অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাধিকা মেনন

ৰাধিকা মেনন এগৰাকী ভাৰতীয় মহিলা মাৰ্চেণ্ট নৌ সেনা বিষয়া। তেওঁ বৰ্তমান ভাৰতীয় মাৰ্চেণ্ট নেভিৰ কেপ্টেইন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ তেল সামগ্ৰীৰ টেংকাৰ সুৱৰ্ণ স্বৰাজ্যক নেতৃত্ব দিয়া ভাৰতীয় মাৰ্চেণ্ট নেভিৰ প্ৰথম গৰাকী মহিলা কেপ্টেইন।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৫ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰাধিকা মেনন এগৰাকী ভাৰতীয় মহিলা মাৰ্চেণ্ট নৌ সেনা বিষয়া। তেওঁ বৰ্তমান ভাৰতীয় মাৰ্চেণ্ট নেভিৰ কেপ্টেইন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১ তেওঁ তেল সামগ্ৰীৰ টেংকাৰ সুৱৰ্ণ স্বৰাজ্যক নেতৃত্ব দিয়া ভাৰতীয় মাৰ্চেণ্ট নেভিৰ প্ৰথম গৰাকী মহিলা কেপ্টেইন। ২০১৬চনত ৰাধিকাই সাগৰত দেখুওৱা ব্যতিক্ৰমী সাহসিকতাৰ বাবে আইএমঅ' বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয়।২ তেওঁ ২০১৫ চনৰ জুন মাহত সফলতাৰে বঙ্গোপসাগৰত চলোৱা উদ্ধাৰ অভিযানৰ বাবে সুপৰিচিত। এই অভিযানত তেওঁৰ নেতৃত্বত এসপ্তাহ ধৰি নাৱত আৱদ্ধ হৈ থকা সাতজন মাছমৰীয়াক উদ্ধাৰ কৰা হৈছিল।৩

প্ৰাৰম্ভিক জীৱন

ৰাধিকাই কেৰালাৰ কোদুংগাল্লুৰত জন্ম গ্ৰহণ কৰিছিল আৰু ইয়াতেই ডাঙৰ দীঘল হয়। তেওঁ কোচিৰ অল ইণ্ডিয়া মেৰিন কলেজত এটা ৰেডিঅ' পাঠ্যক্ৰম সম্পূৰ্ণ কৰি প্ৰথমতে ভাৰতীয় শিপিং কৰ্পোৰেচনত ৰেডিঅ' বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।৪

কেৰিয়াৰ

ভাৰতীয় শিপিং কৰ্পোৰেচনৰ সৈতে কিছুদিন কাম কৰাৰ পিছত তেওঁ ভাৰতীয় নৌ সেনাৰ এগৰাকী বিশিষ্ট কেডাৰ হৈ পৰে। ২০১২ চনত, তেওঁ ভাৰতীয় মাৰ্চেণ্ট নেভিৰ অধিনায়ক হিচাপে নিযুক্ত হৈছিল। ইয়াৰ লগেলগে মেনন ভাৰতীয় মাৰ্চেণ্ট নেভিৰ প্ৰথম গৰাকী মহিলা কেপ্টেইন হৈ পৰে। একে বছৰতে, তেওঁ প্ৰায় ২১,৮২৭ টন ওজনৰ তেল টেংকাৰ সুৱৰ্ণ স্বৰাজ্যৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰে।৫

২০১৫ চনৰ জুন মাহত তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিয়া তেওঁৰ সফল সাহসী উদ্ধাৰ অভিযানৰ বাবে তেওঁক ২০১৬ চনৰ নৱেম্বৰত আন্তৰ্জাতিক সামুদ্ৰিক সংগঠন বঁটা প্ৰদান কৰা হৈছিল। তেওঁ আৰু তেওঁৰ দলে সাগৰীয় ধুমুহাৰ ফলত ইঞ্জিন বিকল হোৱা আৰু নাওখন লংগৰ ভাঙি যোৱাৰ ফলত ডুব যোৱা নাওখনৰ সৈতে বংগোপসাগৰত আৱদ্ধ হৈ থকা সাতজন মাছমৰীয়াক উদ্ধাৰ কৰিছিল।৬৭৮ ভাৰত চৰকাৰে তেওঁক তেওঁৰ ৰাষ্ট্ৰীয় কৰ্তব্যক স্বীকৃতি দি প্ৰাসংগিক বঁটাৰ বাবে মনোনীত কৰিছিল আৰু লগতে আইএমঅ' সাহসিকতা বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল।৯

ৰাধিকাই যুৱ মহিলা নাবিকসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে মুম্বাইত সহ-নৌ সেনা বিষয়া সুনীতি বালা আৰু শৰ্বনী মিশ্ৰৰ সৈতে ৩ নৱেম্বৰ ২০১৭ তাৰিখে আন্তৰ্জাতিক মহিলা নাবিক ফাউণ্ডেচন (আইডব্লিউএছএফ) প্ৰতিষ্ঠা কৰিছিল।১০১১১২

২৯ ছেপ্টেম্বৰ ২০১৯ তাৰিখে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত শৃংখলাৰ অংশ হিচাপে ভাৰত কি লক্ষ্মী হেচটেগ অভিযানত অংশগ্ৰহণ কৰিছিল। এই অভিযানত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰে।

তথ্যসূত্ৰ

  1. ↑ (5 March 2017). Raise voice if faced with restrictions: Country's first woman merchant navy officer. The Times of India
  2. ↑ Women in shipping – Radhika Menon, radio officer, Shipping Corporation of India – IHS Markit Safety at Sea. safetyatsea.net
  3. ↑ (2016-11-22). Indian woman wins sea bravery award
  4. ↑ (2016-11-23). Meet Radhika Menon - India's First Female Merchant Navy Captain To Win A Top Bravery Award. indiatimes.com
  5. ↑ (2016-07-11). Know Captain Radhika Menon, the First Woman in the World to Win Bravery at Sea Award. The Better India
  6. ↑ At the helm: Captain Radhika Menon. new.abb.com
  7. ↑ Bravery award for India's first female Merchant Navy captain. @businessline. Press Trust of India
  8. ↑ Silva, Pramod De. Women to the fore in seafaring. Daily News
  9. ↑ Indian Captain Radhika Menon Is First Woman To Get Bravery At Sea Award. NDTV.com
  10. ↑ International Women Seafarer's Foundation established in Mumbai. www.marineinsight.com
  11. ↑ (2019-06-25). IMO pushes for gender equality with #IAmOnBoard Day of the Seafarer theme. Seatrade Maritime - Shipping, Maritime and Offshore Marine News
  12. ↑ (2017-11-04). International Women Seafarers Foundation launched in Mumbai. The Indian Express

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধিকা মেনন” প্ৰবন্ধৰ সংশোধন ৫৬২৩৮৩ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।