অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰাজিয়া বাৰাকজাই

ৰাজিয়া বাৰাকজাই (জন্ম-১৯৯৫) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। ২০২১ চনৰ আগষ্ট মাহত তালিবানৰ বিৰুদ্ধে প্ৰথম মহিলা প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে ২০২১ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তেওঁ নিৰ্বাচিত হয়৷ ইয়াৰ এমাহ পূৰ্বতেই তালিবানে আফগানিস্তান দখল কৰাৰ পিছত।

হালনাগাদ: ১৭ মে’ ২০২৬ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰাজিয়া বাৰাকজাই (জন্ম-১৯৯৫) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। ২০২১ চনৰ আগষ্ট মাহত তালিবানৰ বিৰুদ্ধে প্ৰথম মহিলা প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে ২০২১ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তেওঁ নিৰ্বাচিত হয়৷১ ইয়াৰ এমাহ পূৰ্বতেই তালিবানে আফগানিস্তান দখল কৰাৰ পিছত।২৩

চমু জীৱনী

বৰাকজাইৰ জন্ম হৈছিল ফাৰাহ প্ৰদেশত।২ পাষ্টুন পিতৃ-মাতৃৰ পৰা জন্ম হোৱা তেওঁ একমাত্ৰ সন্তান৷৪৫ তেওঁৰ মাক এগৰাকী গৃহিণী, আনহাতে পিতৃ আফগান নিৰাপত্তা বাহিনীৰ কমাণ্ডাৰ আছিল। হেৰাট বিশ্ববিদ্যালয়ত পঢ়ি তেওঁ ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে আৰু কাবুল বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২

২০২১ চনৰ ১৬ আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ পিছত বাৰাকজাই আৰু আন দুগৰাকী মহিলাই ৰাষ্ট্ৰপতি ভৱনৰ ওচৰৰ জানবাক চৌহদত নতুন চৰকাৰৰ বিৰুদ্ধে প্ৰথম মহিলাৰ প্ৰতিবাদৰ নেতৃত্ব দিয়ে।২৫ ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি প্ৰহাৰ কৰা হয়।১ অনলাইনত বাৰাকজাই #AfghanWomenExist হেচটেগ আৰম্ভ কৰিছিল যাৰ অধীনত ব্যক্তিগতভাৱে বিক্ষোভৰ আয়োজন কৰিব পাৰি।৬ ২০২১ চনৰ ছেপ্টেম্বৰ মাহতো তেওঁ প্ৰতিবাদত অংশগ্ৰহণ কৰি থাকিল, নতুন চৰকাৰত মহিলাসকলে পদবী লাভ কৰিব নোৱাৰিব বুলি কোৱা বক্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে।৭ এই প্ৰতিবাদৰ সময়ত তেওঁক তালিবান বাহিনীয়ে মূৰত আঘাত কৰা বুলি জনাইছিল আৰু প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কন্দুৱা গেছ আৰু জলকীয়াৰ স্প্ৰে ব্যৱহাৰ কৰা হৈছিল।৭

বাৰাকজাই আৰু অন্যান্য অনলাইন আয়োজকসকলে ২০২১ চনৰ ১০ অক্টোবৰক আফগান মহিলাৰ সৈতে বিশ্ব মহিলা সংহতি দিৱস হিচাপে ঘোষণা কৰে।২ ২০২১ চনৰ ডিচেম্বৰ মাহত বৰাকজাইয়ে মহিলাৰ কাম আৰু পঢ়াৰ অধিকাৰ, আৰু আৰ্থিক সকাহৰ প্ৰয়োজনীয়তাক কেন্দ্ৰ কৰি প্ৰতিবাদত অংশগ্ৰহণ কৰে।৮

২০২১ চনৰ শেষৰ ফালে তালিবানে তেওঁক হত্যাৰ ভাবুকি দিয়াৰ বাবে বাৰাকজাই আফগানিস্তানৰ পৰা পলায়ন কৰে।২৩ প্ৰথমে ইৰাণৰ মাছদাদলৈ গৈছিল যদিও এতিয়াও চোৰাংচোৱাগিৰি চলি আছে বুলি গম পাই তেওঁ স্থানান্তৰিত হয়।[2] মৃত্যুৰ ভাবুকি পোৱাৰ লগে লগে তেওঁ স্থান সলনি কৰি থাকিল।৫

২০২২ চনৰ নৱেম্বৰৰ আৰম্ভণিতে বাৰাকজাইয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক লক্ষ্য কৰি চিঠি লিখা অভিযানৰ আয়োজন কৰাত সহায় কৰে আৰু সংস্থাটোক আফগান মহিলাসকলক সহায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।৯ ৰাষ্ট্ৰসংঘৰ উপ-প্ৰধান সচিব আমিনা মহম্মদ১০ আৰু আফগান মহিলা, ছোৱালী আৰু মানৱ অধিকাৰৰ বাবে আমেৰিকাৰ বিশেষ দূত ৰিনা আমিৰীক তালিবানৰ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰাৰ বাবে বা তালিবানক আফগানিস্তানৰ বৈধ চৰকাৰ হিচাপে বৈধতা প্ৰদান কৰাৰ পৰামৰ্শ দিয়াৰ বাবে সমালোচনা কৰিছে।১১

২০২৩ চনৰ জুলাই মাহলৈকে বৰাকজাই আত্মীয়ৰ সৈতে পাকিস্তানত বাস কৰিছিল।১ আফগানিস্তানৰ কৰ্মীসকলৰ সৈতে তেওঁ যোগাযোগ বজাই ৰাখিছিল আৰু তালিবানৰ নীতিৰ বিৰুদ্ধে মাত মাতিছিল।১

তথ্যসূত্ৰ

  1. ↑ Jaafari, Shirin. (July 7, 2023). Women in Afghanistan are devastated by the Taliban's ban on beauty salons. The World from PRX
  2. ↑ Shahalimi, Nahid. (2022-08-16). We Are Still Here: Afghan Women on Courage, Freedom, and the Fight to Be Heard. Penguin. ISBN 978-0-593-47291-0
  3. ↑ Nelson, Soraya Sarhaddi. (August 17, 2022). Afghan women raise their voices in two new anthologies. NPR
  4. ↑ (2022-05-12). "Since the Taliban are Pashtuns, we are sorry": Pashtun civil activists. Aamaj News
  5. ↑ (August 19, 2022). Interview with Former FBI Special Agent and Yale University Senior Lecturer Asha Rangappa; Interview with Novelist Hari Kunzru; Interview with PEN America CEO Suzanne Nossel; Interview with "We Are Still Here" Editor Nahid Shahalimi. Aired 1-2p ET. transcripts.cnn.com
  6. ↑ (2021-12-07). Urgent letters from Afghanistan: 'I hope the world will not forget us'. BBC News
  7. ↑ Latifi, Ali M. (September 4, 2021). Women march in Kabul to demand role in Taliban government. www.aljazeera.com
  8. ↑ Saayin, Asma. (2021-12-16). Kabul women rally for right to education, work. Pajhwok Afghan News
  9. ↑ (2023-09-20). 100 Letters Sent To UN Security Council Regarding Dire Situation of Afghan Women. Afghanistan International
  10. ↑ (2023-04-22). UN Deputy Secretary-General's Remarks on Taliban Recognition Draw Reactions. Nimrokh News
  11. ↑ Kawa, Amin. (2023-08-02). Controversies Surrounding U.S.-Taliban Talks; Human Rights and Women Activists: Disheartening and Shameful. Hasht-e Subh Daily

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজিয়া বাৰাকজাই” প্ৰবন্ধৰ সংশোধন ৬০৬৭৯৪ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।