অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰাধাবাই চুব্বাৰায়ন

কৈলাশ ৰাধাবাই চুব্বাৰায়ন Kailash Radhabai Subbarayan, (২২ এপ্ৰিল ১৮৯১ - ১৯৬০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, নাৰী অধিকাৰ কৰ্মী আৰু সমাজ সংস্কাৰক আছিল। ভাৰতীয় ৰাজনীতিবিদ পি চুববাৰায়নৰ তেওঁ পত্নী আৰু মোহন কুমাৰমংগলম, পি পি কুমাৰমংগলম আৰু পাৰ্বতী কৃষ্ণনৰ মাতৃ আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কৈলাশ ৰাধাবাই চুব্বাৰায়ন Kailash Radhabai Subbarayan, (২২ এপ্ৰিল ১৮৯১ - ১৯৬০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, নাৰী অধিকাৰ কৰ্মী আৰু সমাজ সংস্কাৰক আছিল। ভাৰতীয় ৰাজনীতিবিদ পি চুববাৰায়নৰ তেওঁ পত্নী আৰু মোহন কুমাৰমংগলম, পি পি কুমাৰমংগলম আৰু পাৰ্বতী কৃষ্ণনৰ মাতৃ আছিল।

জীৱন

ৰাধাবাই কুডমুলৰ জন্ম হৈছিল মাংগালোৰৰ ৰাও চাহাব কুডমুল ৰঙা ৰাওৰ ঘৰত।১ তেওঁ চিত্ৰপুৰ সৰস্বত ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছিল।২ তেওঁ মাংগালোৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।কম বয়সতে বিধৱা হৈ ১৯১২ চনত ৰাধাবৈয়ে কুমাৰমংগলমৰ জমিদাৰ পি চুববৰায়ণৰ লগত বিবাহপাশত আবদ্ধ হয়।১তেওঁলোকৰ তিনিগৰাকী ল'ৰা আৰু ছোৱালী সন্তান আছিল৷ তেওঁ অক্সফৰ্ডৰ ছমাৰভিল কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

ৰাধাবাই মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ চিনেটৰ নিৰ্বাচিত সদস্য আছিল। তেওঁ নিখিল ভাৰত মহিলা সন্মিলনৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩০ চনৰ গোলটেবুল সন্মিলনত তেওঁ আৰু জাহানাৰা শ্বাহনৱাজ আছিল মহিলা সংগঠনৰ একমাত্ৰ দুগৰাকী সক্ৰিয় সদস্য সন্মিলনলৈ মনোনীত হৈছিল৷ তেওঁলোকে বিধায়িনী দলত মহিলাৰ বাবে ৫ শতাংশ সংৰক্ষণৰ বাবে বিফল যুক্তি আগবঢ়ায়।৪ দ্বিতীয় ৰাউণ্ড টেবুল সন্মিলনতো তেওঁ অংশগ্ৰহণ কৰিছিল।৫ সংৰক্ষণৰ ওপৰত জনমত মূল্যাংকন কৰাৰ বাবে ৰাধাবাইক ইয়াৰ অংশ হিচাপে লোথিয়ান কমিটিলৈ নিযুক্তি দিয়া হৈছিল।৬

১৯৩৭ চনত ৰাধাবাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সাধাৰণ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল।৭কিন্তু মাদ্ৰাজ প্ৰাদেশিক অভ্যৰ্থনা সমিতিৰ অধ্যক্ষই তেওঁক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰে।৭ এই সন্দৰ্ভত যেতিয়া সুব্বাৰায়নে চি ৰাজগোপালাচাৰীক সোধা-পোছা কৰিছিল, তেতিয়া তেওঁ উত্তৰ দিছিল-

মই বিশ্বাস নকৰোঁ যে অগ্ৰণী মহিলা প্ৰাৰ্থীয়ে কেৱল মহিলা হোৱাৰ বাবেই ৰাজনৈতিক অনুগ্ৰহ বিচাৰে৮।

কিন্তু ১৯৩৮ চনত ৰাধাবাই সাধাৰণ সমষ্টিৰ পৰা বিনা বিৰোধিতাৰে ৰাষ্ট্ৰ পৰিষদলৈ নিৰ্বাচিত হয় আৰু ৰাষ্ট্ৰ পৰিষদৰ প্ৰথম মহিলা সদস্য হয়।৯

তথ্যসূত্ৰ

  1. ↑ (1937). The Who's who in Madras: A pictorial who's who of distinguished personages, princes, zemindars and noblemen in the Madras Presidency. Pearl Press. পৃ. 83
  2. ↑ (2004). All India Chitrapur Defence Souvenir Fund Souvenir and Directory. Kanara Saraswat: A Monthly Journal of the Kanara Saraswat Association. পৃ. 5
  3. ↑ Pauline Adams. (1996). Somerville for women: an Oxford college, 1879-1993. Oxford University Press. পৃ. 118. ISBN 978-0199201792
  4. ↑ Partha S. Ghosh. (23 May 2012). The Politics of Personal Law in South Asia: Identity, Nationalism and the Uniform Civil Code. Routledge. পৃ. 234–. ISBN 978-1-136-70512-0
  5. ↑ Anupama Roy. (2005). Gendered citizenship: historical and conceptual explorations. Orient Blackswan. পৃ. 139. ISBN 978-8125027973
  6. ↑ Anupama Roy. (2005). Gendered citizenship: historical and conceptual explorations. Orient Blackswan. পৃ. 140. ISBN 978-8125027973
  7. ↑ Anup Taneja. (2005). Gandhi, women, and the National Movement, 1920-47. Har Anand Publications. পৃ. 179. ISBN 978-8124110768
  8. ↑ Anup Taneja. (2005). Gandhi, women, and the National Movement, 1920-47. Har Anand Publications. পৃ. 180. ISBN 978-8124110768
  9. ↑ Lakshmi N. Menon. (1944). The position of women. Oxford University Press. পৃ. 28

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধাবাই চুব্বাৰায়ন” প্ৰবন্ধৰ সংশোধন ৬৩২২৮৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।