ৰাজস্থানৰ সংগ্ৰহালয়
৬ প্ৰবন্ধ
-
এলবাৰ্ট হল সংগ্ৰহালয়
এলবাৰ্ট হল সংগ্ৰহালয় ৰাজস্থানৰ আটাইতকৈ পুৰণি সংগ্ৰহালয় আৰু এইটো ৰাজস্থানৰ ৰাজ্যিক সংগ্ৰহালয়। নিউ গেটৰ বিপৰীতে জয়পুৰৰ চিটি ৱালৰ বাহিৰত ৰাম নিবাস বাগিচাত অৱস্থিত এই ভৱনটো ভাৰত-ছাৰাচেনিক স্থাপত্যৰ এক সুন্দৰ উদাহৰণ। ইয়াক চৰকাৰী কেন্দ্ৰীয় সংগ্ৰহালয় বুলিও কোৱা হয়।
-
অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং
অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং (Anokhi Museum of Hand Printing) হৈছে ৰাজস্থানৰ অম্বৰত অৱস্থিত হেণ্ড-ব্লক প্ৰিন্টিঙৰ কলাৰ প্ৰতি উৎসৰ্গিত এক ব্যক্তিগত সংগ্ৰহালয়। ২০০৫ চনত মুকলি কৰা এই সংগ্ৰহালয়টো অনোখীৰ প্ৰতিষ্ঠাপকসকলৰ পদক্ষেপ, যি ব্লক-প্ৰিণ্টেড কাপোৰৰ এটা ভাৰতীয় খুচুৰা ব্ৰেণ্ড।
-
আকবৰী দুৰ্গ আৰু সংগ্ৰহালয়
আকবৰী দুৰ্গ আৰু সংগ্ৰহালয় (Akbari Fort & Museum) আজমেৰৰ এটা সংগ্ৰহালয়। ইয়াৰ নাম ৰাজপুতনা সংগ্ৰহালয় ৰখা হৈছে। এসময়ত এইটো সম্ৰাট আকবৰৰ পুত্ৰ ৰাজকুমাৰ চেলিমৰ বাসগৃহ আছিল আৰু বৰ্তমান ইয়াত মোগল আৰু ৰাজপুতৰ কৱচ আৰু ভাস্কৰ্য্যৰ সংগ্ৰহ আছে। ১৫৭০ চনত আকবৰে এই দুৰ্গটো নিৰ্মাণ কৰোৱাইছিল।
-
আম্ৰপালি সংগ্ৰহালয়
আম্ৰপালি সংগ্ৰহালয় (Amrapali Museum) ৰাজস্থানৰ জয়পুৰত অৱস্থিত আৰু ই ভাৰতীয় গহনা আৰু সজ্জা সামগ্ৰীৰ বাবে উৎসৰ্গিত। ২০১৮ চনৰ ২০ জানুৱাৰীত উদ্বোধন কৰা এই সংগ্ৰহালয়টো ৰাজেশ আজমেৰাৰ উদ্যোগত আম্ৰপালি জুৱেলছৰ প্ৰতিষ্ঠাপক ৰাজীৱ অৰোৰাই প্ৰতিষ্ঠা কৰে।
-
ভাৰতীয় লোক কলা মণ্ডল
ভাৰতীয় লোক কলা মণ্ডল ( Bharatiya Lok Kala Mandal ) হৈছে ৰাজস্থানৰ উদয়পুৰ ভিত্তিক ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশৰ লোকশিল্প, সংস্কৃতি, গীত আৰু উৎসৱৰ অধ্যয়নত আৰু লগতে লোককলা, লোকনৃত্য আৰু লোকসাহিত্যক জনপ্ৰিয়কৰণ আৰু প্ৰচাৰৰ কামত নিয়োজিত।
-
ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়
আঞ্চলিক প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়, ছাৱাই মাধোপুৰ বা ৰাজীৱ গান্ধী আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয় (Rajiv Gandhi Regional Museum of Natural History) ভাৰতৰ চতুৰ্থ আঞ্চলিক প্ৰাকৃতিক বিজ্ঞান সংগ্ৰহালয়, য’ত ভাৰতৰ পশ্চিম অঞ্চলৰ উদ্ভিদ, জীৱ-জন্তু আৰু ভূতত্ত্বৰ প্ৰদৰ্শন হয়।