অসমৰ লোকগীত
৮ প্ৰবন্ধ
-
কামৰূপী লোকগীত
কামৰূপী লোকগীত বুলিলে প্ৰাচীন কামৰূপক কেন্দ্ৰ কৰি অসমত যিবোৰ লোক-সংগীত প্ৰচলিত হৈছিল বা বৰ্তমানত চৰ্চা চলিছে সেইবোৰ লোকগীতকে মূলতঃ কামৰূপী লোক-গীতৰ আধাৰত ধৰা হয়৷ তাৰে ভিতৰত ধৰ্মীয় দিশ আৰু সাধাৰণ গ্ৰাম্য জনগণৰ স্বাভাৱিক জীৱনতো প্ৰকাশ পোৱাকৈ কিছুমান বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে।
-
মহো-হো গীত
মহো-হো গীত বা ম'হখেদা গীত হ'ল এবিধ অসমীয়া লোকগীত। নামনি অসমৰ কলিতা জনগোষ্ঠীৰ লোকসকলে পালন কৰা মহো-হো উৎসৱত এই গীতসমূহ ব্যৱহাৰ হয়। লোক-বিশ্বাস বা প্ৰচলিত পৰম্পৰাৰ ভেটিতে অসমৰ লোক-সাহিত্য ৰচিত হৈছে।
-
হাইদাং গীত
হাইদাং গীত হ'ল সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত, যি হাইদাং উৎসৱৰ লগত জড়িত। এই গীতৰ ভাষা মিহলি আৰু অনিয়মিত অসমীয়া বুলি ক'ব পাৰি। গীতবিলাক ধৰ্মমূলক। এনে গীতসমূহত পোনতেই নাৰায়ণ, অগ্নিনাৰায়ণলৈ নমস্কাৰ কৰা হয়। তাৰ পিছত পৃথিৱী, আকাশ, চাৰি মুঠি জীৱৰ সৃষ্টিৰ বৰ্ণনা কৰা হৈছে।
-
অপেচৰা সবাহৰ নাম
অপেচৰা সবাহৰ নাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা ভাগ। লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি। সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক। অপেচৰা সবাহৰ নাম আখ্যানমূলক গীতৰ অন্তৰ্গত। অপেচৰা সবাহ এবিধ লোক-বিশ্বাসৰ গইনা লৈ সৃষ্টি হোৱা অনুষ্ঠান।
-
ধাইনাম
ধাইনাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা ভাগ। শিশুৰ সংগীতপ্ৰিয়তা আৰু সংগীতৰ স্বাভাৱিক মাধুৰ্যকে ধাইনামৰ প্ৰাণ বুলি কোৱা হয়। শিশুৰ আমনি ভাঙি টোপনিৰ বাণ মাৰিবলৈ প্ৰয়াস কৰোঁতেই ধাইনামৰ জন্ম। ধাইনাম বা মাকে শিশুক নিচুকাবলৈ এই গীত ব্যৱহাৰ কৰাৰ বাবে এই গীতসমূহক ধাইনাম বা নিচুকনি গীত বোলে।
-
নাও খেলৰ গীত
নাও খেলৰ গীত হৈছে বিবিধ বিষয়ক লোকগীতৰ অন্তৰ্গত। একেৰাহে নাও বাই গৈ থকা নাৱৰীয়াৰ মনটো আমনিয়ে হেঁচি ধৰে আৰু সেই আমনি পাহৰিবলৈ গীতৰ বকলা মেলে। এইদৰে নাওখেলৰ গীত প্ৰয়োগ হোৱাৰ পৰা পিছলৈ ই নাও খেলৰ গীত নামেৰে জনাজাত হয়। কিন্তু ইয়াক নাৱৰীয়াৰ গীত বুলি ক'লেহে আটাইখিনি গীত সামৰি লয়।
-
নৈদানিক মালিতা
নৈদানিক মালিতা হ'ল জগৎসৃষ্টি, বিভিন্ন বস্তুৰ উৎপত্তি, প্ৰাকৃতিক ব্যাপাৰৰ ব্যাখ্যা, পৰ্বত-পাহাৰ আদিৰ জন্ম, গছ-বৃক্ষ, লতা-লতিকা আদিৰ উৎপত্তিৰ বৰ্ণনা থকা গীত। পুৰাণগত মালিতাৰ সৈতে এই গীতবোৰৰ বিষয়-বস্তু, সংযুতি আৰু অনুষঙ্গৰ ক্ষেত্ৰত সাধাৰণ মিল দেখা যায়।
-
ৰসী গাহেন
ৰসী গাহেন ( Rochi Gaheen) হাজংসকলৰ জাতীয় কৃষ্টিৰ অন্যতম লোক-সংগীত। কৃষিকাৰ্যৰ জীৱন জীৱিকাৰ লগত এই গীত ওতপ্ৰোতভাবে জড়িত হৈ আছে। শক্তিৰ উপাসক হিচাপে শ্ৰমৰ উৎস হৈ যুগ যুগ ধৰি যিদৰে শ্ৰমজীৱিসকলৰ মাজত বিভিন্ন নৃত্য-গীতৰ প্ৰচলন হৈ চলি আহিছে, সেইদৰে হাজং জনগোষ্ঠীৰ মাজতো পৰম্পৰাগতভাবে ৰসী গাহেনৰ প্ৰচলন…