰু খাদ্যবস্তু উৎপাদন কৰিবলৈ তেওঁলোকে শিলৰ বিভিন্ন সঁজুলি ব্যৱহাৰ কৰাৰ লগতে হাবি-জংঘল মোকলাবলৈ শিলেৰে কুঠাৰ সাজি লৈছিল।
লেভাণ্ট, এনাটলিয়া, ছিৰিয়া, মেচ'পটেমিয়াৰ উত্তৰাঞ্চল আৰু মধ্য এচিয়াৰ লোকসকলে মাটিৰে তৈয়াৰী ইটাৰে ঘৰ সাজিছিল। ঘৰসমূহত তেওঁলোকে মানুহ আৰু জীৱ-জন্তুৰ বিভিন্ন চিত্ৰও অংকন কৰিছিল। ইউৰোপৰ ঘৰসমূহ কাঠৰ টুকুৰা জোৰা দি সজা হৈছিল। আয়াৰলেণ্ড আৰু ব্ৰিটিছ দ্বীপপুঞ্জকে ধৰি বিভিন্ন ঠাইত সূক্ষ্ম কাৰুকাৰ্যৰে মৃতকৰ সমাধিসমূহ নিৰ্মাণ কৰা হৈছিল।
বস্ত্ৰ
চামৰা আঁটি বান্ধিবৰ বাবে উপযোগী বহুসংখ্যক হাড় আৰু পহুৰ শিং উদ্ধাৰ হোৱালৈ চাই নৱপ্ৰস্তৰ যুগৰ বস্ত্ৰসমূহৰ অধিকাংশই জন্তুৰ ছালেৰে নিৰ্মিত হৈছিল বুলি ধাৰণা কৰা হৈছে। ওলৰ কাপোৰ আৰু লিনেনৰ ব্যৱহাৰ হয়তো নৱপ্ৰস্তৰ যুগৰ শেষৰফাললৈহে হৈছিল।১৭১৮ বিভিন্ন ঠাইত উদ্ধাৰ হোৱা বিন্ধাযুক্ত শিলসমূহক টাকুৰীৰ দৰে ব্যৱহাৰ কৰাৰ বিষয়ে ধাৰণা কৰিয়েই এই কথা অনুমান কৰা হৈছে।১৯২০২১
তথ্যসূত্ৰ
- ↑ Morelle, Rebecca. (21 June 2019). old stone tools pre-date earliest human. South African History Online
- ↑ Habu, Junko. (2004). Ancient Jomon of Japan. পৃ. 3. ISBN 978-0-521-77670-7
- ↑ Xiaohong Wu. Early Pottery at 20,000 Years Ago in Xianrendong Cave, China. Sciencemag.org
- ↑ Bellwood 2004, পৃ. 384
- ↑ Leonard D. Katz Rigby; S. Stephen Henry Rigby. (2000). Evolutionary Origins of Morality: Cross-disciplinary Perspectives. Imprint Academic. পৃ. 158. ISBN 0-7190-5612-8
- ↑ Langer, Jonas; Killen, Melanie. (1998). Piaget, evolution, and development. Psychology Press. পৃ. 258–. ISBN 978-0-8058-2210-6
- ↑ The Oldest Civilization in the Americas Revealed. CharlesMann. Science
- ↑ (22 December 2004). First Andes Civilization Explored. BBC News
- ↑ Hommon, Robert J. (2013). The ancient Hawaiian state: origins of a political society. Oxford University Press. ISBN 978-0-19-991612-2
- ↑ "Stone Age," Microsoft Encarta Online Encyclopedia 2007 © 1997–2007 Microsoft Corporation. All Rights Reserved. Contributed by Kathy Schick, B.A., M.A., Ph.D. and Nicholas Toth, B.A., M.A., Ph.D. Archived 2009-11-01
- ↑ Russell Dale Guthrie. (2005). The nature of Paleolithic art. University of Chicago Press. পৃ. 420–. ISBN 978-0-226-31126-5
- ↑ Farming Pioneered in Ancient New Guinea. New Scientist
- ↑ Bahn, Paul (1996) "The atlas of world archeology" Copyright 2000 The brown Reference Group plc
- ↑ Shane, Orrin C. III, and Mine Küçuk. "The World's First City." Archaeology 51.2 (1998): 43–47
- ↑ Barber, E. J. W. (1991). Prehistoric Textiles:The Development of Cloth in the Neolithic and Bronze Ages with Special Reference to the Aegean. Princeton University Press. ISBN 978-0-691-00224-8
- ↑ Alan W. Ertl. (15 August 2008). Toward an Understanding of Europe: A Political Economic Précis of Continental Integration. Universal-Publishers. পৃ. 308. ISBN 978-1-59942-983-0
- ↑ Harris, Susanna. (2009). Smooth and Cool, or Warm and Soft: Investigating the Properties of Cloth in Prehistory. North European Symposium for Archaeological Textiles X. Academia.edu
- ↑ Aspects of Life During the Neolithic Period. Teachers' Curriculum Institute
- ↑ Gibbs, Kevin T. (2006). Pierced clay disks and Late Neolithic textile production. Proceedings of the 5th International Congress on the Archaeology of the Ancient Near East. Academia.org
- ↑ Green, Jean M. (1993). Unraveling the Enigma of the Bi: The Spindle Whorl as the Model of the Ritual Disk. Asian Perspectives. University of Hawai'i Press. পৃ. 105–24
- ↑ Cook, M. (2007). The clay loom weight, in: Early Neolithic ritual activity, Bronze Age occupation and medieval activity at Pitlethie Road, Leuchars, Fife. Tayside and Fife Archaeological Journal. পৃ. 1–23
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱপ্ৰস্তৰ যুগ” প্ৰবন্ধৰ সংশোধন ৬৩১৩৮৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।