অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আম্ৰপালি সংগ্ৰহালয়

আম্ৰপালি সংগ্ৰহালয় (Amrapali Museum) ৰাজস্থানৰ জয়পুৰত অৱস্থিত আৰু ই ভাৰতীয় গহনা আৰু সজ্জা সামগ্ৰীৰ বাবে উৎসৰ্গিত। ২০১৮ চনৰ ২০ জানুৱাৰীত উদ্বোধন কৰা এই সংগ্ৰহালয়টো ৰাজেশ আজমেৰাৰ উদ্যোগত আম্ৰপালি জুৱেলছৰ প্ৰতিষ্ঠাপক ৰাজীৱ অৰোৰাই প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৫ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

আম্ৰপালি সংগ্ৰহালয় (Amrapali Museum) ৰাজস্থানৰ জয়পুৰত অৱস্থিত আৰু ই ভাৰতীয় গহনা আৰু সজ্জা সামগ্ৰীৰ বাবে উৎসৰ্গিত। ২০১৮ চনৰ ২০ জানুৱাৰীত উদ্বোধন কৰা এই সংগ্ৰহালয়টো ৰাজেশ আজমেৰাৰ উদ্যোগত আম্ৰপালি জুৱেলছৰ প্ৰতিষ্ঠাপক ৰাজীৱ অৰোৰাই প্ৰতিষ্ঠা কৰে। জয়পুৰত অশোক মাৰ্গ, চি-স্কিমত অৱস্থিত এই সংগ্ৰহালয় চৌহদটো ৬৫০০ বৰ্গফুটত বিস্তৃত। ইয়াৰ উপৰিও ই আম্ৰপালি জুৱেলছৰ মুখ্য কাৰ্যালয়। ভূমি মহলাৰ পৰা বেছমেণ্টলৈকে সংগ্ৰহালয়টোৰ সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। ইয়াত ৪০০০ টা সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে।১

ভাৰতীয় গহনাৰ কাৰুকাৰ্য্য আৰু চহকী পৰম্পৰা প্ৰদৰ্শন কৰিবলৈ সংগ্ৰহালয়টোত উন্নতমানৰ গহনা, হাতেৰে নিৰ্মিত প্ৰাচীন সামগ্ৰী, আৰু উত্তম কলাকৃতি ৰখা হৈছে। ইয়াত থকা কেইবাবিধো ভাৰতীয় গহনাই শিল্পৰ ইতিহাস আৰু গহনা নিৰ্মাণ প্ৰক্ৰিয়াৰ দৃশ্যগত উপস্থাপন গঠন কৰে।২ সংগ্ৰহত কাঠ আৰু ধাতুৰে তৈয়াৰী জনজাতীয় গহনা পৰা আৰম্ভ কৰি ৰূপ আৰু সোণৰ টুকুৰালৈকে প্ৰদৰ্শিত হৈছে। ই এক বিস্তৃত সংগ্ৰহ, যিয়ে পৰম্পৰাগত শিল্প কৌশলে আধুনিক আৰু সমসাময়িক ডিজাইন সংবেদনশীলতাক কেনেদৰে প্ৰভাৱিত কৰিছে, তাক দেখুওৱা হৈছে।৩

ইতিহাস

আম্ৰপালি সংগ্ৰহালয় ইয়াৰ প্ৰতিষ্ঠাপক ৰাজীৱ অৰোৰা আৰু ৰাজেশ আজমেৰাৰ শ্ৰমৰ ফল। বিৰল গহনা আৰু অন্যান্য সংগ্ৰহযোগ্য সামগ্ৰী এই দুজন ব্যক্তিয়ে চাৰি দশকৰো অধিক সময় ধৰি সংগ্ৰহ কৰি আহিছে।৪ অৰোৰা আৰু আজমেৰা কলেজীয়া বন্ধু আছিল আৰু ঐতিহাসিক, কলাত্মক হস্তনিৰ্মিত বস্তুৰ প্ৰতি এক উমৈহতীয়া আগ্ৰহ আছিল। দুয়োজনেই জয়পুৰত বাস কৰিছিল, যিখন চহৰ ১৯ আৰু ২০ শতিকাৰ ঔদ্যোগিক কলাৰ সৈতে জড়িত হোৱাৰ ইতিহাসৰে গৌৰৱান্বিত। ১৮৮৩ চনৰ হোৱা জয়পুৰ প্ৰদৰ্শনীৰ ফলত চহৰখনত এলবাৰ্ট হল সংগ্ৰহালয় স্থাপনৰ বাট মুকলি হৈছিল।৫ ঐতিহ্য আৰু ইতিহাসৰ সৈতে জয়পুৰৰ সংযোগ তেওঁলোকৰ বাবে স্বাভাৱিক প্ৰেৰণা হৈ পৰিছিল। শিল্প আৰু ঐতিহ্যৰ টুকুৰা সংগ্ৰহৰ বাবে তেওঁলোকে ভাৰতবৰ্ষৰ দূৰ-দূৰণিলৈ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত তেওঁলোকে দেখিলে যে এসময়ৰ সাধাৰণ গহনাৰ চানেকিবোৰ পৰিৱৰ্তিত ৰুচিৰ বাবে দ্ৰুতগতিত নোহোৱা হৈ গৈ আছে। পৰম্পৰাগত নান্দনিকতা ৰক্ষাৰ বাবে তেওঁলোকে সামগ্ৰীবোৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৭৮ চনত আম্ৰপালি জুৱেলছ প্ৰতিষ্ঠা কৰে।৬

তথ্যসূত্ৰ

  1. ↑ Stephen, Rosella. (2017-12-11). Amrapali Museum to open next January in Jaipur. The Hindu
  2. ↑ Mathew, Meghna. All That Glitters: Visit India's First Jewellery Museum In Jaipur. Homegrown
  3. ↑ Madan, Shilpi. (2018-04-01). Treasures from the past. The Asian Age
  4. ↑ (2018-01-19). Everything you need to know about the Amrapali Museum of Jewellery. Vogue India
  5. ↑ Tillotson, Giles. (2004). The Jaipur Exhibition of 1883. Journal of the Royal Asiatic Society. পৃ. 111–126
  6. ↑ Pioneer, The. GLITTER FEST. The Pioneer

সম্পৰ্কিত শ্ৰেণী

ৰাজস্থানৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আম্ৰপালি সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৪৬৯২৩৯ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।